শিষ্ট ভট্টাচাৰ্য অষ্টাদশ শতিকাৰ এজন কবি আছিল। ৰচনাৰীতিত ঘৰুৱা কথনভংগীৰ প্ৰয়োগৰ বাবে সত্যেন্দ্ৰনাথ শৰ্মাই 'শিশুপাল বধ' কাব্য আৰু 'কথা-ৰামায়ণ'ৰ কিষ্কিন্ধ্যাকাণ্ডৰ লেখক একেজন বুলি ঠাৱৰ কৰিছে।১২৩
শিশুপাল বধৰ চমু পৰিচয়
শিশুপাল-বধ' কাব্যখন সৰু, বিষয়বস্তু মহাভাৰতৰ সভা পৰ্বৰ। যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত শ্ৰীকৃষ্ণক আগ-মাননি দিয়াত ঈৰ্ষা পৰৱশ হৈ শিশুপালে কৃষ্ণৰ বিৰুদ্ধে যি তিৰষ্কাৰ আৰু বিদ্বেষপূৰ্ণ কথা ক'বলৈ ধৰি শেষত কৃষ্ণৰ হাতত বধপ্ৰাপ্ত হয়, তাৰ এটি ঘৰুৱা, হাস্যোদ্দীপক আৰু গ্ৰাম্য চিত্ৰ পোৱা যাব শিষ্টৰ এই 'শিশুপাল বধ'ত। বিষয়বস্তু মহাভাৰতৰ, কিন্তু বৰ্ণনাসমূহ কবিৰ নিজস্ব।১ 'শিশুপাল-বধ'ৰ ভাষা কথিত ভাষাৰ অনুৰূপ, বৈষ্ণৱ সাহিত্যৰ সাঁচত ঢলা ভাষা নহয়; কিন্তু বৰ্ণনাভঙ্গী অতি লঘু আৰু তৰল ভাবযুক্ত হোৱাৰ কাৰণে কাব্যিক গাম্ভীৰ্য আৰু মৰ্যাদাবিহীন হৈছে। এই একে বিষয়বস্তুকে লৈ মাধৱদেৱে 'ৰাজসূয় কাব্য' ৰচনা কৰিছিল, য'ত কাব্যিক সৌন্দৰ্য আৰু গাম্ভীৰ্যৰ সুন্দৰ সমন্বয় হৈছে। 'শিশুপাল-বধ'ৰ তলৰ নিদৰ্শনছোৱাই কাব্যৰ লঘু আৰু হাস্যোদ্দীপক দিশটোৰ আভাস দিব।১
শ্ৰীকৃষ্ণই শিশুপালৰ তিৰষ্কাৰৰ প্ৰত্যুত্তৰ স্বৰূপে এইদৰে কৈছে:১
ভোবোলা ছাগলী সিংহক সিঁয়াৰে আপোনাক বৰ মানি।
ভতুৱা কুকুৰে কামোৰ মাৰায় গৃহস্থ চোৰ নজানি॥
নৰক দেখিলে শৃগাল পলাই লুকাই বন সোমায়।
গধূলি-পুৱাসে আটাস পাৰায়, মোত পৰে বৰ নাই॥
মহাভাৰতৰ বিষয়বস্তুকে গাঁৱলীয়া পটভূমিত বৰ্ণনা কৰি জনসাধাৰণক আকৰ্ষণ কৰিব পৰা গুণ কাব্যখনৰ আছে। কবিৰ হাস্যৰসিকতাও কাব্যখনত ফুটি উঠিছে। পুথিখন আকাৰত সৰু হ'লেও গ্ৰামীন জনতাক আমোদ দিব পৰা সমল আছে, বিশেষকৈ ইয়াত প্ৰয়োগ হোৱা জতুৱা ঠাঁচ আৰু উপমাই জনসাধাৰণক আকৰ্ষণ নকৰাকৈ নাথাকে।১
তথ্যসূত্ৰ
- ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা (২০২০). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক: গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ২০৬
- ↑ মহেশ্বৰ নেওগ (২০১৯).অসমীয়া সাহিত্যৰ ৰূপৰেখা.প্ৰকাশক: চন্দ্ৰ প্ৰকাশ.পৃষ্ঠা.২০৮
- ↑ শিৱনাথ বৰ্মন(সম্পা).অসমীয়া সাহিত্যৰ বুৰঞ্জী,দ্বিতীয় খণ্ড.প্ৰকাশক: আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিষ্ট ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫২৬৬০৮ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।