ছেভেন ইয়াৰ্ছ ইন টিবেট: মাই লাইফ বিফ'ৰ, ডিউৰিং এণ্ড আফটাৰ (তিব্বতত সাত বছৰ: মোৰ পূৰ্বৰ, বৰ্তমান আৰু পৰবৰ্তী জীৱন, ১৯৫২: Sieben Jahre in Tibet. Mein Leben am Hofe des Dalai Lama, ১৯৫৪ চনত ইংৰাজীত) হৈছে অষ্ট্ৰিয়াৰ পৰ্বতাৰোহী হেইনৰিখ হাৰাৰে ৰচনা কৰা এখন আত্মজীৱনীমূলক গ্ৰন্থ। দ্বিতীয় বিশ্বযুদ্ধ আৰু সমাজতান্ত্ৰিক চীনা পিপ'লছ লিবাৰেচন আৰ্মিৰ আক্ৰমণ চলি থাকোঁতে ১৯৪৪ আৰু ১৯৫১ চনৰ ভিতৰত তেওঁৰ ব্যক্তিজীৱনৰ অভিজ্ঞতাৰ পোহৰত এই গ্ৰন্থখনি ৰচিত হয়।
কিতাপ খনত হাৰাৰ আৰু তেওঁৰ লগৰীয়া পিটাৰ আউফস্নেইটাৰ ভাৰতৰ ব্ৰিটিছসকলৰ নিৰ্যাটন শিবিৰৰ পৰা পলায়নৰ কাহিনী বৰ্ণনা কৰা হৈছে। হাৰাৰ আৰু পিটাৰ তাৰপৰা লাছালৈ যায়। ইয়াত তেওঁলোকে বেছ কিছু বছৰ থাকে; হাৰাৰে অতি কম সময়তে তিব্বতী সংস্কৃতিৰ সৈতে পৰিচিত হয় আৰু এই কথা তেওঁ কিতাপখনত তুলি ধৰিছে। হাৰাৰ লাহে সাহে চতুৰ্দশ দালাই লামাৰ শিক্ষক তথা বন্ধু হৈ পৰে। পৰবৰ্তী চীনা সৈন্যসকল ঘূৰি অহাৰ পূৰ্বেই তেওঁ ১৯৫০ চনৰ নৱেম্বৰ মাহত লাছা ত্যাগ কৰে। ছুম্বি উপত্যকাৰ ওচৰত কিছুদিন থকাৰ পিছত ১৯৫১ চনৰ মাৰ্চ মাহত তিব্বত ত্যাগ কৰি ভাৰতলৈ গুছি আহে। "ছেভেন ইয়াৰ্ছ ইন টিবেট" গ্ৰন্থখন ৫৩টা ভাষালৈ অনূদিত হয়, আৰু ১৯৫৪ চনত যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ ভিতৰত এখন। সেই বছৰ গ্ৰন্থখনৰ মুঠ ৩ নিযুত কপি বিক্ৰী হৈছিল।১
মুদ্ৰণ
ফ্লেমিংগ' মুদ্ৰণে প্ৰকাশ কৰা এই কিতাপখনত ১৪তম দালাই লামাই লেখকৰ কাৰ্য প্ৰশংসা কৰি কৈছে: "হাৰাৰ সদায়েই তিব্বতৰ বন্ধু আছিল। মোৰ বাবে তেওঁৰ সবাতোকৈ ডাঙৰ অৱদান ছেভেন ইয়াৰ্ছ ইন টিবেট, যি আমাৰ দেশৰ সৈতে হেজাৰ হেজাৰ মানুহক চিনাকি কৰি দিছে। "২
চলচ্চিত্ৰ
কিতাপখনৰ ওপৰত ভিত্তি কৰি দুখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। এখন হৈছে হান্স নিয়েটাৰৰ দ্বাৰা পৰিচালিত ৭৬ মিনিট দৈৰ্ঘ্যৰ এক প্ৰামাণ্যচিত্ৰ ছেভেন ইয়াৰ্ছ ইন টিবেট (১৯৫৬), যিখনত ধাৰণকৃত চিত্ৰৰ উপৰিও স্বয়ং হাৰাৰ কৰ্তৃক ধাৰণকৃত আৰু পৰিবৰ্ধিত চিত্ৰসমূহেও স্থান পাইছে। আনখন হৈছে জিন-জেকুইছ আনুয়াডৰ দ্বাৰী পৰুচালিত আৰু ব্ৰেড পিট আৰু ডেভিড থিউলিছ অভিনীত চলচ্চিত্ৰ ছেভেন ইয়াৰ্ছ ইন টিবেট (১৯৯৭)।
সমালোচনা
ৱাকাৰ্ছ ৱৰ্ল্ডৰ সাংবাদিক গেৰি উইলচনে হাৰাৰৰ আত্মজীৱনীক "তেওঁৰ অভিযানৰ কল্পনামিশ্ৰিত উপস্থাপনা" বুলি উল্লেখ কৰিছে। লুইছ এম. ছাইমনে কৈছে যে কিতাপখনত কেৱল মূল চৰিত্ৰৰ অন্ধকাৰ অতীতকেই তুলি ধৰিছে। লি জিয়ানহুৱাই কৈছে, "কিতাপখনৰ মাধ্যমত হাৰাৰে 'মানৱাধিকাৰৰ বিচাৰক' আখ্যা লাভ কৰিছে।
পেট্ৰিক ফ্ৰেঞ্চে ধাৰণা কৰে যে কিতাপখন ছদ্মনামত লিখা হৈছে, তেওঁৰ কিতাপখনৰ ইংৰাজী সংস্কৰণত বহু পৰিবৰ্তন আহিছে। সেই সময়ত এখন কিতাপৰ মাধ্যমত ৰাজনৈতিক অতীত তুলি ধৰা সঁচাকৈয়ে অচিন্ত্যনীয় আছিল।
সংগীত
ডেভিড বাউৱিয়ে এই নামেৰে এটি সংগীতো ৰচনা কৰে, যিটো তেওঁৰ আৰ্থলিং (১৯৯৭) এলবামত আছে।
বাহ্যিক সংযোগ
- (১৯৫৬). গ্ৰন্থ পৰ্যালোচনা: ছেভেন ইয়াৰ্ছ ইন টিবেট. দ্য অপেন ক্ৰিটিক
- পিয়েৰে দেছগ্ৰাউপেছৰ লগত হেইনৰিখ হাৰাৰৰ সাক্ষাৎকাৰ; ৩ এপ্ৰিল, ১৯৬৯, "ফাইভ কলামছ টু আ" টিভি অনুষ্ঠানত
তথ্যসূত্ৰ
- ↑ Martin, Douglas Martin. (January 10, 2006). Heinrich Harrer, 93, Explorer of Tibet, Dies. The New York Times
- ↑ Heinrich Harrer. (২০১০). Seven Years in Tibet. HarperCollins Publishers. ISBN 0007323387, 9780007323388
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেভেন ইয়াৰ্ছ ইন টিবেট” প্ৰবন্ধৰ সংশোধন ২৩৪৮৮৮ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।