অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩০ আগষ্ট

ঘটনাৱলী

  • ১৬৫৯দাৰা শিকোহক (ঔৰংজেবৰ ভাতৃ) ঔৰংজেবে ৰাজপাটৰ বাবে মৃ্ত্য়ুদণ্ড দিয়ে।
  • ১৭৭৩পেচোৱা নাৰায়ণ ৰাওক দদায়েক ৰঘূনাথ ৰাওৱে হত্য়া কৰে।
  • ১৯৬২জাপানে NAMC YS-11 নামৰ উৰাজাহাজ খনৰ প্ৰথম পৰীক্ষণ কৰিছিল।
  • ১৯৭৪টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণত ৮জন নিহত আৰু ৩৭৮জন আহত হৈছিল। এই ঘটনাত জড়িত থকাৰ সন্দেহত ১৯৭৫ চনৰ ১৯ মে'ত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক আটক কৰিছিল।
  • ১৯৮৪আমেৰিকাৰ স্পেচ ছাটল ‘‘ডিস্ক’ভাৰি’’ৰ প্ৰথমটো উৰণ সম্পন্ন হৈছিল।
  • ১৯৯০লোকসভাত সৰ্বসন্মতিক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনক স্বায়ত্ত্ব শাসন প্ৰদান কৰা ঐতিহাসিক ‘‘প্ৰচাৰ ভাৰতী বিধেয়ক’’খন গৃহীত হয়।
  • ১৯৯৭অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰৰ অসমৰপৰা প্ৰত্যাগমন ঘটে।

জন্ম

  • ১৩৩৪পিটাৰ দা ক্ৰুয়েল, কেষ্টাইল আৰু লিঅ'নৰ স্পেইনিছ ৰজা।
  • ১৭৯৭মেৰী ৱলষ্টনেক্ৰফট গডউিন শ্বেলী, ইংৰাজ কবি শ্বেলীৰ পত্নী, তেওঁৰ প্ৰসিদ্ধ ৰচনা ফ্ৰেংকেনষ্টাইন।
  • ১৮৪৪ফ্ৰেইড্ৰিক ৰাটজেল, জাৰ্মান ভূগোল বিজ্ঞানী, জীৱন্ত স্থানৰ ধাৰণা আৰু জিঅ'পলিটিক্সৰ বাবে জনাজাত।
  • ১৮৫২যাকোবুছ হেনৰী, নেদাৰলেণ্ডৰ প্ৰখ্যাত বিজ্ঞানী, ১৯০১ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল, তেওঁই নোবেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী।
  • ১৮৭০মফিজুদ্দিন আহমদ হাজৰিকা, অসমীয়া কবি আৰু সাহিত্যিক। (মৃঃ ২৯ অক্টোবৰ, ১৯৫৮)
  • ১৮৭১আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড, পৰমাণু বিভাজনৰ অন্যতম পথ প্ৰদশৰ্ক, ১৯০৮ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে। (মৃঃ ১৯ অক্টোবৰ, ১৯৩৭)
  • ১৯১২নেঞ্চী ৱেক, দ্বিতীয় বিশ্বযুদ্ধৰ ব্ৰিটিছ গুপ্তচৰ আৰু সাংবাদিক।
  • ১৯৩০ৱাৰেন বাফেট, আমেৰিকাৰ এজন ধনী ব্যৱসায়ী।
  • ১৯৫৪আলেকজেণ্ডাৰ লুকাচেংক', বেলাৰুছৰ প্ৰথম ৰাষ্ট্ৰপতি।
  • ১৯৫৪ৰবি শংকৰ প্ৰসাদ, ভাৰতীয় ৰাজনেতা।
  • ১৯৭২কেমেৰুণ ডিয়াজ, হলীউডৰ অভিনেত্ৰী।
  • ১৯৮৯বিলি জ' চ'ণ্ডাৰ্ছ, ডব্লিউ বি অ'ৰ প্ৰাক্তন মিডলৱেইট চেম্পিয়ন বক্সিং খেলুৱৈ।

মৃত্যু

  • ১৪৮৩লুই একাদশ, ফ্ৰান্সৰ ৰজা।
  • ১৬৫৯দাৰা শিকোহ, ঔৰংজেবৰ ভাতৃ।
  • ১৭৫১ক্ৰীষ্ট'ফাৰ প'লহেম্, চুইডেনৰ বিজ্ঞানী আৰু উদ্ভাৱক।
  • ১৭৭৩নাৰায়ণ ৰাও, দশম মাৰাঠা পেচোৱা।
  • ১৯৪০ছাৰ জে জে থমছন, ইংৰাজ পদাৰ্থ বিজ্ঞানী, ইলেক্ট্ৰনৰ আৱিষ্কাৰক।
  • ১৯৮১মঃ আলি ৰাজাই, ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত মৃত্যু হৈছিল।
  • ১৯৮১মঃ বাহোনৰ, ইৰাণৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত মৃত্যু হৈছিল।
  • ১৯৮৮এলবাৰ্ট ফ্ৰে' ৱেচ্ছলিং, চুইজাৰলেণ্ডৰ উদ্ভিদ বিজ্ঞানী।
  • ১৯৯৫ফিছাৰ ব্লেক, আমেৰিকাৰ অৰ্থনীতিবিদ।
  • ২০০০হিতেশ ডেকা, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০০৮কৃষ্ণ কুমাৰ বিৰলা, ভাৰতীয় উদ্যোগপতি।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ