অধিবক্তা
৩৭ প্ৰবন্ধ
-
সুখদা প্ৰীতম
সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে।
-
সুজাতা মনোহৰ
সুজাতা বসন্ত মনোহৰ (Sujata Manohar, জন্ম-২৮ আগষ্ট ১৯৩৪) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য।
-
সৌদাতু মাহদি
সৌদাতু মাহদি (Saudatu Mahdi; জন্ম:-২০ এপ্ৰিল ১৯৫৭)নাইজেৰিয়ান অধিবক্তা আৰু মহিলা অধিকাৰৰ এগৰাকী সমৰ্থক। তেওঁ মহিলা অধিকাৰ উন্নীতকৰণ আৰু সুৰক্ষা বিকল্প (WRAPA)ৰ মহাসচিব।
-
সৰোজিনী মহিষী
সৰোজিনী বিন্দুৰাও মহিষী (Sarojini Mahishi; ৩ মাৰ্চ ১৯২৭ – ২৫ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষক, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। ১৯৬২ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ চাৰিটা কাৰ্যকাল ধৰি ধৰৱাড় উত্তৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী মহিলা সংসদ সদস্য।
-
হিনা জিলানী
হিনা জিলানী (Hina Jilaniজন্ম:১৯ ডিচেম্বৰ ১৯৫৩) পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা৷ তেওঁ পঞ্জাৱৰ লাহোৰৰ মানৱ অধিকাৰৰ অধিবক্তা।তেওঁ পাকিস্তানৰ প্ৰথমটো সৰ্বমহিলা আইন সংস্থা, পাকিস্তানৰ প্ৰথম আইনী সাহায্য কেন্দ্ৰ আৰু মহিলা কাৰ্য্য মঞ্চৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
ৰমাবেন পেটেল
ৰমাবেন ৰামজীভাই মাৱনী পেটেল (Ramaben Ramjibhai Mavani Patelজন্ম ১৯৫৩) গুজৰাটৰ এগৰাকী অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ ৮ম লোকসভাৰ সদস্য আছিল।
-
ৰোজা জিনোছাৰ
ৰোজা জিনোছাৰ (Rosa Ginossar১৮৯০-১৯৭৯) এগৰাকী ইজৰাইলী অধিবক্তা আৰু মহিলা অধিকাৰ কৰ্মী আছিল। ফ্ৰেডা স্লুট্জকিনৰ পিছত তেওঁ মেণ্ডেটৰী পেলেষ্টাইনৰ দ্বিতীয়গৰাকী মহিলা অধিবক্তা হয় আৰু ইজৰাইলৰ প্ৰথমগৰাকী অনুশীলনকাৰী মহিলা অধিবক্তা আছিল। ১৯৬৬ চনৰ পৰা ১৯৭০ চনলৈকে তেওঁ WIZO-ৰ সভানেত্ৰী আছিল।