ইতিহাসৰ আজিৰ দিনত
৩১ আগষ্ট
ঘটনাৱলী
- ১৭৫১ৰবাৰ্ট ক্লাইৱে চন্দ চাহেবৰ পৰা আৰ্কট দখল কৰে।
- ১৯২০আমেৰিকাৰ মিছিগান ৰাজ্য়ৰ চহৰ ডেট্ৰয়েটত বিশ্বত প্ৰথম ৰেডিঅত (ষ্টেছন এইট এম কে বা station 8MK) বাতৰি পৰিবেশন কৰা হৈছিল।
- ১৯৫৬ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ৰাজ্য পুনৰ গঠনৰ বিধেয়কত অনুমোদন জনায়।
- ১৯৫৭মালয়েছিয়াই যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে। (কেৱল সংযুক্ত মালয়)
- ১৯৬২কেৰিবিয়ান দেশ ত্ৰিনিদাদ আৰু টোবেগ'ৱে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৯৫কাৰ বোমা বিস্ফোৰণত পঞ্জাবৰ মুখ্যমন্ত্ৰী বেয়ান্ত সিং নিহত হৈছিল।
- ১৯৯৭ব্ৰিটেইন ৰাজকুমাৰী ডায়েনা পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনা মৃত্যু হয়।
- ২০২২ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২২ত জেৰেমি লালৰিন্নুংগাই ৬৭ কিলোগ্ৰাম শাখাৰ আৰু অচিন্ত্য শিউলিয়ে ৭৩ কিলোগ্ৰাম শাখাৰ ভাৰোত্তলনত সোণৰ পদক লাভ কৰে।
জন্ম
- ১২কেলিগোলা, তৃতীয় ৰোমান সম্ৰাট।
- ১৫৬৯চুলতান চেলীম মিৰ্জা (জাহাঙ্গীৰ), আকবৰৰ ডাঙৰ পুত্ৰ।
- ১৮২১হাৰমেন ভন হেল্মহটল্টজ, জাৰ্মান পদাৰ্থ বিজ্ঞানী।
- ১৮৭০মাৰিয়া মণ্টেছৰী, ইটালীৰ শিক্ষাবিদ, মণ্টেশ্বৰী শিক্ষাৰ বাবে জনাজাত। (মৃঃ ৬ মে' ১৯৫২)
- ১৮৭৪এডৱাৰ্ড লী থৰ্নডাইক (ইংঃ Edward Lee Thorndike), শিক্ষা-মনোবিজ্ঞানী, সংযোগবাদ তত্ত্বৰ (ইংঃ Connectionism) বাবে বিখ্য়াত। (মৃঃ ৯ আগষ্ট, ১৯৪৯)
- ১৯০৭ৰমন মেগছেছে, ফিলিপাইনৰ ৰাষ্ট্ৰপতি, তেখেতৰ সোঁৱৰণত প্ৰতি বছৰে আন্তৰ্জাতিক ৰমন মেগছেছে বঁটা আগবঢ়োৱা হয়। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়।
- ১৯১২হেৰম্বকান্ত বৰপূজাৰী, অসমীয়া ইতিহাসবিদ।
- ১৯১৯অমৃতা প্ৰীতম, হিন্দী আৰু পঞ্জাবী লেখিকা।
- ১৯৪৯ৰিছাৰ্ড জিয়েৰ, হলীউডৰ অভিনেতা।
- ১৯৫৬ছাই ইং-ৱেন, টাইৱানৰ ( চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ) সপ্তম ৰাষ্ট্ৰপতি।
- ১৯৬৩ঋতুপৰ্ণ ঘোষ, বঙালী কথাছবি পৰিচালক। (মৃঃ ৩০ মে', ২০১৩)
- ১৯৬৯জাভাগল শ্ৰীনাথ, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
- ১৯৭১ক্ৰিছ টাকাৰ, হলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা।
- ১৯৭৭জেফ হাৰ্ডী, ডব্লিউ ডব্লিউ ইৰ মল্ল যুঁজাৰু।
- ১৯৭৮বৰ্ণালী কলিতা, গায়িকা।
- ১৯৭৯মিকি জেমছ্, ডব্লিউ ডব্লিউ ইৰ মহিলা মল্ল যুঁজাৰু।
- ১৯৮৩ইৰা সিংঘল, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৮৫মহম্মদ বিন ছলমান, চৌদি আৰৱৰ যুৱৰাজ।
মৃত্যু
- ১৪২২হেনৰী পঞ্চম, ইংলেণ্ডৰ ৰজা।
- ১৯৪১আলফ্ৰেড হেটনাৰ, জাৰ্মান ভূগোল বিজ্ঞানী। (জন্মঃ ৬ আগষ্ট, ১৮৫৯)
- ১৯৬৯ৰকী মাৰ্ছিয়ান', আমেৰিকাৰ বক্সিং খেলুৱৈ, অপৰাজেয় হেভিৱেইট বক্সিং চেম্পিয়ন আছিল (১৯৫২-৫৬)। (জন্মঃ ১ ছেপ্টেম্বৰ, ১৯২৩)
- ১৯৯৫বেয়ান্ত সিং, পঞ্জাব, ভাৰতৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯৯৭ৰাজকুমাৰী ডায়েনা, ইংলেণ্ডৰ ৰাজকুমাৰী। (জঃ ১ জুলাই, ১৯৬১)
- ২০২০প্ৰণব কুমাৰ মুখাৰ্জী বা প্ৰণব মুখাৰ্জী (ইংৰাজী: Pranab Kumar Mukherjee) ভাৰত ৰত্ন আৰু ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। (মৃঃ ১১ ডিচেম্বৰ ১৯৩৫)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ