অসমৰ খাদ্য
৪৪ প্ৰবন্ধ
-
অসমৰ শাক-পাচলিৰ তালিকা
{| ! অসমীয়া নাম !! ইংৰাজী নাম !! বৈজ্ঞানিক নাম !! ছবি |- | পালেং || Spinach || Spinacia oleracea || |- | বৰ-মানিমুনি || Asiatic pennywort || Centella asiatica || |- | সৰু-মানিমুনি || || Hydrocotyle rotundifolia || |- | পদিনা || Mint || Mentha arvensis || |- | কলমৌ || Water spinach || Ipomoea…
-
আপো
আপো, আপোং বা পোকা হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমত বিস্তৃত তানি জনগোষ্ঠীৰ মাজত প্ৰচলিত নিচাযুক্ত পানীয়। এই পানীয় চাউল গলন কৰি প্ৰস্তুত কৰা হয়। ইয়াক বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন নামেৰে নামকৰণ কৰে। অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় উৎসৱ যেনে ন্যোকুম আদিত আপো ব্যৱহাৰ কৰা হয়।
-
চুঙা পিঠা
চুঙা পিঠা কেঁচা পিঠাগুড়ি আৰু গুড় মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। দক্ষিণ এছিয়াৰ অসম আৰু বাংলাদেশৰ ছিলেট অঞ্চল এই পিঠাৰ উৎপত্তিস্থল। চুঙা পিঠা কৰিবলৈ জাতি বা মকাল বাঁহ এফালে গাঁঠি ৰাখি কটা হয়।
-
ডখৰা খাৰ
একাধিক মুছলমান ঐতিহাসিকৰ উপৰিও বিদেশী পৰ্যটক বৰ্ণিয়াৰ চাহাবে অসমীয়া মানুহে খাৰ খোৱাৰ কথা উল্লেখ কৰাটোেৱে অসমত খাৰৰ প্ৰাচীনতাৰ কথা সূচায়। খাৰ দুবিধ - কলাখাৰ আৰু উখৰা (উত্তৰ কামৰূপ, বৰপেটা আদি জিলাত ডখলা আৰু মধ্য অসমত সৎখাৰৰূপে জনাজাত) খাৰ।
-
নামচিং
নামচিং হ'ল মিচিংসকলৰ মাজত প্ৰচলিত এবিধ সুস্বাদু খাদ্য। বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা এই খাদ্য উপকৰণটি মিচিং অধ্যুষিত অঞ্চলত বহুলভাৱে পোৱা যায়। অনামিচিংসকলৰ মাজতো এনেধৰণৰ খাদ্য প্ৰচলিত যদিও বাকীসকল জনগোষ্ঠীৰ লোকে ইয়াক শুকতি বা চুঙাত থোৱা ছাটনি বুলিহে কয়।
-
পিতাং অয়িং
পিতাং অয়িং হৈছে অসমৰ মিচিংসকলৰ পৰম্পৰাগত এবিধ আমিষ ব্যঞ্জন। থলুৱা কুকুৰাৰ মাংস পিঠাগুড়িৰ সৈতে ৰান্ধি পিতাং অয়িং প্ৰস্তুত কৰা হয়। আক্ষৰিক অৰ্থত 'পিতাং' মানে হৈছে চাউলৰ গুড়ি আৰু 'অয়িং' শব্দই আঞ্জাক বুজায়। যুটীয়াকৈ 'পিতাং অয়িং' মানে হৈছে পিঠাগুড়িৰ সৈতে ৰন্ধা কুকুৰাৰ মাংস।
-
মাছৰ টেঙা
মাছৰ টেঙা (Maasor tenga; Sour fish curry) অসমীয়া লোকসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা টেঙা উপকৰণেৰে ৰন্ধা মাছৰ একপ্ৰকাৰৰ ব্যঞ্জন। মাছৰ সৈতে বিভিন্ন টেঙাজাতীয় ফল আৰু পাচলি মিহলাই মাছৰ টেঙা ব্যঞ্জন প্ৰস্তুত কৰা হয়। সাধাৰণতে গৰমৰ দিনত মাছৰ টেঙা জোল খোৱাৰ ৰীতি প্ৰচলিত।
-
মোমো
মোমো বা মম (Momo) পূব আৰু দক্ষিণ এছিয়াত প্ৰচলিত ময়দা বা তেনেজাতীয় আটাৰ পৰা প্ৰস্তুত কৰা আৰু ভিতৰত মাংস, পাচলি বা পানীৰ আদি সুমুৱাই প্ৰস্তুত কৰা একপ্ৰকাৰৰ খাদ্য।
-
লুক লাও
লুক লাও বা ৰহি হল লাওৰ এটা ডাঠ ৰূপ। ই আহোম ভাষাৰ পৰা আহিছে আৰু ইয়াক সাধাৰণতে আহোমসকলে ব্যৱহাৰ কৰে।
-
সিদল ভৰ্তা
সিদল ভৰ্তা হ'ল বাংলাদেশৰ উত্তৰাঞ্চলৰ গাইবান্ধা, ৰংপুৰ, কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী, দিনাজপুৰ, ঠাকুৰগাঁও আৰু পঞ্চগড় জিলাত প্ৰচলিত এটা জনপ্ৰিয় মুখৰোচক খাদ্য। ই ভাৰতৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰো প্ৰিয় খাদ্য।
-
চুলাই
চুলাই (Sulai) উত্তৰ-পূব ভাৰতীয় ৰাজ্য অসমত তৈয়াৰ কৰা এবিধ বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়। ইয়াক ৰেক্তিফাইড স্পিৰিট বা সংশোধিত স্পিৰিট বুলিও কোৱা হয়। ৰাসায়নিক ভাবে ই হৈছে ইথানল আৰু ইয়াৰ ৰাসায়নিক সংকেত। চুলাইক উত্তৰ ভাৰতত থাৰা, নেপালত হাণ্ডিয়া বা ফেনী বুলি কোৱা হয়।
-
তাল পিঠা
তাল পিঠা হৈছে এবিধ পিঠা বিশেষ। পিঠাগুৰি, গুৰ বা চেনি আৰু তালৰ ৰস ব্যৱহাৰ কৰি এই পিঠা বনোৱা হয়। এই পিঠা সুগন্ধি আৰু স্বাস্থ্যসন্মত। অসমৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য সমূহত তালপিঠা বিভিন্ন কৌশল প্ৰয়োগেৰে বনোৱা হয়। তালপিঠা, ভাপত দি বা তেলত ভাঁজি তৈয়াৰ কৰিব পাৰি।
-
তিল পিঠা
তিল পিঠা বা খোলাচপৰীয়া পিঠা হৈছে অসমীয়া লোকসকলে বিহু বা অন্যান্য অনুষ্ঠানত খাবৰ বাবে তৈয়াৰ কৰা এক পিঠা বিশেষ। এই পিঠাৰ বৰণ বগা, ভিতৰত তিল, গুৰ, নাৰিকলৰ প্ৰলেপ এটা থাকে। ইয়াৰ আকৃতি চুঙা বা অৰ্ধচন্দ্ৰৰ দৰে। শুকান পিঠাগুৰিৰে তৈয়াৰ কৰা ই এক তেল বিহীন খাদ্য।
-
লাও পানী
লাওপানী বা নাম লাও (𑜃𑜪 𑜎𑜰𑜫;English: Nam Lao / Hajpani) হ'ল লাওৰ এটা পনীয়া ৰূপ। ই আহোম ভাষাৰ শব্দ। ইয়াক আহোম জনগোষ্ঠীৰ দ্বাৰা প্ৰস্তুত কৰা হয়।