ইউক্ৰেইনৰ গীৰ্জাঘৰ
৩৭ প্ৰবন্ধ
-
পৱিত্ৰ ক্ৰছ উন্নীতকৰণ মঠ, পল্টাভা
পৱিত্ৰ ক্ৰছ উন্নীতকৰণ মহিলা মঠ (Holy Cross Exaltation Monastery, Poltava, Хрестовоздвиженський жіночий монастир) ইউক্ৰেইনৰ পল্টাভাত অৱস্থিত ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জাৰ এটা মহিলা মঠ। মঠটো পল্টাভা চহৰৰ চেৰভনী শ্লিয়াখ নামৰ অঞ্চলত থকা মঠ পাহাৰত অৱস্থিত।
-
পৱিত্ৰ সুৰক্ষা গীৰ্জা
পৱিত্ৰ সুৰক্ষা গীৰ্জা (ইংৰাজী: Holy Intercession Church; ইউক্ৰেইনীয়ান: Свято-Покровська церква) হ’ল এটা পাথৰেৰে নিৰ্মিত প্ৰতিৰক্ষামূলক দুৰ্গসদৃশ গীৰ্জা, যিটো দেৱীমাতৃৰ পৱিত্ৰ সুৰক্ষা উৎসৱৰ সন্মানত নিৰ্মাণ কৰা হৈছিল।
-
বাৰ্নাৰ্ডাইন মঠ, জবাৰাঝ
বাৰ্নাৰ্ডাইন মঠ ( Bernardine Monastery, Zbarazh) ইউক্ৰেইনীয় ৰোমান কেথলিক গীৰ্জামঠসমূহৰ এটা ঐতিহাসিক সমষ্টি। ই জবাৰাঝ, টাৰ্নোপিল অঞ্চল, ইউক্ৰেইনত অৱস্থিত। মঠটো ১৮শ শতিকাত নিৰ্মাণ কৰা হৈছিল। ই ইউক্ৰেইন ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।
-
বেৰেস্তোভেৰ ত্ৰাণকৰ্তা গীৰ্জা
বেৰেস্তোভেৰ ত্ৰাণকৰ্তা গীৰ্জা (Church of the Saviour at Berestove, Tserkva Spasa na Berestovi) ইউক্ৰেইনৰ কিইভ পেচাৰ্ছক লাভ্ৰাৰ ঠিক উত্তৰে বেৰেস্তোভে নামৰ অঞ্চলত অৱস্থিত এখন গীৰ্জা। গীৰ্জাখন লাভ্ৰাৰ দুৰ্গ প্ৰাচীৰৰ বাহিৰত অৱস্থিত।
-
বেৰ্ণাৰ্ডাইন মঠ
বেৰ্ণাৰ্ডাইন মঠ ( Bernardine Monastery, Husiatyn) ৰোমান কেথলিক গীৰ্জাৰ এটা মঠ-সমষ্টি। ই পশ্চিম ইউক্ৰেইনৰ টাৰ্নোপিল অঞ্চলৰ হুচিয়াতিনত অৱস্থিত। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।
-
ভিদুবীচি মঠ
ভিদুবীচি মঠ ( Vydubychi Monastery) ইউক্ৰেইনৰ ৰাজধানী কিয়েভত অৱস্থিত এটা ঐতিহাসিক মঠ। ছোভিয়েট যুগত এই মঠত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ প্ৰত্নতত্ত্ব প্ৰতিষ্ঠান আছিল।
-
মেৰী মেগডালিন গীৰ্জা
মেৰী মেগডালিন গীৰ্জা (ইউক্ৰেইনীয়ান: Церква Марії Магдалини; ৰাছিয়ান: Церковь Марии Магдалины) আছিল ইউক্ৰেইনৰ মাৰিউপল চহৰত অৱস্থিত এটা ঐতিহাসিক অৰ্থডক্স ধৰ্ম অৰ্থডক্স ধৰ্মীয় উপাসনাগৃহ। চহৰখনৰ ইতিহাসত একে নামৰ দুটা গীৰ্জাৰ অস্তিত্ব পোৱা যায়।