অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পিয়াটনিটস্কা গীৰ্জা, চেৰ্নিহিভ

পিয়াটনিটস্কা গীৰ্জা (Piatnytska Church), যাৰ আন এটা নাম চেইণ্ট পাৰাস্কেভা গীৰ্জা (ইউক্ৰেইনীয়ান:‌ П'ятницька (святої Параскеви) церква), হ’ল ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এটা কাৰ্যক্ষম গীৰ্জা। গীৰ্জাটো পাৰাস্কেভা ইকোনিয়ানৰ নামত উৎসৰ্গিত।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পিয়াটনিটস্কা গীৰ্জা (Piatnytska Church), যাৰ আন এটা নাম চেইণ্ট পাৰাস্কেভা গীৰ্জা (ইউক্ৰেইনীয়ান:‌ П'ятницька (святої Параскеви) церква), হ’ল ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এটা কাৰ্যক্ষম গীৰ্জা।১ গীৰ্জাটো পাৰাস্কেভা ইকোনিয়ানৰ নামত উৎসৰ্গিত। পাৰাস্কেভাক ব্যৱসায়-বাণিজ্য আৰু বণিকসকলৰ অধিষ্ঠাত্ৰী হিচাপে গণ্য কৰা হৈছিল। গীৰ্জাটো চেৰ্নিহিভৰ বজাৰ এলেকা বা টৰ্গৰ ওচৰত অৱস্থিত আছিল আৰু সম্ভৱতঃ বণিকসকলৰ অৰ্থসাহায্যত নিৰ্মাণ কৰা হৈছিল।২

ইতিহাস

১২শ শতিকাৰ শেষভাগ আৰু ১৩শ শতিকাৰ আৰম্ভণিত চেৰ্নিহিভৰ এক ৰাজহুৱা বজাৰ এলেকাত পিয়াটনিটস্কা গীৰ্জাটো নিৰ্মাণ কৰা হৈছিল। এইখন চাৰিটা স্তম্ভ আৰু এটা গম্বুজযুক্ত এক বৰ্গাকৃতিৰ গীৰ্জা। গীৰ্জাটোৰ স্থপতি হিচাপে পেট্ৰ' মিলোনিহৰ নাম উল্লেখ কৰা হয়।

মুখভাগৰ নিখুঁত সজ্জা, বিভিন্ন স্থাপত্য অলংকাৰৰ ব্যৱহাৰ আৰু ড্ৰাম বা বৃত্তাকাৰ ভেটিৰ তলৰ খিলানসমূহৰ বিশেষ গাঁথনিৰ বাবে ই চেৰ্নিহিভৰ অন্যান্য গীৰ্জাসমূহৰ পৰা পৃথক আছিল।

১৬৭০ চনত চেৰ্নিহিভৰ কৰ্ণেল ভি. দুনিন-বৰ্কোভস্কিৰ অৰ্থসাহায্যত গীৰ্জাটোৰ নতুন ছাদ নিৰ্মাণ কৰা হৈছিল।৩ ১৬৭৬ আৰু ১৬৯০ৰ দশকত তেওঁৰ অৰ্থসাহায্যতে গীৰ্জাটোৰ সম্পূৰ্ণ পুনৰুদ্ধাৰ আৰু ইউক্ৰেইনীয়ান বাৰোক শৈলীত পুনৰ নিৰ্মাণ কৰা হৈছিল। এই কামসমূহ সম্ভৱতঃ স্থপতি ইভান জাৰুদনিৰ তত্ত্বাৱধানত সম্পন্ন হৈছিল।৩

পুনৰুদ্ধাৰৰ পিছত গীৰ্জাটোৱে সাতটা গম্বুজযুক্ত গীৰ্জাৰ ৰূপ লাভ কৰিছিল আৰু ইয়াত বাৰোক শৈলীৰ ফ্ৰণ্টন সংযোজন কৰা হৈছিল। পূব ফ্ৰণ্টনত হেটমেন ইভান মাজেপাৰ প্ৰতীক থকা বুলি উল্লেখ কৰা হয়।

১৭শ-১৮শ শতিকাত এই গীৰ্জাৰ চৌহদত এটা সন্ন্যাসী গৃহ (nunnery) আছিল, যিটো ১৭৫০ চনত জুই লাগি ধ্বংস হয়।২ ১৭৫৫ চনত গীৰ্জাটো পুনৰ নিৰ্মাণ কৰা হয় আৰু ইয়াৰ সৈতে বাৰোক শৈলীৰ অতিৰিক্ত অংশ সংযোজন কৰা হয়। এই অংশসমূহৰ ওপৰত সৰু নাশপাতি-আকৃতিৰ গম্বুজ নিৰ্মাণ কৰা হৈছিল।৩

১৭৮৬ চনত কেথেৰিন দ্বিতীয়ৰ আদেশত হোৱা ধৰ্মনিৰপেক্ষীকৰণৰ সময়ত পিয়াটনিটস্কা নাৰী মঠটো বিলুপ্ত কৰা হয় আৰু মঠৰ কাঠৰ নিৰ্মাণসমূহ ভাঙি পেলোৱা হয়।

১৮২০ৰ দশকত ইয়াত এটা দুমহলীয়া ঘণ্টা ঘৰ (belfry) নিৰ্মাণ কৰা হৈছিল (স্থপতিবিদ এ. কাৰ্টাহেভস্কি), যিটো ১৯৬২ চনত ভাঙি পেলোৱা হয়। ঘণ্টা ঘৰত ছেইণ্ট প্ৰকোপিয়াছৰ নামত উৎসৰ্গিত এটা গীৰ্জাও আছিল।

১৯১৬ চনৰ তথ্য অনুসৰি, গীৰ্জাটোৰ পোগষ্টসহ ৬৩৩ বৰ্গ ছাজেন ভূমি আছিল। চৌহদত ধৰ্মীয় সেৱাকৰ্মীসকলৰ বাবে দুটা কাঠৰ ঘৰ আৰু ভাড়াত দিয়া ইটাৰ দোকান আছিল। গীৰ্জাৰ পুথিভঁৰালত প্ৰায় ২০০খন গ্ৰন্থ আছিল আৰু গীৰ্জাৰ সৈতে দুটা শিক্ষানুষ্ঠানো জড়িত আছিল।

১৭৫০ চনৰ অগ্নিকাণ্ড, বাৰোক যুগৰ পুনৰুদ্ধাৰ আৰু পিছৰ সংযোজনসমূহৰ ফলত বহুদিনলৈ গৱেষকসকলে গীৰ্জাটোক মূলতঃ ১৭শ-১৮শ শতিকাৰ ইউক্ৰেনীয় বাৰোক স্থাপত্যৰ নিদৰ্শন বুলি ধৰি লৈছিল। কিন্তু ইয়াৰ কেন্দ্ৰিক, স্তৰযুক্ত গাঁথনি আৰু অন্যান্য বৈশিষ্ট্যই প্ৰাচীন গাঁথনিৰ উপস্থিতিৰ সম্ভাৱনা উত্থাপন কৰিছিল।

ধ্বংস আৰু পুনৰুদ্ধাৰ

১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গীৰ্জাটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হৈছিল। বিশেষকৈ ২৫ ছেপ্টেম্বৰ ১৯৪৩ তাৰিখে হোৱা ঘটনাৰ পিছত গীৰ্জাটোৰ বৃহৎ অংশ ধ্বংস হয়। পিছত প্ৰকাশ পোৱা আলোকচিত্ৰ আৰু স্থানীয় ঐতিহাসিকসকলৰ তথ্য অনুসৰি, চহৰখনৰ অধিকাৰকালত গীৰ্জাটো অক্ষত আছিল আৰু ওচৰৰ এটা ভৱনৰ ওপৰত বোমা পৰাৰ ফলত হোৱা বিস্ফোৰণৰ তৰংগত গীৰ্জাটোৰ সংযোজিত অংশসমূহৰ অধিকাংশ ক্ষতিগ্ৰস্ত হৈছিল।

১৯৪৩ চনৰ ডিচেম্বৰ মাহত কিয়েভান ৰুছ স্থাপত্যৰ প্ৰখ্যাত ছোভিয়েট গৱেষক পিটাৰ বাৰানভস্কিয়ে চেৰ্নিহিভ ভ্ৰমণ কৰি ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰে। সেই সময়ত গীৰ্জাটোৰ কেৱল বেদী অংশ, দুটা পূব স্তম্ভ, উত্তৰ দেৱালৰ এটা অংশ আৰু গম্বুজৰ ড্ৰামৰ অৱশিষ্টাংশহে বাকী আছিল।

পিটাৰ বাৰানভস্কিৰ অনুসন্ধানত এক আচৰিত ফলাফল পোহৰলৈ আহে। এই গীৰ্জাটো পূৰ্বৰ কোনো জনাজাত প্ৰাচীন ৰুছ ভৱনৰ দৰে নাছিল। ই প্ৰমাণ কৰে যে এই কীৰ্তিচিহ্নটো ১২শ শতিকাৰ শেষৰ ফালে ৰুছ অঞ্চলত গঢ়ি উঠা এক নতুন স্থাপত্য শৈলীৰ নিদৰ্শন আছিল, যিটো সময় দ্য টেল অৱ ইগৰ্ছ কেম্পেইন মহাকাব্যৰ সৈতে জড়িত।৪

গীৰ্জাটো ভাঙি পেলোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও বাৰানভস্কিৰ গৱেষণাই ইয়াৰ প্ৰাচীন কিয়েভান ৰুছ স্থাপত্যগত গুৰুত্ব প্ৰমাণ কৰাত সেই পৰিকল্পনা বাতিল কৰা হয়।

১৯৪৩ৰ পৰা ১৯৫৫ চনলৈ পিটাৰ বাৰানভস্কিয়ে স্থপতিসকল ইউ. আছেয়েভ, ই. ইগ্নাটকিন আৰু এম. হল'ষ্টেংকোৰ সৈতে গীৰ্জাটো জোখ-মাপ আৰু গৱেষণা কৰে। ১৯৫৫ৰ পৰা ১৯৬২ চনলৈ মূল পুনৰুদ্ধাৰ কাৰ্য সম্পন্ন কৰা হয়। পি. ছাময়লোভা, এম. লাপা, পি. কুক্সা আৰু অন্যান্য কাৰিকৰসকলে পিটাৰ বাৰানভস্কিৰ নেতৃত্বত, এম. হল'ষ্টেংকোৰ অংশগ্ৰহণেৰে এই কাম সম্পন্ন কৰে।

ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা প্ৰাচীন দেৱালৰ অংশ আৰু ইটা ব্যৱহাৰ কৰি গীৰ্জাটোৰ হেৰোৱা অংশসমূহ পুনৰ নিৰ্মাণ কৰা হৈছিল। প্ৰাচীন প্লিন্থা ইটা সংগ্ৰহ কৰা হৈছিল আৰু মূল ইটাৰ অভাৱ পূৰণ কৰিবলৈ চেৰ্নিহিভৰ এটা ইটা কাৰখানাত প্ৰাচীন নমুনাৰ আধাৰত ছয় প্ৰকাৰৰ প্লিন্থা নিৰ্মাণৰ বাবে পৃথক উৎপাদন বিভাগ স্থাপন কৰা হৈছিল।

সুদীৰ্ঘ ১০ বছৰ ধৰি পিটাৰ বাৰানভস্কিয়ে অতি সাৱধানে এটা এটা ইটা জোৰা দি পিয়াটনিটস্কা গীৰ্জাটো পুনৰ নিৰ্মাণ কৰে। ফলস্বৰূপে, তেওঁ কিয়েভান ৰুছ স্থাপত্যৰ এই অন্যতম গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্নটোৰ মূল ৰূপটো নিখুঁতভাৱে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়।

১৯৬২ চনত গীৰ্জাৰ ১৮২০ চনৰ ঘণ্টা ঘৰটো ভাঙি পেলোৱা হয়। ১৯৭২ চনত অভ্যন্তৰীণ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত গীৰ্জাটো সংগ্ৰহালয় হিচাপে মুকলি কৰা হয়। ১৯৭২ৰ পৰা ১৯৮৯ চনলৈ ইয়াত পিয়াটনিটস্কা গীৰ্জা — ১২শ শতিকাৰ প্ৰাচীন ৰুছ স্থাপত্য আৰু শিল্পৰ কীৰ্তিচিহ্ন শীৰ্ষক প্ৰদৰ্শনী চলিছিল। ১৯৯১ চনৰ পৰা পিয়াটনিটস্কা গীৰ্জা পুনৰ কাৰ্যক্ষম গীৰ্জা হিচাপে ব্যৱহৃত হৈ আহিছে।

২০০০ৰ দশকৰ আৰম্ভণিতে গৱেষকসকলে গীৰ্জাৰ দেৱালত ইটাৰে নিৰ্মিত এটা ক্ৰছ আৱিষ্কাৰ কৰে, যিটো ১২শ শতিকাৰ শেষভাগ–১৩শ শতিকাৰ আৰম্ভণিৰ বুলি ধৰা হয়। পিছত ক্ৰছটো পৰিষ্কাৰ কৰি উন্মোচন কৰা হয়।২

স্থাপত্য

সুদীৰ্ঘ ১০ বছৰ ধৰি পিটাৰ বাৰানভস্কিয়ে অতি সাৱধানে এটা এটা ইটা জোৰা দি পিয়াটনিটস্কা গীৰ্জাটো পুনৰ নিৰ্মাণ কৰে। ফলস্বৰূপে, তেওঁ কিয়েভান ৰুছ স্থাপত্যৰ এই অন্যতম গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্নটোৰ মূল ৰূপটো নিখুঁতভাৱে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। চেৰ্নিহিভৰ চহৰৰ থিয়েটাৰৰ পিছফালে এক সুন্দৰ ৰাজহুৱা উদ্যানৰ মাজত এই মনোৰম গীৰ্জাটো থিয় হৈ আছে।

গীৰ্জাটো আকাৰত সৰু (পৰিকল্পিত জোখ ১৬ × ১১.৫ মিটাৰ), যাৰ ভিতৰত চাৰিটা অষ্টভুজাকৃতিৰ স্তম্ভ, তিনিটা এপচাইড আৰু এটা ওখ গম্বুজ আছে। ইয়াৰ মূল পৰিকল্পনা প্ৰায় বৰ্গাকৃতিৰ আৰু ই চাৰিটা স্তম্ভযুক্ত ক্ৰছ-গম্বুজযুক্ত গীৰ্জাৰ ৰূপৰ।

ইয়াৰ দেৱালসমূহ তিনি শাৰী খিলানেৰে খিয়কৈ ওপৰলৈ উঠি গৈছে, যাৰ ফলত ভৱনটোৰ গাঁথনি গতিশীল যেন লাগে। উলম্বতা প্ৰফাইলযুক্ত পিলাষ্টাৰ আৰু বিভিন্ন উচ্চতাত সমাপ্ত হোৱা কাৰ্নিছৰ দ্বাৰা অধিক স্পষ্ট কৰা হৈছে। দেৱালৰ গুলপীয়া ৰং, আলংকাৰিক খোপসমূহৰ বগা ৰং আৰু দুৱাৰমুখৰ ৰঙীন সজ্জাই ইয়াক এক আকৰ্ষণীয় ৰূপ প্ৰদান কৰিছে।

গীৰ্জাৰ স্থাপত্যত উলম্ব আৰু বক্ৰৰেখীয় উপাদানৰ সৈতে দ্বিতীয় মহলাৰ খিৰিকীৰ অনুভূমিক স্তৰ, বিভিন্ন আকাৰৰ আলংকাৰিক খোপ, মিয়াণ্ডাৰ ফ্ৰিজ আৰু এপচাইডত জালিকা-আকৃতিৰ অলংকাৰ দেখা যায়। এই বৈশিষ্ট্যসমূহে ইয়াৰ গাঁথনিত গতি আৰু সুষমতা সৃষ্টি কৰে।৪

গীৰ্জাৰ ভিতৰভাগ এটা টাৱাৰৰ দৰে দেখায় আৰু ভিতৰৰ মজিয়াখন হালধীয়া, সেউজীয়া আৰু মেৰুন ৰঙৰ জিলিকি থকা টাইলছেৰে সুশোভিত।৪ চেৰ্নিহিভৰ পিয়াটনিটস্কা গীৰ্জাক কেতিয়াবা স্থাপত্য শিল্পৰ ‘দ্য টেল অৱ ইগৰ্ছ কেম্পেইন’ বুলিও অভিহিত কৰা হয়।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ

২০২৩ চনৰ ১৯ আগষ্টত চেৰ্নিহিভৰ তাৰাছা শ্বেভচেংকো নাট্যগৃহত হোৱা ৰকেট আক্ৰমণৰ ফলত পিয়াটনিটস্কা গীৰ্জাটো ক্ষতিগ্ৰস্ত হয়।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ П'ятницька церква
  2. ↑ Високос Г. П'ятницька церква — творіння давньоруських архітекторів // Дитинець. — 5 листопада 2015. — № 21 (93). — С. 24
  3. ↑ Логвин Г. Н. Чернигов, Новгород-Северский, Глухов, Путивль. — М.: Искусство, 1980. — С. 62—63
  4. ↑ Асєєв Ю. С. Шедеври світової архітектури. — К.: Радянська школа, 1982. — С. 26–27
  5. ↑ (2023-08-19). У Чернігові ракетним ударом пошкоджена пам'ятка архітектури національного значення. Укрінফৰ্ম

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ গীৰ্জাঘৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়াটনিটস্কা গীৰ্জা, চেৰ্নিহিভ” প্ৰবন্ধৰ সংশোধন ৬২৯১৯৩ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।