অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম গণ পৰিষদ (প্ৰগতিশীল)

অসম গণ পৰিষদ (প্ৰগতিশীল), চমুকৈ অগপ(প্ৰ), ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল আছিল। ২০০৫ চনত দল বিৰোধী কাৰ্যকলাপৰ বাবে অসম গণ পৰিষদৰ পৰা বহিস্কৃত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত এই দলটো গঠন হৈছিল।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৩ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

অসম গণ পৰিষদ (প্ৰগতিশীল), চমুকৈ অগপ(প্ৰ), ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল আছিল। ২০০৫ চনত দল বিৰোধী কাৰ্যকলাপৰ বাবে অসম গণ পৰিষদৰ পৰা বহিস্কৃত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত এই দলটো গঠন হৈছিল।

২০০৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে মাত্ৰ এখন হে আসন লাভ কৰিবলৈ সক্ষম হয় আৰু নিৰ্বাচিত প্ৰাৰ্থীজন আছিল প্ৰফুল্ল কুমাৰ মহন্ত নিজেই। ২০০৮ চনত দলটো পুনৰ অসম গণ পৰিষদৰ সৈতে চামিল হয়। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমলৈ হোৱা অবৈধ বাংলাদেশী বিতাড়নৰ বাবে চলা ছবছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল। ১৯৮৫ চনৰ ১৩-১৪ অক্টোবৰত গোলাঘাটত হোৱা এক জাতীয় সমাবেশত অসম গণ পৰিষদ নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ১৪ অক্টোবৰ তাৰিখে দলটো আনুস্থানিক ভাৱে জন্ম হৈছিল। দলটো গঠনৰ সময়ত বিভিন্ন জাতীয় সংগঠন- অসম সাহিত্য সভা, দুটা আঞ্চলিক দল - অসম জাতীয়তাবাদী দল আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদ, সদৌ অসম কৰ্মচাৰী পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম কেন্দ্ৰীয় আৰু অৰ্ধ-কেন্দ্ৰীয় কৰ্মচাৰী সংস্থা, অসম যুৱক সমাজ আদিৰ প্ৰতিনিধিয়ে ঠাই পাইছিল। ১

তথ্যসূত্ৰ

  1. ↑ Kant, Saxena. Review of Book on Nellie Massacre by Diganta Sharma. Scribd

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম গণ পৰিষদ (প্ৰগতিশীল)” প্ৰবন্ধৰ সংশোধন ৩৫৬১৫৫ (৩০ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।