অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জিমনে মঠ

__NOTOC__ পবিত্ৰ পৰ্বতত অৱস্থিত এচাম্পচন মঠ (Святогірський Успенський Зимненський ставропігійний монастир) হৈছে ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ অন্তৰ্গত এক ষ্টেউৰোপেগিয়েল ইউক্ৰেনীয় অৰ্থডক্স গুহা মঠ। এই মঠটো জিমনে গাঁৱৰ ওচৰৰ লুহা নদীৰ ওপৰত মূৰ দাঙি থকা পবিত্ৰ পৰ্বতৰ শিখৰত অৱস্থিত।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৫৪৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

__NOTOC__ পবিত্ৰ পৰ্বতত অৱস্থিত এচাম্পচন মঠ (Святогірський Успенський Зимненський ставропігійний монастир) হৈছে ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ অন্তৰ্গত এক ষ্টেউৰোপেগিয়েল ইউক্ৰেনীয় অৰ্থডক্স গুহা মঠ। এই মঠটো জিমনে গাঁৱৰ ওচৰৰ লুহা নদীৰ ওপৰত মূৰ দাঙি থকা পবিত্ৰ পৰ্বতৰ শিখৰত অৱস্থিত। ই ইউক্ৰেইনৰ ভলিন অব্লাষ্টৰ ভল’ডিমীৰ চহৰৰ পৰা পাঁচ কিলোমিটাৰ দক্ষিণে অৱস্থিত।১

ইতিহাস

১৯৮৮ চনত মঠটোৰ অৱস্থা
১৯৮৮ চনত মঠটোৰ অৱস্থাছবি: Zimno2000 · CC BY 3.0
১৯৮৮ চনত এচাম্পচন চাৰ্চৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ
১৯৮৮ চনত এচাম্পচন চাৰ্চৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভছবি: Zimno2000 · CC BY-SA 4.0

এই মঠটোৰ উৎপত্তি সন্দৰ্ভত নিশ্চিতকৈ জনা নাযায়, কিন্তু এটা মঠ সম্পৰ্কীয় কিংবদন্তি অনুসৰি ইয়াৰ প্ৰতিষ্ঠা ভ্লাদিমিৰ দ্য গ্ৰেটৰ দ্বাৰা হৈছিল। কোৱা হয় যে তেওঁ তাত দুখন গীৰ্জা আৰু নিজৰ শীতকালীন ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল, যাৰ নামৰ পৰাই গাঁওখনৰ নামটো আহিছে। তদুপৰি এইবুলিও দাবী কৰা হয় যে একাদশ শতিকাত কিয়েভ পেচাৰস্ক লাভ্ৰাৰ প্ৰথমগৰাকী হেগুমেন (মঠাধিকাৰী) চাৰগ্ৰাডৰ পৰা কিয়েভলৈ যোৱাৰ পথত ইয়াতেই মৃত্যুবৰণ কৰিছিল।২

১৪৫৮ চনৰ নথিপত্ৰত এই মঠটোৰ প্ৰথম উল্লেখ পোৱা যায়।৩ ১৬৯৮ চনলৈকে ই গ্ৰীক অৰ্থডক্স গীৰ্জাৰ নিয়ন্ত্ৰণত আছিল, কিন্তু তাৰ পিছত ই কেথলিক গীৰ্জাৰ সৈতে একত্ৰিত হৈ ইউনিৱেট গীৰ্জাত যোগদান কৰে (ব্ৰেষ্টৰ মিলন)। ইয়াৰ কেইটামান দশকৰ ভিতৰতে মঠৰ ধৰ্মীয় সম্প্ৰদায়টোৰ অস্তিত্ব বিলুপ্ত হৈ পৰে।

পোলেণ্ডৰ তৃতীয় বিভাজনৰ কিছু সময়ৰ পিছত, ১৮৫৭ চনত ইয়াৰ কেথেড্ৰেলখন (প্ৰধান গীৰ্জা) ইউক্ৰেনীয় অৰ্থডক্স পেৰিছ গীৰ্জা হিচাপে পুনৰুজ্জীৱিত কৰা হয়। ১৮৯৩ চনত মঠটো ইউক্ৰেনীয় অৰ্থডক্স সন্ন্যাসিনী আশ্ৰম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হয়। ১৯৩৯ চনত ছোভিয়েট ইউনিয়নে আক্ৰমণ আৰু দখলদাৰীৰ জৰিয়তে ভলিনিয়া নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ পিছত এই সন্ন্যাসিনী সংঘটো ভংগ কৰি দিয়ে। জাৰ্মান দখলদাৰীৰ সময়ছোৱাত মঠখন পুনৰ সক্ৰিয় কৰা হৈছিল, কিন্তু ১৯৪৫ চনত এই অঞ্চলটো ছোভিয়েট ইউক্ৰেনৰ অংশ হৈ পৰাৰ পিছত ইয়াক কেৱল এখন পেৰিছ গীৰ্জালৈ ৰূপান্তৰ কৰা হয়। ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত, ১৯৯০ চনত ই পুনৰ মুকলি হয়। ১৯৯৬ চনত ইয়াক 'ষ্টৌৰোপেজিক' (বিশেষ স্বায়ত্ত্বশাসিত) মৰ্যাদা প্ৰদান কৰা হয়।

স্থাপত্য

মঠৰ প্ৰৱেশদ্বাৰ
মঠৰ প্ৰৱেশদ্বাৰছবি: Photograph courtesy of Petro Vlasenko (ua.vlasenko.net) · CC BY-SA 3.0
মঠৰ ভিতৰত
মঠৰ ভিতৰতছবি: Photograph courtesy of Petro Vlasenko (ua.vlasenko.net) · CC BY-SA 3.0

১৫ শতিকা আৰু ১৬ শতিকাত নিৰ্মিত সুৰক্ষামূলক প্ৰাচীৰ আৰু দুৰ্গ-স্তম্ভই এই মঠটোক এটা আয়তাকাৰ আৰ্হি প্ৰদান কৰিছে। ১৭ শতিকাত নিৰ্মিত একোখন বহল তোৰণ বা ধেনুভেৰীয়া গাঁথনিৰে প্ৰতিখন প্ৰাচীৰ ভেদ কৰা হৈছে। ১৮৯৮-৯৯ চনত দক্ষিণৰ প্ৰাচীৰত থকা এটা গোলাকাৰ দুৰ্গ-স্তম্ভক এটা ঘণ্টা-ঘৰলৈ ৰূপান্তৰিত কৰা হৈছিল। এই নব্য-মস্কোভাইট শৈলীৰ অট্টালিকাটো আন দুৰ্গ-স্তম্ভবোৰৰ বিচিত্ৰ বা পুৰাতন সৌন্দৰ্যৰ সৈতে একেবাৰে খাপ নাখায়।

ৰাজকুমাৰ ফিঅ’ডৰ চাৰ্টৰীস্কিয়ে আগবঢ়োৱা ধনেৰে চাৰিটা স্তম্ভযুক্ত এচাম্পচন কেথলিকন নিৰ্মাণ কৰা হৈছিল। তেওঁ দুটা সুন্দৰ ঘণ্টাও দান কৰিছিল, যাৰ এটা বৰ্তমান মঠৰ চৌহদত প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে। ১৪৯৫ চনত এই কেথলিকনটোৰ নিৰ্মাণ সম্পূৰ্ণ আৰু পবিত্ৰকৰণ কৰা হৈছিল, যি সময়ত এই অঞ্চলটোত গথিক স্থাপত্য শৈলীৰ প্ৰভাৱ এতিয়াও সৰ্বাধিক আছিল। ১৫৫০ চনত ইয়াক প্ৰথমবাৰৰ বাবে আধুনিক ৰূপ দিয়া হয় আৰু তেতিয়াৰ পৰাই সেই সময়ৰ প্ৰচলিত আদৰ্শৰ সৈতে সংগতি ৰাখি ইয়াক নবীকৰণ আৰু পুনৰ নিৰ্মাণ কৰা হৈ আহিছে। ১৭২৪ চনত ইউনিৱেটসকলে ইয়াৰ কাষৰ দুৰ্গ-স্তম্ভসমূহ ভাঙি পেলায় আৰু ইয়াৰ সন্মুখভাগক সেই সময়ৰ সমসাময়িক পোলিছ শৈলীত নতুন ৰূপ দিয়ে। ৰাছিয়ানসকলে এই অট্টালিকাটোক ৰাছিয়ান ৰিভাইভেল শৈলীত পুনৰ সজাই তুলিছিল, কিন্তু প্ৰথম বিশ্বযুদ্ধৰ সময়ত গীৰ্জাখন ক্ষতিগ্ৰস্ত হয়। ১৯৩০-ৰ দশকত পোলিছসকলে ইয়াক মেৰামতি কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইয়াৰ চালখন পুনৰ ধ্বংস হয়। পৰৱৰ্তী সময়ত ২০ শতিকাত ইয়াৰ পাঁচটা সোণালী গম্বুজ সংযোজন কৰা হয়।

এই সমগ্ৰ চৌহদটোৰ ভিতৰত আটাইতকৈ পুৰণি অট্টালিকাটো হৈছে ক্ষুদ্ৰাকৃতিৰ ত্ৰিনিটি গীৰ্জা (১৪৬৫–৭৫)। ই হৈছে ভলিনিয়াৰ কাঠৰ গীৰ্জাবোৰৰ পাথৰেৰে নিৰ্মিত এটা প্ৰতিলিপি। এই গীৰ্জাখন মঠৰ প্ৰাচীৰৰ বাহিৰত, প্ৰধান গীৰ্জাখনৰ দক্ষিণে থকা পাহাৰৰ ঢালত অৱস্থিত। ১৬ শতিকাৰ এটা ভোজনালয়ত সন্ত জুলিয়ানাৰ নামত উৎসৰ্গিত এখন গীৰ্জা আছে; এইখন দেশৰ ভিতৰতে আটাইতকৈ পুৰণি ভোজনালয় সংযুক্ত গীৰ্জা।

ত্ৰিনিটি গীৰ্জা আৰু প্ৰধান গীৰ্জাখনৰ মাজতে থকা পথটোৱেই হৈছে ইয়ালৈ অহা একেবাৰে প্ৰথম যুগৰ সন্ন্যাসীসকলে বাস কৰা গুহাসমূহৰ প্ৰৱেশদ্বাৰ। গুহাবোৰ মূলত মাজভাগত ইটোৱে সিটোৰ সৈতে সংলগ্ন হৈ থকা দুটা সমান্তৰাল কৰিডৰ বা দীঘলীয়া পথৰ দ্বাৰা গঠিত। এই গুহা-গীৰ্জাখন সন্ত বাৰ্লামৰ নামত পবিত্ৰকৰণ বা উৎসৰ্গা কৰা হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nikolsky A.V. Монастыри. Энциклопедический словарь. Moscow Patriarchate Publishers, 2000
  2. ↑ Zymne Monastery. Encyclopedia of Ukraine
  3. ↑ Lutsk Art Gallery

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ গীৰ্জাঘৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিমনে মঠ” প্ৰবন্ধৰ সংশোধন ৬৩০২২৭ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।