অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জাতনাম

জাতনাম বিহুগীতৰ এটা প্ৰধান ভাগ। যেতিয়া কোনো এটা খৰা নাম (দুলড়ী ছন্দত থকা চাৰিশৰীয়া বিহুনাম ) জাত লগাই গোৱা হয়, তেতিয়াই সেই নাম ফাঁকিক জাতনাম বোলে। হুঁচৰি, মুকলি বিহু, গাভৰু বিহু, ৰাতিবিহু আদি সকলোতে জাত নামৰ বহুল প্ৰচলন আছে।

হালনাগাদ: ১৮ মে’ ২০২১ ৫১৮ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

জাতনাম বিহুগীতৰ এটা প্ৰধান ভাগ। যেতিয়া কোনো এটা খৰা নাম (দুলড়ী ছন্দত থকা চাৰিশৰীয়া বিহুনাম ) জাত লগাই গোৱা হয়, তেতিয়াই সেই নাম ফাঁকিক জাতনাম বোলে। হুঁচৰি, মুকলি বিহু, গাভৰু বিহু, ৰাতিবিহু আদি সকলোতে জাত নামৰ বহুল প্ৰচলন আছে।

পৰিচয়

খৰানাম বা খণ্ডচিঙা বিহুনামত পৰিবেশনৰ সুবিধাৰ বাবে জাত সমূহৰ সৃষ্টি হ'ল। জাত সমূহৰ ছন্দৰ মিল থাকে। অৱশ্যে ই কেইশাৰী বা কি ছন্দত হ'ব ইয়াৰ কোনো বাধ্যবাধকতা নাই। এটা- দুটা শব্দৰ জাতৰ পৰা ত্ৰিশ চল্লিশ শাৰীতকৈ অধিক দৈৰ্ঘ্যৰ জাতৰো সৃষ্টি হৈছে‌।১ উদাহৰণ - এটা শব্দৰ জাত - " অ' ", "ঐ " আদি এষৰীয়া জাত - “ৰৈ ৰৈ ৰতি ম‌ইনামতি ”, “মোৰ ধন ধনটি চেনাই ও”, “সোণটি হেৰা কলীয়া লতা” আদি দীঘলীয়া জাত - ক) “অ' তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া তগৰ ফুলে তেতিয়া পখিলা হৈ উৰিবৰ টাকুৰি হৈ ঘূৰি বৰ মন”

খ) “এ আইতা জিলমিল কৰে আইতা সৰগৰ তৰা আইতা সৰগৰ তৰা আইতা মুকুতা জ্বলে আইতা কেঁচা সোণ বৰষে গাত”২ আদি

জাতনাম কেনেদৰে গোৱা হয়

খৰানাম বা খণ্ডচিঙা নাম এফাঁকিৰ শাৰীসমূহৰ আগত, পাছত বা মাজত জাত সংযোগ কৰি দুই তালত জাতনাম সমূহ গোৱা হয়। উদাহৰণ-

আগত জাত লগাই গোৱা জাতনাম - ৰৈ ৰৈ ৰতি ম‌ইনামতি হাবিলৈ ম‌ই হৈছিলোঁ ৰৈ ৰৈ ৰতি ম‌ইনামতি কটাৰীখন নিনিলোঁ ৰৈ ৰৈ ৰতি ম‌ইনামতি লতাইনো বেৰি বেৰি ধৰে। ৰৈ ৰৈ ৰতি ম‌ইনামতি বিহুলৈ ম‌ই গৈছিলোঁ ৰৈ ৰৈ ৰতি ম‌ইনামতি হাঁচতিখন নিনিলোঁ ৰৈ ৰৈ ৰতি ম‌ইনামতি ডেকাইনো বেৰি বেৰি ধৰে।

মাজত জাত লগাই গোৱা জাতনাম - হালৰে বেছিবা দেহা ঐ কজলা দমৰা গোহালিৰ বেছিবা গাই চেনেহৰ সৰুভাইক দেহা ঐ নেবেছিবা পিলিঙা আঁতুৰত মাতোতা নাই।

পাছত জাত লগাই গোৱা জাতনাম - ধুমুৰ নো ধুমুৰ কৰি কেঁচা মৰম চেঁচা নৈ খুন্দা নো পিঠাগুড়ি কেঁচা মৰম চেঁচা নৈ জূটুলি ঐ নাহৰৰ খৰি হেই কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠা এঠা দৈ মিঠা মিঠা তিলৰ পিঠা অ' নাচনী, থৈছা জানো আমালৈ? এৰাওঁ নো এৰাওঁ বুলি কেঁচা মৰম চেঁচা নৈ এৰাব ও পৰা নাই কেঁচা মৰম চেঁচা নৈ পীৰিতি যে মৰমৰ জৰী হেই কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠা এঠা দৈ মিঠা মিঠা তিলৰ পিঠা অ' নাচনী, থৈছা জানো আমালৈ?১

জাতনামৰ বিষয়বস্তু

জাতনাম ‘জাত’ আৰু ‘নাম’ৰ সংমিশ্ৰণ, সেইহে জাতৰ লগত নামফাঁকিৰ অৰ্থ বা ভাবৰ মিল থাকিলেহে জাতনামষাৰ শুনিবলৈ শুৱলা হয়। অৰ্থাৎ জাতে বহন কৰা অৰ্থৰ লগত নামে বহন কৰা অৰ্থ‌ও ৰজিতা খোৱা হ'ব লাগে।১ হুঁচৰি, মুকলি বিহু, গাভৰু বিহু আদি সকলোতে জাতনামবোৰৰ বিষয়বস্তু বেলেগ বেলেগ হয়। হুঁচৰিত গোৱা জাতনামসমূহত ধেমেলীয়া বিষয়বস্তু দেখা যায়। প্ৰাকৃতিক আৰু সামাজিক বিষয় লৈ এইসমূহ গোৱা হয়। প্ৰেম- পীৰিতি, বিৰহ -বেদনামূলক জাতনাম ইয়াত গোৱা নহয়। যেনে - চ'ততে চকৰি অ' কণা মুচৰি বহাগত বগৰী অ' কণা মুচৰি জেঠতে আমনা ধানে কণা মুচৰি আমি মাৰোঁ হুঁচৰি ৰূপেনো কুৰি টকা দিয়ক পেৰা খুঁচৰি ঐ ৰূপেনো কুৰি টকা দিয়ক গৰু বিহুৰ দিনা অ' কণা মুচৰি বস্ত্ৰ দান কৰিবা অ' কণা মুচৰি তেহে পাবা বৈকুণ্ঠত স্থানে কণা মুচৰি আমি মাৰোঁ হুঁচৰি ৰূপেনো কুৰি টকা দিয়ক পেৰা খুঁচৰি ঐ ৰূপেনো কুৰি টকা দিয়ক। মুকলি বিহু, গাভৰু বিহু, ৰাতি বিহু আদিত গোৱা জাতনামসমূহ প্ৰধানকৈ প্ৰেম- প্ৰণয়মূলক। যেনে - আঠীয়া কলৰে অ' ৰঙা জবা পাতে নেকাটিবা অ’ ৰঙা জবা ছিটিকি পৰিব এঠা ৰঙা জবা পাহৰি নাযাবা জীয়াই থাকোঁ মানে খবৰ - খাতি ল'বা। লোককে দেখুৱাই অ' ৰঙা জবা কেটেৰাই মাতিবা অ’ ৰঙা জবা ভিতৰি নেৰিবা বেথা ৰঙা জবা পাহৰি নাযাবা জীয়াই থাকোঁ মানে খবৰ - খাতি ল'বা।১

তথ্যসূত্ৰ

  1. ↑ গগৈ, হেম. বিহুৰ ৰূপ আৰু ৰূপান্তৰ. ISBN 978-93-82726-18-0
  2. ↑ গগৈ,লীলা. বিহুগীত আৰু বনঘোষা. বনলতা

সম্পৰ্কিত শ্ৰেণী

বিহুঅসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতনাম” প্ৰবন্ধৰ সংশোধন ২৭৭৮২১ (১৮ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।