অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম জাতীয় সন্মিলন

অসম জাতীয় সন্মিলন(Assam National Conference) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদৰ পৰা বিসম্বাদেৰে আতঁৰি যোৱা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ১৯৯৮ চনত এই দলটো গঠন হৈছিল।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৩ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

অসম জাতীয় সন্মিলন(Assam National Conference) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদৰ পৰা বিসম্বাদেৰে আতঁৰি যোৱা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ১৯৯৮ চনত এই দলটো গঠন হৈছিল।

২০০১ চনত অসম জাতীয় সন্মিলনৰ সাধাৰণ সম্পাদক হেমন্ত বৰ্মন আৰু আন বহু সদস্যই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

২০০১ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত অসম জাতীয় সন্মিলনে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোটৰ অংশ ৰূপে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী (এন চি পি)ৰ প্ৰতীকচিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম জাতীয় সন্মিলন” প্ৰবন্ধৰ সংশোধন ৩৫৬২৪৪ (৩০ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।