অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেটিয়েল মগানাম

মেটিয়েল মগানাম (Matiel Mogannam; ১৮৯৯–১৯৯২) এগৰাকী পেলেষ্টাইনী আৰব উকীল আছিল যি ১৯২০ আৰু ১৯৩০ চনত বাধ্যতামূলক পেলেষ্টাইনত মহিলা আন্দোলনৰ নেতৃত্ব দিছিল৷ তেওঁ আৰব মহিলা কাৰ্যবাহী (AWE)ৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মেটিয়েল মগানাম (Matiel Mogannam; ১৮৯৯–১৯৯২) এগৰাকী পেলেষ্টাইনী আৰব উকীল আছিল যি ১৯২০ আৰু ১৯৩০ চনত বাধ্যতামূলক পেলেষ্টাইনত মহিলা আন্দোলনৰ নেতৃত্ব দিছিল৷ তেওঁ আৰব মহিলা কাৰ্যবাহী (AWE)ৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

''The Arab woman and the Palestinian problem'' (১৯৩৭)
The Arab woman and the Palestinian problem (১৯৩৭)ছবি: Stephaniaesc · CC BY-SA 4.0

১৮৯৯ চনত লেবাননত পেলেষ্টাইনী খ্ৰীষ্টান পৰিয়ালত মাটিয়েলৰ জন্ম হৈছিল।১২ তেওঁৰ জন্মৰ কিছু সময়ৰ পিছতে পৰিয়ালটো আমেৰিকালৈ গুচি যায়।২ তাতেই তেওঁ আইন বিভাগৰ ডিগ্ৰী লাভ কৰে।৩

জীৱন

১৯২১ চনত মগানাম আৰু তেওঁৰ স্বামীয়ে জেৰুজালেম, মেণ্ডেট পেলেষ্টাইনত বসতি স্থাপন কৰে।৪ তেওঁ আৰব মহিলা সংস্থা (এ ডব্লিউ এ) আৰু পেলেষ্টাইনত আৰব মহিলা আন্দোলনৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা এ ডব্লিউ ইৰ দুগৰাকী সচিবৰ ভিতৰত অন্যতম হিচাপে কাম কৰিছিল।৫

মগানাম ১৯২৯ চনত জেৰুজালেমত অনুষ্ঠিত হোৱা পেলেষ্টাইন আৰব মহিলা সন্মিলনৰ অন্যতম অংশগ্ৰহণকাৰী আছিল। ১৯৩০ চনত বেইৰুটত অনুষ্ঠিত আৰব মহিলা সন্মিলনতো তেওঁ অংশগ্ৰহণ কৰে।৪ ১৯৩৩ চনৰ এপ্ৰিল মাহত ওমৰৰ মছজিদত পেলেষ্টাইনী জাতীয়তাবাদৰ ওপৰত ভাষণ দিছিল।৫ সেই বছৰতে জাফাত জাতীয়তাবাদী বিক্ষোভৰ সময়ত তেওঁ আন এটা ভাষণ দিছিল।.২

মোগানামে পেলেষ্টাইনৰ বাতৰি কাকতত প্ৰবন্ধ প্ৰকাশ কৰিছিল আৰু আৰব উইমেন এণ্ড দ্য পেলেষ্টাইন প্ৰব্লেম নামৰ এখন গ্ৰন্থৰ লেখক আছিল।৬ ১৯৩৭ চনত লণ্ডনৰ হাৰ্বাৰ্ট জোচেফে এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰিছিল।৩৭মেণ্ডেট যুগৰ মহিলা আন্দোলনৰ বিষয়ে লিখা এইখন একমাত্ৰ গ্ৰন্থ।৪

১৯৩৮ চনত মগানাম আৰু তেওঁৰ স্বামী ৰামাল্লাত বসতি স্থাপন কৰে।২ ১৯৮০ চনত তেওঁ আমেৰিকালৈ উভতি আহি ভাৰ্জিনিয়াৰ ফল্ছ চাৰ্চত বাস কৰে।৮

ব্যক্তিগত জীৱন আৰু মৃত্যু

তেওঁ আমেৰিকাত মগানাম মগানামৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪ তেওঁ এজন উকীল আছিল আৰু জেৰুজালেমৰ পৰা অহা আৰব এংলিকান পৰিয়ালৰ সদস্য আছিল।৯ মেটিয়েলৰ স্বামী আছিল নেশ্যনেল ডিফেন্স পাৰ্টিৰ এজন বিষয়া। ১৯৪৩ চনত তেওঁৰ মৃত্যু হয়।৮ তেওঁলোকৰ দুটা সন্তান আছিল থিয়ডৰ আৰু লেইলা।৮

১৯৯২ চনৰ ১১ আগষ্টত ভাৰ্জিনিয়াৰ আৰ্লিংটনত কনজেষ্টিভ হাৰ্ট ফেইলাৰৰ ফলত মেটিয়েলৰ মৃত্যু হয়।৮

তথ্যসূত্ৰ

  1. ↑ Matiel Mogannam - Feminist Figures (1899 - 1992). Interactive Encyclopedia of the Palestine Question – palquest
  2. ↑ Ellen L. Fleischmann. (2005). Encyclopedia of The Palestinians. Facts On File, Inc. পৃ. 322. ISBN 978-0816057641
  3. ↑ Rosemary Sayigh. (Summer 1981). Encounters with Palestinian Women under Occupation. Journal of Palestine Studies. পৃ. 13
  4. ↑ Matiel E.T. Mogannam. (2011). Documenting First Wave Feminisms: Transnational Collaborations and Crosscurrents. University of Toronto Press. পৃ. 209. ISBN 978-0-8020-9134-5
  5. ↑ Ellen L. Fleischmann. (2000). The Emergence of the Palestinian Women's Movement, 1929-39. Journal of Palestine Studies. পৃ. 19, 24
  6. ↑ Julie Peteet. (1992). Gender in Crisis: Women and the Palestinian Resistance Movement. Columbia University Press. পৃ. 44. ISBN 978-0-231-51605-1
  7. ↑ The Arab woman and the Palestine problem. WorldCat.org
  8. ↑ (12 August 1992). Matiel E.T. Mogannam. The Washington Post
  9. ↑ Seth J. Frantzman; Benjamin W. Glueckstadt; Ruth Kark. (2011). The Anglican Church in Palestine and Israel: Colonialism, Arabization and Land Ownership. Middle Eastern Studies. পৃ. 107,123

সম্পৰ্কিত শ্ৰেণী

অধিবক্তাপেলেষ্টাইনৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেটিয়েল মগানাম” প্ৰবন্ধৰ সংশোধন ৬২৪৯১৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।