অসমৰ উৎসৱসমূহ
৯৪ প্ৰবন্ধ
-
হাচা-কেকান
হাচা কেকান বা হাচ্চা কেকান (Hacha Kekan) অসমৰ এক অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ জাতীয় অনুষ্ঠান। ই কৃষি কৰ্মৰ সৈতে জড়িত। অন্যান্য প্ৰায়বোৰ জাতীয় উৎসৱৰ দৰে ইও নৃত্য-গীতপ্ৰধান উৎসৱ। পাহাৰীয়া কাৰ্বি জনগোষ্ঠীৰ লোকসকলে শস্য চপোৱা কাম শেষ কৰাৰ পাছত মাঘ মাহত সমূহীয়াকৈ এই উৎসৱ পালন কৰে।
-
ৰংখেৰ
ৰংখেৰ বা ৰংকেৰ অসমৰ অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ কৃষিৰ আৰম্ভণিতে পতা এক পৱিত্ৰ উৎসৱ। বছৰৰ কৃষিকৰ্ম আৰম্ভ কৰাৰ আগে আগে শস্যৰ আৰু গাঁৱৰ ৰাইজৰ মঙ্গল কামনা কৰি কাৰ্বিসকলে ৰংখেৰ উৎসৱ পালন কৰে। আচলতে ৰংখেৰ এক ধৰ্মীয় পূজা অনুষ্ঠান।
-
ৰাজিনী গাবাৰা পূজা
ৰাজিনী গাবাৰা পূজা ডিমাছাসকলৰ এক লোক উৎসৱ। এইগৰাকী দেৱীৰ জনপ্ৰিয় নাম ৰণচণ্ডী দেৱী। ৰণচণ্ডী এখন দৈৱপ্ৰাপ্ত তৰোৱাল। এইখন তৰোৱাল এটি সাপৰ পৰা সৃষ্টি হৈছে বুলি তেওঁলোকে বিশ্বাস কৰে। তৰোৱালখনৰ সৈতে এটি জনশ্ৰুতি বিজড়িত হৈ আছে।
-
ৱানচোৱা
ৱানচোৱা তিৱা জনগোষ্ঠীৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক লোক-উৎসৱ। ইয়াক পিঠাগুড়ি খুন্দা উৎসৱ বুলিও জনা যায়। জুন-জুলাই মাহত সচৰাচৰ মঙলবাৰৰপৰা বৃহস্পতিবাৰলৈ এই উৎসৱ তিৱা বসতিপ্ৰধান অঞ্চলত পালন কৰা হয়। তিৱাসকলৰ মাজত আমচাই, মাৰ্জং, ৰংখাই, আমলি, আমখা, আমৰি আদি বিভিন্ন ফৈদ আছে।