অসমৰ উৎসৱসমূহ
৯৪ প্ৰবন্ধ
-
টেস্কেট্ৰা
TechXetra হৈছে ভাৰতৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাৰ্ষিক প্ৰযুক্তি-সাংস্কৃতিক উৎসৱ। TechXetra দুটা শব্দৰ সংমিশ্ৰণ- Tech আৰু Xetra। ‘টেক’ মানে টেকন’লজি আৰু ‘জেট্ৰা’ অৰ্থাৎ ভূখণ্ড। জ্ঞান আৰু বুদ্ধিমত্তা প্ৰদৰ্শনৰ বাবে উত্তৰ-পূব ভাৰতৰ অন্যতম সাধাৰণ মঞ্চ আছিল।
-
দেহাল পূজা
দেহাল পূজা বা দেওশাল পূজা কাৰ্বিসকলে পালন কৰা এটি লোক উৎসৱ। গাঁৱৰ উন্নতিৰ বাবে গাঁওবাসীয়ে এই পূজা আয়োজন কৰি দেৱ-দেৱীসকলক প্ৰাৰ্থনা কৰে।
-
দৈজিং উৎসৱ
দৈজিং উৎসৱ (Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত এক বাৰ্ষিক নদী উৎসৱ। উৎসৱটো প্ৰতিবছৰে ১২ দিন ধৰি (২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে) উদ্যাপন কৰা হয়।
-
দোল পূৰ্ণিমা
দোল পূৰ্ণিমা, জনপ্ৰিয়ভাৱে দোল যাত্ৰা, দৌল উৎসৱ বা দেউল বুলিও জনা যায়, ব্ৰজ অঞ্চল, ৰাজস্থান, গুজৰাট, ওড়িশা, অসম, ত্ৰিপুৰা আৰু বংগ অঞ্চলৰ হোলী উৎসৱৰ সময়ত পালন কৰা হিন্দু দোল উৎসৱ।
-
দৰ পূজা
দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰসকলে দৰ-পূজা নকৰে।
-
পয়লেং
পয়-লেং (ইংৰাজী: Poi-Leng) অসম তথা উত্তৰ-পূব ভাৰতৰ শ্বান-টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ এটি পৱিত্ৰ উৎসৱ। টাই বৌদ্ধসকলে পালন কৰা পয়লেংক ৰথ মহোৎসৱ বুলিও জনা যায়। টাই ভাষাত পয় মানে উৎসৱ আৰু লেং মানে ৰথ।
-
পাবুনি
প্ৰকৃতিৰ সুন্দৰতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম - মানুহ। এই প্ৰকৃতিৰ সন্তান বাবেই প্ৰকৃতি-মানুহৰ এক সুদৃঢ় বান্ধোন আপোনা-আপুনি গঢ় লৈ উঠে। সেয়ে হয়তো প্ৰকৃতিৰ ভয়াবহ ৰূপ দেখা স্বত্বেও মানুহে প্ৰকৃতিক বেয়া পাব নোৱাৰে যিদৰে মানুহ নিৰ্মমতা দেখিও প্ৰকৃতিয়ে চিঞৰি চিঞৰি কান্দিব নোৱাৰে।
-
ফাৰকান্তি
ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ মাজতহে এই ফাৰকান্তি উৎসৱৰ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই-বিনাই কান্দি একধৰণৰ শোকগীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰকান্তি গীত বোলা হয়।
-
ফেলকন উৎসৱ
ফেলকন উৎসৱ (Falcon Festival) হৈছে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত উদ্যাপন কৰা এক বাৰ্ষিক উৎসৱ। প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰা হয়। বছৰৰ এই সময়টোত, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইটোৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়।
-
বনগাঁও সভা মহোৎসৱ
বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত বনগাঁওৰ এক বছৰেকীয়া ধৰ্মোৎসৱ হৈছে বনগাঁও সভা মহোৎসৱ। শতবৰ্ষ গৰকা এই সভা মহোৎসৱ প্ৰতি বছৰে মাঘ-ফাগুণ মাহৰ ভীষ্মাষ্টমীৰ দিনাখন হোম-যজ্ঞৰে আৰম্ভণি কৰা হয়।
-
বাইখো পূজা
বাইখো পূজা অসমৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ। সাধাৰণতে ইংৰাজীৰ এপ্ৰিল-মে’ আৰু অসমীয়া জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি এই উৎসৱ পালন কৰে। ঠাইভেদে বাইখো দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হয়।
-
বাবু পূজা
বাবু পূজা (Babu Puja) অসমৰ তিনিচুকীয়া জিলাৰ ছৈখোৱাস্থিত শ্ৰী শ্ৰী কেঁচাখাইটী শালত প্ৰতিবছৰে অনুষ্ঠিত হয়। শালৰ এই বিশেষ পূজা আঘোণ মাহৰ এক বিশেষ দেওবাৰে অনুষ্ঠিত হয়।
-
বুষু ডিমা
বুষু ডিমা হৈছে উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ ডিমাছা কছাৰী জনগোষ্ঠীৰ দ্বাৰা উদযাপিত সৰ্ববৃহৎ আৰু সৰ্বাগ্ৰগণ্য উৎসৱ। ডিমাছাসকল ঘাইকৈ অসমৰ আৰু চুবুৰীয়া নাগালেণ্ড ৰাজ্যৰ অধিবাসী। বুষু ডিবা মূলতঃ এক কৃষিভিত্তিক উৎসৱ।
-
ব্ৰহ্মপুত্ৰ মহোৎসৱ
ব্ৰহ্মপুত্ৰ মহোৎসৱ ভাৰতৰ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক উৎসৱ। এই উৎসৱত অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়, সংগীত, প্ৰতিভা প্ৰদৰ্শন, আৰু প্ৰদৰ্শনীৰ জৰিয়তে।
-
ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ
ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ (Brahmaputra Beach Festival) হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত অনুষ্ঠিত হোৱা এক মুকলি আকাশৰ উৎসৱ। এই উৎসৱটো প্ৰতিবছৰে মাঘ বিহু উপলক্ষ্যে জানুৱাৰী মাহত অনুষ্ঠিত কৰা হয়। এই উৎসৱৰ মূল লক্ষ্য হৈছে অসমৰ পৰম্পৰাগত সংস্কৃতি, হস্তশিল্প, আৰু স্থানীয় খেল-ধেমালিক জনপ্ৰিয় কৰা।
-
বৰত উৎসৱ
বৰত উৎসৱ বা বৰত পূজা অসম তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক ধৰ্মীয় লোক উৎসৱ। প্ৰাচীন অসমৰ তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজা পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি উৎসৱ পালন কৰা হয়।
-
ভদীয়া নাম
ভদীয়া নামক ভাদ মাহৰ নাম বুলিও কোৱা হয়। ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ। এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল। সেইবাবে ভাদ মাহক অসমীয়া সমাজে এক পৱিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে।
-
ভুই মাগা
ভুই মাগা অথবা ভালুক মাগা পৰ্ব পূৰ্বৰ পৰাই হাজং জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে ভালুক মাগা অথবা ভুই মাগা উৎসৱ। এই উৎসৱ সম্প্ৰতি অথবা পৰ্বৰ প্ৰচলন ক্ৰমশ: লুপ্তপ্ৰায় অৱস্থাত। এই উৎসৱটি আঘোণৰ সোণোৱালী পথাৰৰ সোণগুটিবোৰ চপোৱা অথবা ধান কটা সময়ত হে কেৱল উপস্থাপন বা পালন কৰি অহা এটি উৎসৱ আছিল।
-
ভেল দিয়া উৎসৱ
ভেল দিয়া উৎসৱ হৈছে নামনি অসমৰ দক্ষিণ কামৰূপত প্ৰচলিত এক উৎসৱ। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সাধাৰণতে জেঠ আহাৰ মাহত এই উৎসৱ পালন কৰা হয়৷ মূলতঃ কৃষক, ঘাটোৱাল আৰু মৎসজীৱি লোকসকলে এই উৎসৱ উদযাপন কৰে।
-
মথনী
মথনী অসমৰ দৰং জিলাত পালিত হোৱা এক লোক উৎসৱ। জিলাখনৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ দেৱানন্দ-সত্ৰত আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা এই মথনী উৎসৱ উৎযাপন কৰা হয়। দৰঙী ৰজাসকলৰ ৰাজত্বকালত পূৰ্বৰেপৰা মথনী উৎসৱ উলহ-মালহেৰে দেৱানন্দ-সত্ৰত পালন কৰি অহা বুলি অনুমান কৰিব পাৰি।
-
মাইকুচুমফাই
মাইকুচুমফাই টাই পৰিয়ালৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। এই উৎসৱ মাঘ বিহুৰ সমসাময়িক আৰু টাই খামটি, টাই আহোম, টাই ফাকিয়াল, টাই টুৰুং, টাই আইতন আৰু টাই খাময়াংসকলে ইয়াক উদযাপন কৰে।
-
মাদল খেদা
দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বসবাস কৰা বড়োসকলৰ মাজত প্ৰচলিত এটি ৰঙৰ নাচ হ'ল মাদল খেলা। বৈসাগী উৎসৱত মাদল-খেদা এসপ্তাহজুৰি চলে। গৃহস্থৰ চোতালে চোতালে গৈ নচা এই মাদল খেদাত মাদলৰ উপৰি চিফুং, জখা, থৰকা চেৰাজা প্ৰভৃতি বাদ্য-যন্ত্ৰও ব্যৱহাৰ কৰে।
-
মায়ং পবিতৰা মহোৎসৱ
মায়ং পবিতৰা মহোৎসৱ অসমৰ মৰিগাঁও জিলাৰ প্ৰসিদ্ধ পৰ্যটনস্থলী মায়ং আৰু পবিতৰা সংৰক্ষিত বনাঞ্চলৰ আকৰ্ষণ আৰু পৰ্যটনৰ অধিক প্ৰচাৰ আৰু উৎকৰ্ষ (promote) সাধনৰ উদেশ্যেৰে পবিতৰাত অনুষ্ঠিত হোৱা এক অনুষ্ঠান।
-
লাংলাই পূজা
লাংলাই ডিমাছাসকলৰ এক লোক উৎসৱ। খৰাং বতৰ হ'লে এই পূজা পাতে। এই পূজা সাধাৰণভাৱে আৰু ডাঙৰকৈ আড়ম্বৰপূৰ্ণভাৱে কৰাৰ নিয়ম আছে। সাধাৰণভাৱে পালন কৰোঁতে প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল: তিনিটা কণী দুজনী কুকুৰা চৰাই আৰু এটা মতা কুকুৰা।
-
লাঙামাৰা পূজা
লাঙামাৰা পূজা অসমৰ ৰাভা জনগোষ্ঠীৰ মাজৰ পাতিৰাভাসকলৰ এক পৱিত্ৰ উৎসৱ৷ অসমত বসবাস কৰা মংগোলীয় মূলৰ ৰাভা জনগোষ্ঠীৰ খেল বা ফৈদ কেইবাটাও৷ ড° ভূবন মোহন দাস আৰু ৰাজেন ৰাভাৰ মতে, ৰাভাসকলৰ মুঠ খেল বা ফৈদ ৯টা৷ আনহাতে ড° উপেন ৰাভা হাকাচামৰ মতে ৮টা৷ এই সকলোবোৰ ফৈদৰ মাজতে পাতিৰাভা ফৈদৰ জনসংখ্যা সৰ্বাধিক৷…
-
সুঁৱৰি
সুঁৱৰি বা স'ৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্ত উৎসৱ। এই উৎসৱৰ আটাইতকৈ উল্লেখযোগ্য আকৰ্ষণ হ'ল দধি মথন ভাওনাৰ অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে জনসাধাৰণে স্মৰণ কৰাৰ সুযোগ পায় বাবে ইয়াৰ নাম সুঁৱৰি (সংস্কৃতত স্মৰণিকা)।
-
সুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱ
’সুঁৱেৰী’ বৰপেটাৰ দৌল উৎসৱ এক অংগাংগী উৎসৱ৷ এই সুঁৱেৰী বৰপেটাৰ সকলো সত্ৰতে পালন কৰা হয় যদিও ’সুন্দৰীদিয়াৰ সুঁৱেৰী’ৰ এক সুকীয়া তাৎপৰ্য আছে৷ সুন্দৰীদিয়া সত্ৰত ব’হাগ বিহুৰ সপ্তম দিনা বা ’সাত দম্হী’ৰ দিনা ’সুঁৱেৰী’ পালন কৰা হয়৷ সুৱেৰী বা স’ৰি শব্দৰ অৰ্থ সোঁৱৰণ বা স্মৰণ৷ সচৰাচৰ দৌলোৎসৱ বা ফাকুৱাত…
-
সুৱঁৰি
সৰি বা সুঁৱৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্তোৎসৱ। এই উৎসৱৰ আকৰ্ষণ হ'ল দধিমথন ভাওনা অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে স্মৰণ কৰা সুযোগ পোৱা গুণেই নাম সুঁৱৰি।
-
স্বপংয়ঙ মানাও পয়
স্বপংয়ঙ মানাও পয় বা শ্বপৌং য়ৌং মানও পয় অসমৰ পূব প্ৰান্তত বসবাস কৰা চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ৷ চিংফৌসকলে তেওঁলোকৰ পূৰ্বপুৰুষ শ্বপৌং য়ৌঙৰ স্মৃতি চাৰণাৰ্থে এই উৎসৱ পালন কৰে৷ ’মানও’ শব্দৰ অৰ্থ নৃত্য আৰু ’পয়’ মানে উৎসৱ৷ সাধাৰণতে বসন্ত ঋতুৰ আগমনৰ লগে লগে ফাগুণৰ ১তাৰিখৰ পৰা ৩ তাৰিখলৈ এই উৎসৱ পালন…
-
হাচং পূজা
হাচং পূজা ডিমাচাসকলৰ এক লোক উৎসৱ। খেতিৰ কাষৰ ডাঙৰ গছ এজোপাৰ তলত এই পূজা কৰা হয়। এই পূজা কৰাৰ আগদিনা গছৰ তলখন পূজাৰীয়ে চিকুণাই পৰিষ্কাৰ কৰি লৈ পূৱমূৱাকৈ ৪৫ ছে.মি ওখ এখন বাহৰ চাঙ সাজে।