অসমৰ উৎসৱসমূহ
৯৪ প্ৰবন্ধ
-
চ'মাংকান
চমাংকান (Chomangkan) কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়।
-
পঁচতি উৎসৱ
পঁচতি শব্দৰ সাধাৰণ অৰ্থ হ'ল: ল'ৰা-ছোৱালী ভূমিষ্ঠ হোৱাৰ পাঁচ দিনৰ দিনা কৰা জন্ম কৃত্য। পিছে পঁচতি বুলিলে আমি সাধাৰণ শিশুৰ জন্মৰ পঞ্চম দিৱসৰ উৎসৱক নুবুজোঁ; বুজোঁ চিৰশিশু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাঁচদিনৰ পাছত উদ্যাপিত উৎসৱটোকহে।
-
বাঁহ পূজা
বাঁহ পূজা অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ এটি উল্লেখযোগ্য লোকানুষ্ঠান। মদন চতুৰ্দশীৰ দিনা এই পূজা এই জিলাত অনুষ্ঠিত হয়। নাৰীৰ প্ৰৱেশ ৰুদ্ধ এই পূজাত বাঁহ এডালক সুসজ্জিত কৰি বাঁহৰ জন্মৰপৰা চিতা নিৰ্মাণলৈকে সমস্ত কথাকে গীত আৰু নৃত্যৰ যোগেদি প্ৰকাশ কৰাটো বাঁহ পূজাৰ আকৰ্ষক দিশ।
-
ৰাখাল পূজা
ৰাখাল পূজা অসমৰ গোৱালপাৰা অঞ্চলত প্ৰচলিত এক অনুষ্ঠান। উজনি অসমৰ গৰখীয়া সবাহ আৰু নামনি অসমৰ গোপাল সেৱা একে কামনাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান। গৰুৰ বেমাৰ হ’লে গোৱালপাৰা অঞ্চলত পথাৰত বা গোহালিত মাহ-প্ৰসাদ আৰু বিশেষকৈ কলৰ নৈবেদ্য ৰাখাল বা গৰখীয়া সকললৈ আগবঢ়োৱা হয়।
-
আই সবাহ
আই সবাহ অসমীয়া লোকসকলে অনুষ্ঠিত কৰা উৎসৱ-পাৰ্বন সমূহৰ ভিতৰত এক বিশেষ অনুষ্ঠান। আই সবাহক শীতলা সবাহ বুলিও কোৱা হয়। এই সবাহ সাধাৰণতে এক লোক ৰীতি। যি বসন্ত ৰোগৰ বা আই ওলোৱাৰ সৈতে জড়িত। এই সবাহত অৰ্চনা কৰা দেৱী গৰাকী হ'ল শীতলা।
-
ইবাঁকু বিচু
ইবাঁকু বিচু অসমৰ দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ। ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়।
-
কেঁচাইখাঁতী পূজা
কেঁচাইখাঁতী পূজা হ'ল নানা ধৰ্মীয় নিয়ম-নীতিৰে কেঁচাইখাঁতী গোঁসানীক বলিৰ তেজ দি উপাসনা কৰা এক পৰম্পৰাগত প্ৰথা। ভাৰতীয় শক্তি ৰূপৰ মূল আধাৰ আদ্যা শক্তিয়ে হ'ল কেঁচাইখাঁতী গোসাঁনী। জাগ্ৰত গোসাঁনীয়ে কেঁচাই তেজ খায় বুলি বিশ্বাস। সেয়ে গোসাঁনীৰ সন্তোষৰ অৰ্থে পূৰ্বে নৰ বলি দিয়াৰো ৰীতি আছিল।
-
চহৰাই পৰৱ
অসমৰ চাহ জনগোষ্ঠীসমূহৰ মাজৰ অন্যতম চাওতাল জনগোষ্ঠী৷ এই জনগোষ্ঠীৰ অন্যতম জাতীয় উৎসৱ চহৰাই পৰৱ৷ ই শৰতকালৰ অন্যতম কৃষিভিত্তিক উৎসৱ৷ কাতি মাহক চাওতাল জনগোষ্ঠীয়ে চহৰাই চান্দু বোলে আৰু এই মাহতে খেতিপথাৰ সোণবৰণীয়া হোৱাৰ পৰত মহা-আড়ম্বৰেৰে চহৰাই উৎসৱ পাতে৷ এই উৎসৱক ব’হাগ বিহুৰ গৰু বিহুৰ লগত তুলনা কৰিব…
-
চাউল ভোজনি
চাউল ভোজনি বৰপেটা জিলাৰ কোনো কোনো অঞ্চলত 'চাউল ভোজনি’নামৰ এটি ধৰ্মীয় উৎসৱ পালন কৰা হয়। চাউল ভোজনিৰ পিছত ভকতনীসকলে নামত শাৰী লোৱাৰ অধিকাৰ পায়৷ মাঘ মাহৰ বিশেষ তিথি বা অন্যান্য দিনত এই অনুষ্ঠানটি প্ৰধানভাৱে গাঁৱৰ ভকতনী আইসকলে অনুষ্ঠিত কৰে।
-
ছগ্ৰা মিছাৱা
ছগ্ৰা মিছাৱা বা ছগ্ৰা পূজা তিৱা জনগোষ্ঠী কৃষিভিত্তিক লোক-উৎসৱ। তিৱাসকলে চ’তৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰৰপৰা ছগ্ৰা মিছাৱা পালন কৰে। ছগ্ৰা মানে সকলোৱে আৰু মিছাৱা মানে নাচা অৰ্থাৎ ছগ্ৰা মিছাৱা মানে সকলোৱে মিলিজুলি নৃত্য কৰা। ছগ্ৰা মিছাৱাত তিৱা সকলৰ সকলো ফৈদে অংশ গ্ৰহণ নকৰে।
-
জেঠুৱা উৎসৱ
জেঠুৱা উৎসৱ বা জেওঠা খোৱা অসমৰ বিশেষকৈ বৰপেটা অঞ্চলত জেঠ মাহত বা ব’হাগৰ সংক্ৰান্তিৰ দিনা পালন কৰা এটা বিশেষ উৎসৱ। এই উৎসৱৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সেয়া জনা নাযায়। জেঠ মাহত ল'ৰা-ছোৱালী জন্ম হ'লে তাক জেঠুৱা বুলি কোৱা হয়।
-
বাঁহ-গোসাঁই উৎসৱ
বাঁহ-গোসাঁই উৎসৱ অসমৰ এটা জনজাতীয় জনগোষ্ঠী শৰণীয়া কছাৰী লোকসকলৰ এক কৃষিমূলক লোক-উৎসৱ। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকলে এই উৎসৱ বাৰ্ষিকভাৱে অনুষ্ঠিত কৰি আহিছে।
-
বাম্বোল পিটা উৎসৱ
বাম্বোল পিটা উৎসৱ নামনি অসমৰ তামোলপুৰ, দৰং জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বাক্সা, ওদালগুৰি আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা।
-
ভূঁই ৰোৱা উৎসৱ
গোছ ৰোৱা বা ভূঁই ৰোৱা অসমৰ বিভিন্ন অঞ্চলত পালন কৰা এক কৃষিভিত্তিক অনুষ্ঠান বা লোক-উৎসৱ। বাৰিষা কালত পথাৰত একোজন কৃষকৰ বছৰটোৰ প্ৰথম ভূঁই ৰোৱাৰ দিনা এই উৎসৱ পালন কৰা হয়। ই প্ৰকৃততে আহাৰ-শাওণ মাহত শালিধানৰ ন-ভূঁই ৰোৱা বা কঠীয়া ৰোৱা কাৰ্যৰ আনুষ্ঠানিক আৰম্ভণি।
-
লাংখুন পূজা
’লাংখুন পূজা’ (’লাংখুন ফূজা’ বা ’লাংখুন মিছাৱা’) তিৱাসকলৰ এক লোক-উৎসৱ। ছেপ্টেম্বৰ-অক্টোবৰ বা আঘোণ মাহত এই পূজা অনুষ্ঠিত কৰা হয়। সাধাৰণতে সোমবাৰৰ ভাটিবেলাৰ পৰা বৃহস্পতিবাৰলৈকে চাৰিদিন এই পূজা চলে।
-
শংকৰ জন্মোৎসৱ
শংকৰ জন্মোৎসৱ হ'ল বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিৱস। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে ইয়াক উৎসৱ ৰূপে পালন কৰে। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ জন্মোৎসৱ হয়। প্ৰতিবছৰে অসম চৰকাৰে এই দিনটো স্থানীয় বন্ধৰ দিন ৰূপে ঘোষনা কৰে।
-
হুদুমদেওৰ পূজা
অনাবৃষ্টিৰ ফলত খেতিপথাৰে যেতিয়া চিৰালফাঁট মেলে, কৃষকে হুমুনিয়াহ কাঢ়ি ঘনে ঘনে আকাশলৈ চায়, তেনে পৰিস্থিতিত গোৱালপাৰা অঞ্চলত হুদুমদেওৰ পূজা আয়োজন কৰি বৃষ্টিৰ আয়োজন কৰা হয়। এই অনুষ্ঠান সম্পূৰ্ণৰূপে সত্ৰ আচাৰ।
-
হেজাৰী ভাওনা
হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমৰ নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।
-
অসম চাহ উৎসৱ
অসম চাহ উৎসৱ বা চাহ উৎসৱ (Assam Tea Festival) হৈছে অসমৰ বিভিন্ন ঠাইত বছৰি আয়োজন কৰা এক অনুষ্ঠান। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত প্ৰতি বছৰে এই উৎসৱৰ আয়োজন কৰা হয়। যোৰহাটত সৰ্বাধিক আড়ম্বৰপূৰ্ণভাৱে চাহ উৎসৱ অনুষ্ঠিত কৰা হয়। সেয়ে ইয়াক যোৰহাট চাহ মহোৎসৱ হিচাপেও জনা যায়।
-
আগালমাকা
আগালমাকা (Agalmaka) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো জনগোষ্ঠীৰ এক কৃষিভিত্তিক লোক উৎসৱ।
-
কমিটি ভাওনা
কমিটি ভাওনা অসমৰ মৰিগাঁও জিলাৰ চৰাইবাহীত প্ৰতি ৩ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। ১৮৫৮ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ভাওনা মহোৎসৱ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে। প্ৰথম অৱস্থাত ই বছৰেকীয়া হিচাপত অনুষ্ঠিত হৈছিল যদিও পিছলৈ ১৮৮৫ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰত ভাওনা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।
-
কাজিৰঙা হস্তী মহোৎসৱ
কাজিৰঙা হস্তী মহোৎসৱ (Kaziranga Elephant Festival) হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি অহা হৈছে।
-
কাহুৰী আইৰ পূজা
কাহুৰী আইৰ পূজা অসমত প্ৰচলিত এবিধ লোক-উৎসৱ। কাহুৰী আইৰ পূজা এক উল্লেখযোগ্য ধৰ্মীয়কৃত্য। কাহৰ অধিষ্ঠাত্ৰী দেৱীগৰাকীয়েই হৈছে কাহুৰী। বিশেষকৈ নৱগঠিত দৰং জিলা, অবিভক্ত কামৰূপ জিলা আৰু গোৱালপাৰা জিলাত এই পূজা প্ৰচলিত।
-
খোক্চি পূজা
খোক্চি পূজা হৈছে অসমৰ ৰাভাসকলে পালন কৰা পূজাবিশেষ। এই পূজাত ৰাভাসকলৰ বহুতো কিংবদন্তি জড়িত হৈ আছে।
-
গুৱাহাটী নাট্য মহোৎসৱ
গুৱাহাটী নাট্য মহোৎসৱ (Guwahati Theatre Festival) ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটী চহৰত অনুষ্ঠিত হোৱা বাৰ্ষিক নাট্য মহোৎসৱ৷ গুৱাহাটীৰ ইংৰাজী ভাষাৰ সাপ্তাহিক টেবলয়ড কাকত জি প্লাছৰ উদ্যোগত এই উৎসৱৰ আয়োজন কৰা হৈছে।
-
চিক পুই ৰুই
চিক পুই ৰুই ডিমা হাছাও জিলাৰ মাৰ জনগোষ্ঠীয়ে শীতকালত উলহ- মালহেৰে পালন কৰা এক উৎসৱ। চিক পুই ৰুই উছৱৰ প্ৰাক্ মুহূৰ্তত গাঁৱৰ ডেকা- গাভৰুহঁতে লগ লাগি নৃত্য- গীতানুষ্ঠানৰ বাবে এটা নিৰ্দিষ্ট দিন থিক কৰি আটায়ে গৈ জ্যেষ্ঠ আৰু মুৰব্বীজনৰপৰা সন্মতি পোৱাৰ পাছত গীতৰ আখৰা দিব পৰা জাইপু নিৰ্বাচন কৰেগৈ।
-
চৰে-বৰাত
চৰে বৰাত, চৰাই ব্ৰত, চ’ৰেই বৰাত বা চৰাই পূজা হৈছে অসমৰ হাজোৰ এক লোক উৎসৱ। এই উৎসৱ এক প্ৰকাৰৰ ব্ৰত পালন অনুষ্ঠান। এই ব্ৰতক কাত্যায়নী ব্ৰত বুলিও কোৱা হয়।
-
জীৱন চিলা নৈ উৎসৱ
জীৱন চিলা নৈ উৎসৱ বা জীৱন চিলা উৎসৱ (Jeevan Kite River Festival) হৈছে অসমৰ গুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ। চমুকৈ চিলা নৈ নামেৰেও পৰিচিত এই উৎসৱ ব্ৰহ্মপুত্ৰৰ পাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সুৰেশ ৰঞ্জন গডুকাৰ ব্যক্তিগত প্ৰচেষ্টাত ২০১২ চনত চিলা নৈৰ আৰম্ভণি কৰা হয়।
-
জোনবিল মেলা
অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা।
-
টুকুৰীয়া পূজা
টুকুৰীয়া পূজা দক্ষিণ কামৰূপৰ পাতি ৰাভা জনগোষ্ঠীসকলৰ এটি উল্লেখযোগ্য বাৰ্ষিক ধৰ্মানুষ্ঠান। বনগাঁও মৌজাৰ খাটলপাৰা গাঁৱৰ এই পূজা প্ৰখ্যাত। এই উৎসৱ চাৰি দিনীয়াকৈ অনুষ্ঠিত হয়।