অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Lakhimpur Medical College and Hospital) অসমৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২১ চনৰ ১ অক্টোবৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ অষ্টম চিকিৎসা মহাবিদ্যালয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Lakhimpur Medical College and Hospital) অসমৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১ ২০২১ চনৰ ১ অক্টোবৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল।২ এইখন অসমৰ অষ্টম চিকিৎসা মহাবিদ্যালয়।১ অসমৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। চিকিৎসা মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।৩ মহাবিদ্যালয়খনে ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।৪

অধ্যাপক (ড°) অনুপ কুমাৰ দাস চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম গৰাকী অধ্যক্ষ আৰু মুখ্য পৰিদৰ্শক।

অৱস্থান আৰু পৰিবহণ

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰৰ চাবতি অঞ্চলৰ চৌখাম গাঁৱত অৱস্থিত। ই লখিমপুৰ বাছ আস্থান আৰু লখিমপুৰ ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগত অৱস্থিত। লগতে নিকটৱৰ্তী লীলাবাৰী বিমানবন্দৰৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ About us. Lakhimpur Medical College
  2. ↑ Assam: Lakhimpur Medical College and Hospital starts functioning without security system. Northeast Now
  3. ↑ ASSAM: LAKHIMPUR MEDICAL COLLEGE GETS NMC APPROVAL. News Live
  4. ↑ Assam gets approval for eighth medical college in Lakhimpur. careers360

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসালয়অসমৰ চিকিৎসা মহাবিদ্যালয়লখিমপুৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ৫৪১১৮৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।