অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মৰিয়ম উৱাইছ

মৰিয়ম উৱাইছ (Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ সামাজিক বিনিয়োগৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১৭ মে’ ২০২৫ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মৰিয়ম উৱাইছ (Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ সামাজিক বিনিয়োগৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ তেওঁ কানো ৰাজ্যৰ উদ্যোগ মন্ত্ৰালয়, নাইজেৰিয়াৰ কেন্দ্ৰীয় বেংক আৰু নাইজেৰিয়াৰ আইন সংস্কাৰ আয়োগত কাম কৰিছিল।৩

বিশেষ উপদেষ্টা হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে উৱাইছ আছিল দৰিদ্ৰতাৰ বিৰোধী এগৰাকী কৰ্মী। তেওঁ এন-পাৱাৰত কাম কৰিছিল।৪

কৰ্মজীৱন

১৯৮১ চনত আহমদু বেলো বিশ্ববিদ্যালয়ত পঢ়ি উৱাইছে ১৯৮৫ চনত এল এল এম লাভ কৰে।৫ নাইজেৰিয়া ইনষ্টিটিউট অৱ এডভান্সড লিগেল ষ্টাডিজে সেই বছৰতে তেওঁক এডভান্সড প্ৰেকটিছ এণ্ড প্ৰচিডিৰত সন্মানৰ প্ৰমাণপত্ৰ আৰু ১৯৮৯ চনত লিগেল ড্ৰাফটিং প্ৰদান কৰে।৬

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰিষদৰ শিশু অধিকাৰৰ বিশেষ প্ৰতিবেদক হিচাপে তেওঁ কাম কৰিছিল। ২০০৯ চনত তেওঁ ইছা ৱালি সৱলীকৰণ পদক্ষেপ প্ৰতিষ্ঠা কৰে।তেওঁ ষ্টেনবিক আইবিটিচি হোল্ডিংছৰ অকাৰ্যবাহী সঞ্চালক আৰু পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাম কৰি আহিছে।৭

সক্ৰিয়তা

লিংগ সম্পৰ্কীয় বিষয় আৰু নাৰীবাদৰ ওপৰত তেওঁৰ পোষকতা কৰি আহিছে।৮

উৱাইছ নাইজেৰিয়াৰ ফেডাৰেল চৰকাৰৰ পৃষ্ঠপোষকতা আৰু মালিকানাধীন এট-ৰিস্ক-চাইল্ডেন প্ৰগ্ৰেমৰ ৰাষ্ট্ৰীয় সমন্বয়ক আছিল।৯

বঁটা-সন্মান

২০১১ চনত গুডলাক জোনাথানে মৰিয়াম, সৌদাতু মাহদী আৰু অন্যান্যসকলক ফেডাৰেল ৰিপাব্লিকৰ অৰ্ডাৰৰ সদস্যৰ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে।১০ আন্তৰ্জাতিক মহিলা সংস্থাই সেই বছৰতে তেওঁক বছৰৰ মানৱীয় বঁটা প্ৰদান কৰে।১১ ২০১২ চনত নাইজেৰিয়াত সেৱা আগবঢ়োৱা মহিলাসকলৰ বাবে এই ডে বঁটা লাভ কৰে।১২নাইজেৰিয়াত মহিলা আৰু শিশুৰ অধিকাৰ উন্নীতকৰণত অসাধাৰণ অৱদানৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বঁটা লাভ কৰিছিল।১৩

২০১৮ চনত শ্বৱাব ফাউণ্ডেশ্যন ফৰ ছ’চিয়েল এণ্টাৰপ্ৰেনিউৰশ্বিপৰ দ্বাৰা উৱাইছক ‘ৰাজহুৱা সামাজিক উদ্যোগী’ বঁটাৰে সন্মানিত কৰা হয়।১৪১৫

তথ্যসূত্ৰ

  1. ↑ Maryam Uwais, MFR is the current Special Advisor to President Muhammadu Buhari. United Nations Office on Drugs and Crime
  2. ↑ Things You Need to Know About Buhari's Special Adviser on Social Protection, Maryam Uwais. Nigerian Bulletin
  3. ↑ (2019-04-16). Maryam Uwais - Lagos Business School. Lagos Business School - Pan-Atlantic University
  4. ↑ (27 July 2018). How FG is eradicating poverty in Nigeria – Uwais. Daily Sun
  5. ↑ (4 September 2019). Nigeria: Spotlighting the Presidential Aides (I). All Africa via Leadership News
  6. ↑ (2019-04-16). Maryam Uwais - Lagos Business School. Lagos Business School - Pan-Atlantic University
  7. ↑ Maryam Uwais · CHAIRPERSON & FOUNDER ISA WALI EMPOWERMENT INITIATIVE (IWEI). Those Who Inspire
  8. ↑ Child marriage worst form of violence against the girl child – Uwais. The Nation
  9. ↑ Over 41,000 vulnerable Children to benefit from FG's ARC-P in Borno. Vanguard News
  10. ↑ Dangote, Jacobs, Genevieve, Yobo, Osita Iheme, 359 others make national honours lists. Vanguard Nigeria
  11. ↑ Ajumobi, Kemi. (6 December 2019). Women in Business- Maryam Uwais. Business Day
  12. ↑ 3 NLI Fellows and 1 Associate Honoured at the ThisDay Annual Awards for Excellence. Nigeria Leadership Initiative
  13. ↑ Adelanwa Bamgboye. (21 December 2015). NHRC at 20 - Receives 308,000 Complaint. All Africa via Daily Trust
  14. ↑ Mrs. (Barr.) Maryam Uwais OON. sydani group
  15. ↑ (September 23, 2019). World Economic Forum Lauds President Buhari's Social Investment Programme. Nigerian Television Authority

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মীঅধিবক্তামানৱ অধিকাৰ কৰ্মীৰাজনীতিবিদমহিলা ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়ম উৱাইছ” প্ৰবন্ধৰ সংশোধন ৫০৯৪৮৫ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।