অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চণ্ড আৰু মুণ্ড

হিন্দু ধৰ্মৰ গ্ৰন্থ দেৱী মাহাত্ম্যত'চণ্ড আৰু মুণ্ড শুম্ভ আৰু নিশুম্ভ অসুৰৰ সেৱা কৰা দুই অসুৰ (দানৱ)। এদিন দুয়ো পাৰ্বতীৰ সৌন্দৰ্যৰ ওপৰত চকু পৰাত দুয়ো আত্মহাৰা হৈ পৰিল। এই দেৱীৰ ৰূপৰ খবৰ তেওঁলোকে শুম্ভলৈ লৈ গৈছিল। শুম্ভই দেৱীক বিয়া কৰাবলৈ ইচ্ছা কৰিছিল।

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মৰ গ্ৰন্থ দেৱী মাহাত্ম্যত'চণ্ড আৰু মুণ্ড' শুম্ভ আৰু নিশুম্ভ অসুৰৰ সেৱা কৰা দুই অসুৰ (দানৱ)। এদিন দুয়ো পাৰ্বতীৰ সৌন্দৰ্যৰ ওপৰত চকু পৰাত দুয়ো আত্মহাৰা হৈ পৰিল। এই দেৱীৰ ৰূপৰ খবৰ তেওঁলোকে শুম্ভলৈ লৈ গৈছিল। শুম্ভই দেৱীক বিয়া কৰাবলৈ ইচ্ছা কৰিছিল। দেৱীৰ হাতত সেনাপতি ধুম্ৰলোচনৰ মৃত্যুৰ পিছত শুম্ভই চণ্ড আৰু মুণ্ডক তেওঁৰ লগত যুঁজিবলৈ পঠিয়াই দিলে, আৰু বলপূৰ্বক তেওঁক ধৰি ওচৰলৈ অনাৰ নিৰ্দেশ দিলে। চণ্ড আৰু মুণ্ড দেৱীৰ ওচৰলৈ যোৱাৰ পিছত তেওঁ ক্ৰোধিত হৈ পৰিল আৰু কালী দেৱীৰ কপালৰ পৰা জপিয়াই আহি সিহঁতক হত্যা কৰিলে।১ তাৰ পিছত যিহেতু কালীয়ে চণ্ড আৰু মুণ্ডক বধ কৰিছিল, সেয়েহে দেৱীয়ে কালীক "চামুণ্ডা" নাম দিছিল।২ ইয়াৰ পিছত শুম্ভ-নিশুম্ভই ৰক্তবীজক পঠিয়াইছিল যদিও কালী দেৱীয়ে তেওঁকো বধ কৰিছিল।৩৪

স্কণ্ড পুৰাণ পুৰাণৰ মতে চণ্ড আৰু মুণ্ডইয়ো সূৰ্যদেৱতাক পূজা কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Bhattacharji, Sukumari. (1995). Legends of Devi. Orient Blackswan. ISBN 978-81-250-0781-4
  2. ↑ Aijazuddin, FS. (2014). Devi-Yatras Here & There. Journal of the Pakistan Historical Society. পৃ. 113–115
  3. ↑ Vol. 17, 1860 of The Journal of the Royal Asiatic Society of Great Britain and Ireland on JSTOR. jstor.org
  4. ↑ Goswami, Meghali; Gupta, Ila; Jha, P. (2005). Sapta matrikas in Indian art and their significance in Indian sculpture and ethos: A critical study. Anistoriton
  5. ↑ wisdomlib.org. (2020-10-19). The Greatness of Caṇḍāditya Tīrtha (Chapter 91). wisdomlib.org

সম্পৰ্কিত শ্ৰেণী

অসুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চণ্ড আৰু মুণ্ড” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৫১ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।