অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়

ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় অসমৰ পূব কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০১৯ চনৰ ২৫ নৱেম্বৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়।

হালনাগাদ: ২৬ মে’ ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় অসমৰ কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১২৩ ২০১৯ চনৰ ২৫ নৱেম্বৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়। অসমৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। ডিফু চিকিৎসা মহাবিদ্যালয় ভাৰতীয় চিকিৎসা পৰিষদৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ সুমিত্ৰা হাগজেৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম গৰাকী অধ্যক্ষ আৰু মুখ্য পৰিদৰ্শক।

ইতিহাস

২০১১ চনৰ ১৯ জানুৱাৰী তাৰিখে অসমৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল।১৪ আৰম্ভণিতে ইয়াৰ নাম অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান ৰখা হৈছিল যদিও পিছলৈ চৰকাৰী ভাবে ডিফু চিকিৎসা মহাবিদ্যালয় কৰা হল। ২০১৭ চনত অসম চৰকাৰে ইয়াৰ আন্তঃগাঁথনিৰ বাবে পূৰ্বে অনুমোদিত ১৫৬.৫৫ কোটি টকাৰ পৰা ২০৯ কোটিলৈ বৃদ্ধি কৰে।২৩৫৬ মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ২০১২ চনতেই আৰম্ভ হৈছিল যদিও তিনিবাৰ সলনি কৰাৰ পিছত ২০১৮ চনৰ ২৮ এপ্ৰিলত মূল স্থাপত্য প্ৰকল্প গ্ৰহণ কৰা হয়।৭

ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাক্সাৰ নামৰ কোম্পানী ইয়াৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত আছিল।৮ ২০১৯ চনৰ ২৫ নৱেম্বৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।

অৱস্থান আৰু পৰিবহণ

ডিফু চিকিৎসা মহাবিদ্যালয় অসমৰ কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত অৱস্থিত। ই ডিফু বাছ আস্থান আৰু ডিফু ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ২ কিঃমিঃ নিলগত অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ (2011-01-20). Foundation of Diphu Medical College laid. Karbi Information Network
  2. ↑ Medical, engg seats in state increase - Times of India. The Times of India
  3. ↑ Enhancement Of The Existing Work Order Of Rs. 156.55 Crores To 209 Crores For The Construction Of Diphu Medical College;,Diphu Guwahati. @businessline
  4. ↑ Website of FAAMCH.. faamcassam.co.in
  5. ↑ Status of Centrally Sponsored Scheme · Directorate of Medical Education · Government Of Assam, India. dme.assam.gov.in
  6. ↑ (2017-04-19). BRIEF-Brahmaputra Infrastructure says order enhancement for... Reuters
  7. ↑ Express, Drongo. Health Minister Piyush Hazarika conduct inspection on the ongoing Hills Medical College at Diphu · The Drongo Express
  8. ↑ Brahmaputra Infrastructure’s JV bags order worth Rs 98.41 crore - Brahmaputra Infrastructure Ltd. Latest News. www.moneyworks4me.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসালয়অসমৰ চিকিৎসা মহাবিদ্যালয়কাৰ্বি আংলং জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ৬০৮৮১০ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।