পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। অসমৰ বাদেও আন আন চাউল প্ৰধান খাদ্যাভ্যাসত এনে খাদ্যৰ উপস্থিতি দেখা যায়। খাদ্যৰ বিভিন্ন ভাগ সমূহ যেনে- সাত্বিক, ৰাজসিক আৰু তাম্ৰসিকৰ ভিতৰত পঁইতা ভাত তাম্ৰসিক খাদ্যৰ অন্তৰ্ভুক্ত।১ মোগলৰ শাসনকালত সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠানৰ সদস্যসকলে আয়োজন কৰা মুকলি অনুষ্ঠানৰ অভ্যাগত দৰ্শক শ্ৰোতাবৃন্দক ঐতিহ্যবাহী পইতাভাত খুৱাইছিল(বা ভোজন কৰিছিল)।২ পঁইতা ভাতৰ পানী খিনিক পোতনি বুলি কোৱা হয়।৩
অন্যান্য নাম

পঁইতা ভাতক নামনি অসমত ‘পন্তা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিমবংগত ‘পান্তা’ ভাত, তামিলনাডুত পৰইয় চৰু, কেৰেলাত পৰম কঞ্জি, ছত্তীছগড়ত পখাল ভাত আৰু ওড়িশাত পখাল (পখালঅ) বুলি কয়। এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘চুইট ডেজাৰ্ট’ হিচাপেও ব্যৱহাৰ কৰা হয়। দাক্ষিণাত্যৰ ৰাজ্যসমূহত টেঙা ভাতৰ লগত দৈ আৰু চেনি মিহলাই একপ্ৰকাৰৰ খাদ্য দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবিধ খাদ্য তেওঁলোকৰ মাজত যথেষ্ট জনপ্ৰিয়। চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়।৪
প্ৰস্তুত প্ৰণালী
উখুৱা চাউল বা আন সাধাৰণ চাউলৰ ভাতক প্ৰায় ১২ ঘণ্টালৈ পানীত তিয়াই ৰাখি অৰ্থাৎ ফাৰ্মেণ্টেড কৰি ৰাখি থৈ এই ভাত প্ৰস্তুত কৰা হয়।৫জুতিৰ বাবে ইয়াৰ লগত নিমখ, সৰিয়হ তেল আদি মিহলাই, আলু পিটিকা, বেহুৱা, দাইল বটা, জলকীয়া ইত্যাদিৰ সৈতে খোৱা হয়। পঁইতা ভাত বনাওতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পঁইতা কৰিবলৈ ১২ ঘণ্টাতকৈ অধিক সময় পানীত তিয়াই থব নালাগে, অধিক সময় পানীত তিয়াই ৰখা ভাত অপকাৰী হৈ পৰে।
উপকাৰিতা

অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্য মতে-৬
- ভাতক পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তদুপৰি লেক্টিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয়।
- পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰ পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।
- পঁইতা ভাত ছাল গঠনৰ প্ৰাথমিক প্ৰোটিন কোলাজন তৈয়াৰ কৰাত সহায়ক। কোলাজনে ছালৰ সংকোচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে। পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে।
- ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
- পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেণ্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।
তথ্যসূত্ৰ
- ↑ শইকীয়া, ডা:মনোজ কুমাৰ. পইতা পালমৰা নহয় বৰং পুষ্টিকৰ।. বিকাশপেডিয়া।
- ↑ Rabbani, Golam. (1997). From Mughal Output to Metropolis. University Presslimited. পৃ. 168
- ↑ [http://www.xobdo.org/dic/%E0%A6%AA%E0%A7%8B%E0%A6%A4%E0%A6%A8%E0%A6%BF।]. Xobdo.org
- ↑ হুজুৰী, মুনিন. ৰ্পঁইতা ভাতৰ উপকাৰিতা।. বিকাশপেডিয়া
- ↑ Rakshit, Jitendra Nath. (1916). Rice, as Prepared for Food in Bengal. Government of India, Central Publication Branch for the Imperial Council of Agricultural Research. পৃ. 189
- ↑ শইকীয়া, ডা:মনোজ কুমাৰ. পইতা পালমৰা নহয় বৰং পুষ্টিকৰ।. বিকাশপেডিয়া।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঁইতা ভাত” প্ৰবন্ধৰ সংশোধন ৪০৯৯৬৭ (৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।