অধিবক্তা
৩৭ প্ৰবন্ধ
-
পি চিদাম্বৰম
পালানিয়াপ্পান চিদাম্বৰম বা চমুকৈ পি চিদাম্বৰম (জন্ম ১৬ ছেপ্টেম্বৰ ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন এটৰ্ণী যি বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ অলপতে গৃহ পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ (২০১৭-১৮) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দেৱজিৎ শইকীয়া
দেৱজিত শইকীয়া (Devajit Saikia) এগৰাকী ভাৰতীয় অধিবক্তা, প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আৰু ক্ৰিকেট প্ৰশাসক। দেৱজিৎ শইকীয়া বিচিচিআইৰ সম্পাদক। জয় শ্বাহৰ ঠাইত তেওঁ বিচিচিআইৰ নতুন সম্পাদক হিচাপে নিৰ্বাচিত হয়, আৰু জয় শ্বাহ আইচিচিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
-
ৰুমা পাল
ন্যায়াধীশ ৰুমা পাল (Ruma Pal) (জন্ম-৩ জুন ১৯৪১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। ২০০৬ চনৰ ৩ জুনত তেওঁ অৱসৰ গ্ৰহণ কৰে৷
-
ছাদা নাছেৰ
ছাদা নাছেৰ (Shada Nasser; জন্ম: ১ মে', ১৯৬৪, এডেন) য়েমেনৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু য়েমেনৰ আদালতত মুখ ঢাকি নোপোৱা প্ৰথমগৰাকী মহিলা অধিবক্তা। ১৯৮৯ চনত প্ৰাগৰ চাৰ্লছ বিশ্ববিদ্যালয়ৰ পৰা নাছেৰে আইনৰ ডিগ্ৰী লাভ কৰি মানৱ অধিকাৰ আৰু প্ৰতিৰক্ষা অধিবক্তা হিচাপে কাম কৰিবলৈ য়েমেনলৈ উভতি যায়।
-
ৱানথি শ্ৰীনিবাসন
ৱানথি শ্ৰীনিবাসন (Vanathi Srinivasan, জন্ম ৬ জুন ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ অধিবক্তা।[1] ১৯৯৩ চনৰ পৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আইন চৰ্চা কৰি আহিছে।[2] কইম্বাটুৰ দক্ষিণ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ তামিলনাডু বিধানসভাৰ সদস্য হৈছে।[3] বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ…
-
অনুজা ত্ৰেহান কাপুৰ
অনুজা ত্ৰেহান কাপুৰ ( Anuja Trehan Kapur; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় অপৰাধমূলক মনোবিজ্ঞানী যি এগৰাকী পৰামৰ্শদাতা, সমাজ কৰ্মী আৰু অধিবক্তা হিচাপেও পৰিচিত।
-
ইজিন আকুডো
ইজিনে আকুডো আনয়াওহা (Ezinne Akudo Anyaoha; জন্ম: ১৭ মে' ১৯৯০) এগৰাকী নাইজেৰিয়ান অধিবক্তা আৰু বিউটি কুইন৷
-
ওলাওলুৱা আবাগুন
ওলাওলুৱা আবাগুন (Olaoluwa Abagun) এগৰাকী নাইজেৰিয়াৰ অধিবক্তা, নাৰীবাদী আৰু এগৰাকী কিশোৰী অধিকাৰৰ অধিবক্তা, যিয়ে আফ্ৰিকান কিশোৰীৰ এক গতিশীল প্ৰজন্মক প্ৰভাৱিত কৰিছে।
-
চুলতানা কামাল
চুলতানা কামাল (Sultana Kamal) এগৰাকী বাংলাদেশী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ নাগৰিক অধিকাৰ সংস্থা আইন অ' ছালিছ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাম কৰে।২০০৬ চনত ২০০৬-২০০৮ চনৰ বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সময়ত ৰাষ্ট্ৰপতি ইয়াজুদ্দিন আহমেদৰ নেতৃত্বত বাংলাদেশৰ কেয়াৰটেকাৰ চৰকাৰত উপদেষ্টা হিচাপে…
-
চেনাইট ফিচেহা
চেনাইট ফিচেহা (Senait Fisseha) এগৰাকী ইথিঅ'পিয়ান-আমেৰিকীয় চিকিৎসক, অধিবক্তা আৰু প্ৰসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ মিচিগান বিশ্ববিদ্যালয়ত এণ্ডক্ৰাইন'লজীত বিশেষজ্ঞতা লাভ কৰে আৰু চাউদাৰ্ণ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা জুৰিছ ডাক্তৰ লাভ কৰে।
-
জান্নাতুল ফেৰদৌচ পিয়া
জান্নাতুল ফেৰদৌচ পিয়া, যি পিয়া জান্নাতুল নামেৰেও পৰিচিত, এগৰাকী বাংলাদেশী মডেল আৰু অধিবক্তা। তেওঁ মিছ বাংলাদেশ ২০০৭ আৰু ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
জেনেট নেপোলিটানো
জেনেট এন নেপোলিটানো ( Janet Napolitano; জন্ম ২৯ নৱেম্বৰ, ১৯৫৭) এগৰাকী আমেৰিকান ৰাজনীতিবিদ আৰু উকীল। ২০১৫ চনৰ পৰা বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গোল্ডমেন স্কুল অৱ পাব্লিক পলিচিৰ অধ্যাপক হিচাপে কাম কৰি আহিছে।
-
ডি শ্ৰীদেৱী
ডি শ্ৰীদেৱী (২৮ এপ্ৰিল ১৯৩৯ – ৫ মাৰ্চ ২০১৮)এগৰাকী ভাৰতীয় অধিবক্তা, ন্যায়াধীশ আৰু সমাজ কৰ্মী। তেওঁ দুবাৰকৈ কেৰালা মহিলা আয়োগৰ অধ্যক্ষ আছিল।
-
নিহাৰ ৰঞ্জন দাস
নিহাৰ ৰঞ্জন দাস এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৪ চনৰপৰা অসম বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে ধলাই বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি জয়লাভ কৰে।
-
বানু মুস্তাক
বানু মুস্তাক (Banu Mushtaq) (জন্ম ১৯৪৮) দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, অধিবক্তা আৰু সাহিত্যিক। তেওঁ কানাড়া ভাষাত লিখে৷ তেওঁৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালায়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে।
-
বিল ক্লিনটন
উইলিয়াম জেফাৰচন ক্লিণ্টন (William Jefferson Clinton) জন্ম হৈছিল ১৯ আগষ্ট, ১৯৪৬ চনত। ক্লিনটন এজন আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ১৯৯৩ চনৰপৰা ২০০১ চনলৈকে আমেৰিকাৰ ৪২সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ভায়োলেট আলভা
ভায়োলেট হৰি আলভা (Violet Alva; ২৪ এপ্ৰিল ১৯০৮ – ২০ নৱেম্বৰ ১৯৬৯)এগৰাকী ভাৰতীয় অধিবক্তা, সাংবাদিক, ৰাজনীতিবিদ, ৰাজ্যসভাৰ উপ-সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ সদস্য আছিল। তেওঁ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা আছিল।
-
মমতা বিনানী
মমতা বিনানী (Mamta Binani) এগৰাকী ভাৰতীয় অধিবক্তা। তেওঁ ২০১৬ চনৰ বাবে ভাৰতীয় কোম্পানী সচিব প্ৰতিষ্ঠানৰ (আইচিএছআই) ৰাষ্ট্ৰীয় ভূতপূৰ্ব সভানেত্ৰী হিচাপে আৰু মমতা বিনানী এণ্ড এছ’চিয়েটছৰ জ্যেষ্ঠ অংশীদাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
-
মহেন্দ্ৰনাথ ৰয়
মহেন্দ্ৰনাথ ৰয় চি আই ই হনএফ আৰ এছ (১৮৬১–১৯২৫) এজন ভাৰতীয় উকীল, স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, গণিতজ্ঞ, শিক্ষাবিদ আৰু ৰাজনৈতিক নেতা আছিল। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল আৰু হাওৰা পৌৰ নিগমৰ প্ৰথম ভাৰতীয় নিৰ্বাচিত সভাপতি আছিল।
-
মিচেল ওবামা
মিচেল লাভন ৰবিনছন ওবামা (জন্ম: ১৭ জানুৱাৰী, ১৯৬৪) এগৰাকী আমেৰিকান অধিবক্তা আৰু লেখিকা যিয়ে ২০০৯ চনৰ পৰা ২০১৭ চনলৈকে আমেৰিকাৰ ৪৪ সংখ্যক ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী হিচাপে আমেৰিকাৰ ফাৰ্ষ্ট লেডী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনাক্ষী অৰোৰা
মিনাক্ষী অৰোৰা (Meenakshi Arora) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ত অনুশীলন কৰা জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তিপ্ৰাপ্ত অধিবক্তা৷
-
মিনাক্ষী লেখী
মীনাক্ষী লেখী (Menakshi Lekhi; জন্ম: ৩০ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১০ জুনলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও।
-
মেটিয়েল মগানাম
মেটিয়েল মগানাম (Matiel Mogannam; ১৮৯৯–১৯৯২) এগৰাকী পেলেষ্টাইনী আৰব উকীল আছিল যি ১৯২০ আৰু ১৯৩০ চনত বাধ্যতামূলক পেলেষ্টাইনত মহিলা আন্দোলনৰ নেতৃত্ব দিছিল৷ তেওঁ আৰব মহিলা কাৰ্যবাহী (AWE)ৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মেহৰংগিজ মনোচেহৰিয়ান
মেহৰাংগিজ মানুচেহৰিয়ান ( Mehrangiz Manuchehrian); (জন্ম,১৯০৬ – ৫ জুলাই ২০০০) এগৰাকী মহিলা ইৰাণী অধিবক্তা,সংগীতজ্ঞ, নাৰীবাদী আৰু নিৰ্বাচিত চিনেটৰ আছিল। ইৰাণৰ মহিলা সংগঠনৰ কাৰ্যকলাপৰ সৈতে তেওঁ জড়িত আছিল। তেওঁ ইৰানৰ পৰিয়াল সুৰক্ষা আইনখনৰ খচৰা প্ৰস্তুত কৰাত তেওঁ অংশগ্ৰহণ কৰিছিল।
-
মৰিয়ম উৱাইছ
মৰিয়ম উৱাইছ (Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ সামাজিক বিনিয়োগৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
লতিকা সৰকাৰ
লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ)…
-
লিনোৰ আবাৰগিল
লিনোৰ আবাৰগিল (Linor Abargil; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী ইজৰাইলী অধিবক্তা, অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ধৰ্ষিতা হোৱাৰ কিছু দিনৰ পিছতে ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ যৌন হিংসাৰ বিৰুদ্ধে যুঁজি বিশ্বব্যাপী বহু লোকৰ সমৰ্থন আদায় কৰে।
-
লিলি থমাছ
লিলি ইছাবেল থমাছ (৫ মাৰ্চ ১৯২৮ – ১০ ডিচেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা৷ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু আঞ্চলিক আদালতত আবেদন দাখিল কৰি বৰ্তমানৰ আইনসমূহৰ উন্নতি আৰু পৰিৱৰ্তনৰ সূচনা কৰিছিল।
-
শকুন্তলা সচিতানন্দন
শকুন্তলা সচিতানন্দন (ইংৰাজী: Sakuntala Sachithanandan) এগৰাকী শ্ৰীলংকান কবি, অধিবক্তা আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক কৰ্মৰাজীত প্ৰায়ে দৰিদ্ৰতা, সামাজিক অসমতা, প্ৰাণী, শিশু আৰু শ্ৰমিকৰ শোষণৰ দৰে বিষয়সমূহে প্ৰাধান্য পায়।
-
শ্বিৰিন এবাদি
শ্বিৰিন এবাদি(Shirin Ebadi; জন্ম: ২১ জুন ১৯৪৭) ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী, অধিবক্তা, লেখক, শিক্ষক আৰু ইৰাণৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ প্ৰাক্তন ন্যায়াধীশ আৰু প্ৰতিষ্ঠাপক।