অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Nalbari Medical College and Hospital) অসমৰ নলবাৰী জিলাৰ নলবাৰীত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে।

হালনাগাদ: ৩ মে’ ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Nalbari Medical College and Hospital) অসমৰ নলবাৰী জিলাৰ নলবাৰীত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১ ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। নলবাৰী চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।২

ইতিহাস

নলবাৰী জিলাৰ দক্ষিণ গাঁৱত ১৩২ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনৰ ২০১৯ ত তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চাংসাৰিত নিৰ্মিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী লগতে আন তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।৩৪ এই তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত নলবাৰী চিকিৎসা মহাবিদ্যালয় অন্যতম। ডাঃ যোগেশ শৰ্মা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।

পাঠ্যক্ৰম

২০২৩-২৪ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।৫

অৱস্থান

নলবাৰী চিকিৎসা মহাবিদ্যালয় অসমৰ নলবাৰী জিলাৰ নলবাৰী চহৰৰ দক্ষিণগাঁৱত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী নলবাৰী ৰেল ষ্টেচনৰ পৰা ই ১২ কিঃমিঃ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৬৯ কিঃমিঃ নিলগত অৱস্থিত। নলবাৰী চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।

তথ্যসূত্ৰ

  1. ↑ Nalbari Medical College. Nalbari Medical College
  2. ↑ Academic activities at Nagaon, Nalbari, Kokrajhar medical colleges from October. India Today
  3. ↑ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী. নিয়মীয়া বাৰ্তা
  4. ↑ PM Modi Dedicates Northeast's 1st AIIMS, 3 New Medical Colleges In Assam. NDTV
  5. ↑ NMC Approves 100 MBBS Seats for Nalbari Medical College. Pratidin Times

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসা মহাবিদ্যালয়অসমৰ চিকিৎসালয়নলবাৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ৬০৪২১২ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।