ইতিহাসৰ আজিৰ দিনত
২০ ডিচেম্বৰ
ঘটনাৱলী
- ১৭৫৭ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ পদত অধিষ্ঠিত হয়।
- ১৮৭৯ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমপৰ্যায়ৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম্ ৰচনা কৰা হয়। গীতটোৰ ৰচক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
- ১৮৭৯থমাছ আলভা এডিচন-এ প্ৰথমবাৰৰ বাবে বিজুলী বাতিৰ নমুনা ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰে।
- ২০১৮সদৌ অসম ছাত্ৰ সন্থায়ে প্ৰতিবছৰে প্ৰদান কৰি অহা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ২০১৮ বৰ্ষৰ বাবে শিৱ জিলাৰ গোৰ্খা লোককলা-সংস্কৃতিৰ সাধক বিনোদ খনাললৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
- ২০২১নিৰ্বাচনী আইন (সংশোধনী) বিধেয়ক- ২০২১ সংসদত গৃহীত। ভোটাৰ পৰিচয় পত্ৰ সৈতে আধাৰ সংযোগত সংসদৰ অনুমোদন। উল্লেখ্য যে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদত ঘোষণা কৰে যে এই সংযোগ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বেচ্ছামূলক।
জন্ম
- ১৯২৮মতিলাল ভোৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ১৩ মাৰ্চ ১৯৮৫ চনৰ পৰা ১৩ ফেব্ৰুৱাৰী ১৯৮৮ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। পুনৰ তেওঁ ২৫ জানুৱাৰী ১৯৮৯ চনৰ পৰা ৮ ডিচেম্বৰ ১৯৮৯ চনলৈ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ জন্ম ব্ৰিটিছ ভাৰতৰ যোধপুৰ ৰাজ্যৰ নিম্বি যোধাত হৈছিল। তেওঁ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু ২১ ডিচেম্বৰ, ২০২০।
- ১৯৩৩সুনীল কোঠাৰী, এগৰাকী প্ৰসিদ্ধ ভাৰতীয় নৃত্য ইতিহাসবিদ, পণ্ডিত আৰু সমালোচক আছিল। তেওঁ কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উদয় শংকৰ অধ্যাপকও আছিল। তেওঁক ২০০১ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। ভাৰতীয় শাস্ত্ৰীয় নৃত্যত সামগ্ৰিক অৱদানৰ বাবে তেওঁ ১৯৯৫ চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁক ১৯৬১ চনত কুমাৰ চন্দ্ৰক আৰু ২০১২ চনত ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক বঁটা প্ৰদান কৰা হৈছিল। মৃত্যু ২৭ ডিচেম্বৰ, ২০২০।
- ১৯৪৮আব্দুলৰাজাক গুৰ্নাহ, তাঞ্জানিয়াৰ ঔপন্যাসিক।
- ১৯৬৯ছহেইল খান, ভাৰতীয় অভিনেতা।
- ১৯৯৫চন্দন ৰয়, ভাৰতীয় অভিনেতা।
- ১৯৯৮কিলিয়ান এমবাপে, ফৰাচী পেছাদাৰী ফুটবলাৰ।
মৃত্যু
- ১৫৯০এম্বৌৰ্জ পাৰে, আধুনিক শৈল চিকিৎসাৰ জনক ৰূপে অভিহিত তথা প্ৰখ্যাত চিকিৎসক।
- ১৯১৫উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী, এগৰাকী বঙালী লেখক আৰু চিত্ৰশিল্পী আছিল। তেওঁৰ এখন লিখিত কিতাপ হৈছে "চোটডেৰ চেৰা বিজ্ঞান ৰচনা সংকলন"। তেওঁ সংস্কাৰক দ্বাৰকানাথ গাংগুলীৰ জোৱাই আছিল। তেওঁ এজন উদ্যোগীও আছিল। তেওঁ প্ৰথম ব্যক্তি আছিল যিয়ে বংগত ৰং মুদ্ৰণৰ পৰিচয় দিছিল। তেওঁ ১৯১৩ চনত প্ৰথম ৰঙৰ শিশু আলোচনী "সন্দেশ" আৰম্ভ কৰিছিল। জন্ম ১২ মে', ১৮৬৩।
- ১৯৭৩এডমিৰেল লুইছ কাৰেৰো ব্লেঙ্ক', স্পেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৯৬কাৰ্ল এডৱাৰ্ড চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ