অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছংখং পূজা

ছংখং পূজা অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৃষিকাৰ্যৰ লগত জড়িত এক পূজা। ছংখং কাৰ্যই হাবি ভাঙি খেতিকৰা কাৰ্যক সূচায়। পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা পূজাক ছংখং পূজা কৰাতো বাধ্যতামূলক।

হালনাগাদ: ১৪ মে’ ২০২১ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

'ছংখং পূজা অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৃষিকাৰ্যৰ লগত জড়িত এক পূজা। ছংখং কাৰ্যই হাবি ভাঙি খেতিকৰা কাৰ্যক সূচায়। পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা পূজাক ছংখং পূজা কৰাতো বাধ্যতামূলক।

বিৱৰণ

ছংখং পূজা অনুষ্ঠিত হয় দুটি পৰ্বতত। প্ৰাৰম্ভিক পৰ্ব আৰু এটা মূল পৰ্ব। প্ৰাৰম্ভিক পৰ্বত তিৱা সমাজৰ বিষয়ববীয়াৰ নিৰ্দেশমতে ডেকাচাংৰ বিষয়াই ডেকাসকলৰ সৈতে পূজাৰস্থলী চাফচিকুণ কৰি নিৰ্মাণ কৰে। বিষয়ববীয়াসকলে পূজাৰ বেদী নিৰ্মাণ কৰি ১১০জোপা তৰাগছৰ পাত আৰু ৭ডাল বাঁহৰ লেকেচি পুতি দিয়ে। আৰাধ্য দেৱতা মহাদেৱৰ বেদীৰ ওচৰত মদ,চাউল,ৰূপৰ আঙঠি, কণী আদি ৰখা হয়। আঙঠিৰ ওপৰত থকা কণী ভাঙি খেতি বাতিৰ বাবে মংগল চায় আৰু ভৱিষ্যতবাণী কৰে। কুকুৰা চৰাই বলি দি মঙ্গল ছোৱাৰ নিয়ম। বিষয়ববীয়াই চৰাইৰ মাংস খৰিকাৰে খুঁচি দেৱতাৰ হকে মন্ত্ৰ মাতে। উপস্থিত ৰাইজে এই মাংসৰ সৈতে মদ খায়। পূজাৰ প্ৰাৰম্ভিক পৰ্বৰ প্ৰথম সপ্তাহৰ পিছত মূল পূজা অনুষ্ঠিত হয়। সমাজৰ মূল বিষয়ববীয়া আৰু ৰাইজ পূজাস্থলিত উপস্থিত হয়। বেদী১ত পূজাৰ বাবে প্ৰয়োজনীয় গাহৰি, চৰাই, লাওপানী, চাউল, তামোল-পাণ আদি উপকৰণসমূহ প্ৰস্তুত কৰা হয়। প্ৰয়োজন অনুসৰি দেৱতালৈ পূজাসামগ্ৰী আগবাঢ়োৱা হয়। সমাজৰ মূলজনে শস্যদেৱতাক মন্ত্ৰেৰে স্তুতি কৰে। পূজাত কুকুৰা চৰাই বলি দিয়া হয়। পূজা চলি থকা সময়তেই ৰাইজে লাওপানী খাই থাকে। পূজা সমাপ্তিৰ পিছত ৰাইজে দুটি ভাগত বিভক্ত হৈ ভোজ-ভাত খায়। ভোজ-ভাতৰ অন্তত ডেকাচাংৰ মুৰব্বীৰ অনুমতি মতে খ্ৰাম, থোৰাং লাংখন আদি নি পূজাস্থলীত বাদ্য বজায়। বাদ্যৰ চেৱে চেৱে মালবাৰী লৈ যুৱকসকলে নৃত্য কৰে। বেদীৰ চাৰিওফালে ঘূৰি ঘূৰি খেতি বাতি কৰা ভংগিমাৰে তিৱা ডেকাসকলে নৃত্য কৰে। এই নৃত্যই কৃষিকাৰ্যৰ আৰম্ভণিৰ শুভসময়ক সূচায়।

তথ্যসূত্ৰ

  1. ↑ ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. (২০১৪). অসমৰ সংস্কৃতি কোষ. জ্যোতি প্ৰকাশন. পৃ. পৃষ্ঠা-২৩০,২৩১. ISBN 978-93-81485-73-6

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছংখং পূজা” প্ৰবন্ধৰ সংশোধন ২৭৬৭২৮ (১৪ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।