অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বন্দে মাতৰম্‌

বন্দে মাতৰম্ (সংস্কৃত: 'वन्दे मातरम्'; "মাতৃ বন্দনা") বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

বন্দে মাতৰম্ (সংস্কৃত ভাষা: 'वन्दे मातरम्'; "মাতৃ বন্দনা"১২) বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত৩ এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প। শ্ৰীঅৰবিন্দ 'বন্দে মাতৰম্' গীতটোক "বঙ্গদেশৰ জাতীয় সংগীত" (National Anthem of Bengal) বুলি উল্লেখ কৰে।৪ ভাৰতৰ স্বাধীনতা আন্দোলনত এই গীতটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

১৮৯৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত সৰ্বপ্ৰথম ৰাজনৈতিক প্ৰেক্ষাপটত গোৱা হয় 'বন্দে মাতৰম্'; উক্ত অধিবেশনত গীতটো পৰিবেশন কৰিছিল স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰে।৫ ১৯৫০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে 'জন গণ মন' ভাৰতৰ জাতীয় সংগীতৰ মৰ্যাদা লাভ কৰাত 'বন্দে মাতৰম্' গীতটোক ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় স্তোত্ৰৰ মৰ্যাদা দিয়া হয়।৫ তথাপি একাধিক ভাৰতীয় মুছলিম সংগঠনে 'বন্দে মাতৰম্' গোৱাৰ বিৰুদ্ধে ফতোয়া জাৰি কৰে। তেওঁলোকৰ মতে, ভাৰত মাতাৰ বন্দনাগীতি এই গীতটোৰ মূলভাবনা ইছলাম-নিষিদ্ধ পৌত্তলিকতা অনুসৰি।৬

১৯০৯ চনত শ্ৰীঅৰবিন্দই 'Mother, I bow to thee! ' শিৰোনাম 'বন্দে মাতৰম্' গীতটোৰ ইংৰাজী অনুবাদ কৰে। ইংৰাজী ভাষাত এই অনুবাদটি বহুল প্ৰচলিত।৭ একাধিকবাৰ এই গীতটোত সুৰাৰোপ কৰা হয়। 'বন্দে মাতৰম্' সঙ্গীতৰ প্ৰাচীনতম প্ৰাপ্ত অডিও ৰেকৰ্ডিংটি ১৯০৭ চনৰ। সমগ্ৰ বিংশ শতাব্দীত গীতটো প্ৰায় এশটা ভিন্ন সুৰত ৰেকৰ্ড কৰা হৈছিল। ২০০২ চনত বিবিচি ৱৰ্ল্ড চাৰ্ভিচ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহটা জনপ্ৰিয় গান নিৰ্বাচনৰ এটা আন্তৰ্জাতিক সমীক্ষা চলায়। এই সমীক্ষাত ৭০০০ গানৰ মাজৰ পৰা এ. আৰ. ৰহমান সুৰাৰোপিত 'বন্দে মাতৰম্' গীতটোৱে বিশ্বৰ দ্বিতীয় জনপ্ৰিয়তম গান নিৰ্বাচিত হয়।৮

পাঠ

'আনন্দমঠ' উপন্যাসৰ মূল পাঠ৯:জাতীয় স্তোত্ৰৰূপে গৃহীত অংশ:সত্যেন্দ্ৰনাথ দত্ত দ্বাৰা বঙালী অনুবাদ১০:শ্ৰীঅৰবিন্দ দ্বাৰা ইংৰাজী অনুবাদ:
বন্দে মাতৰম্ সুজলাং সুফলাং মলয়জশীতলাং শস্যশ্যামলাং মাতৰম্। শুভ্ৰ-জ্যোৎস্না-পুলকিত-যামিনীম্ ফুল্লকুসুমিত-দ্ৰুমদলশোভিনীম্, সুহাসিনীং সুমধুৰভাষিণীম্ সুখদাং বৰদাং মাতৰম্। সপ্তকোটীকণ্ঠকলকলনিনাদকৰালে দ্বিসপ্তকোটীভুজৈৰ্ধৃতখৰ-কৰবালে, অবলা কেন মা এত বলে। বহুবলধাৰিণীং নমামি তাৰিণীং ৰিপুদলবাৰিণীং মাতৰম্। তুমি বিদ্যা তুমি ধৰ্ম তুমি হৃদি তুমি মৰ্ম ত্বং হি প্ৰাণাঃ শৰীৰে। বাহুতে তুমি মা শক্তি হৃদয়ে তুমি মা ভক্তি তোমাৰই প্ৰতিমা গড়ি মন্দিৰে মন্দিৰে। ত্বং হি দুৰ্গা দশপ্ৰহৰণধাৰিনী কমলা কমল-দলবিহাৰিণী বাণী বিদ্যাদায়িনী নমামি ত্বাং নমামি কমলাম্ অমলাং অতুলাম্ সুজলাং সুফলাম্ মাতৰম্ বন্দে মাতৰম্ শ্যামলাং সৰলাং সুস্মিতাং ভূষিতাম্ ধৰণীং ভৰণীম্ মাতৰম্।বন্দে মাতৰম্ সুজলাং সুফলাং মলয়জশীতলাং শস্যশ্যামলাং মাতৰম্। শুভ্ৰ-জ্যোৎস্না-পুলকিত-যামিনীম্ ফুল্লকুসুমিত-দ্ৰুমদলশোভিনীম্, সুহাসিনীং সুমধুৰভাষিণীম্ সুখদাং বৰদাং মাতৰম্।বন্দনা কি মায়! সুজলা, সুফলা, শস্যশ্যামলা, চন্দন-শীতলায়! যাঁহা জ্যোৎস্না-পুলকিত াতি যাঁহা ভূষণ বনফুল পাঁতি, সুহাসিনী সেই মধুভাষিণী–সুখদায়–বদায়! বন্দনা কি মায়! সপ্তকোটি কণ্ঠনিনাদ যাঁহা গগন ছায়, চৌদ্দটা কোটি হস্তে যাঁহা চৌদ্দটা কোটি ধৃত তবা, এত বল তাঁ তবু মা আমা অবলা কেন গো হায়? বন্দনা কি মায়!Mother, I bow to thee! Rich with thy hurrying streams bright with orchard gleams, Cool with thy winds of delight, Dark fields waving Mother of might, Mother free. Glory of moonlight dreams, Over thy branches and lordly streams, Clad in thy blossoming trees, Mother, giver of ease Laughing low and sweet! Mother I kiss thy feet, Speaker sweet and low! Mother, to thee I bow.

ইতিহাস আৰু গুৰুত্ব

ৰচনা

সাধাৰণভাবে অনুমান কৰা হয়, ১৮৭৬ চনত ব্ৰিটিছ চৰকাৰৰ অধীনত চাকৰিত থকা অৱস্থাতেই 'বন্দে মাতৰম্' ৰচনাৰ কথা ভাবিছিল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে। তথাপি ঠিক কোন সময়ত তেওঁ গীতটি ৰচনা কৰিছিল তাক জনা নাযায়। ১৮৮২ চনত বঙ্কিমচন্দ্ৰৰ 'আনন্দমঠ' উপন্যাসত প্ৰথম গীতটি প্ৰকাশিত হয়।৩ ৰচনাৰ পৰৱৰ্তী কালত লেখকে যদুভট্টক গীতটিত সুৰাৰোপ কৰাৰ বাবে অনুৰোধ কৰে।৩

ভাৰতৰ স্বাধীনতা আন্দোলন

"বন্দে মাতৰম্" ব্ৰিটিছ শাসনৰ হাতৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জাতীয় ধ্বনিত পৰিণত হয়। প্ৰথম কলিকতা মহানগৰীত প্ৰধান প্ৰধান ৰাজনৈতিক সমাবেশত "বন্দে মাতৰম্" ধ্বনি দিয়া আৰম্ভ হয়। এই ধ্বনিৰ তীব্ৰ প্ৰতিক্ৰিয়াত ভয় খাই ব্ৰিটিছ চৰকাৰে জনসাধাৰণৰ মাজত এই ধ্বনিৰ উচ্চাৰণ নিষিদ্ধ কৰি দিয়ে; এই সময়ত বহু স্বাধীনতা সংগ্ৰামী "বন্দে মাতৰম্'' ধ্বনি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল। ১৮৯৬ চনত বিডন স্কোয়াৰত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলকাতা অধিবেশনত গীতটি পৰিবেশন কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। পাঁচ বছৰৰ পাছত ১৯০১ চনৰ কংগ্ৰেছৰ কলকাতা অধিবেশনত গীতটি পৰিবেশন কৰে দক্ষিণাচৰণ সেনে। ১৯০৫ চনত কংগ্ৰেসছৰ বাৰাণসী অধিবেশনত গীতটি পৰিবেশন কৰিছিল সৰলা দেৱী চৌধুৰাণী। লালা লাজপত ৰায়ে লাহোৰৰ পৰা 'বন্দে মাতৰম্' নামৰ এখন সাময়িকপত্ৰ প্ৰকাশ কৰিছিল।৩ ১৯০৫ চনত হীৰালাল সেনে ভাৰতৰ প্ৰথম ৰাজনৈতিক চলচ্চিত্ৰটি নিৰ্মাণ কৰিছিল; এই চলচ্চিত্ৰৰ সমাপ্তি হৈছিল গীতটিৰ মাধ্যমত। ব্ৰিটিছ পুলিচৰ হাতত নিহত হোৱাৰ আগেয়ে মাতঙ্গিনী হাজৰাৰ শেষ উচ্চাৰিত শব্দ আছিল "বন্দে মাতৰম্।" ১১

১৯০৭ চনত ভিখাজী কামা (১৮৬১–১৯৩৬) ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ যিয়ে ৰূপদান কৰিছিল, পতাকাৰ মাজৰ শাৰীত দেৱনাগৰী হৰফত "বন্দে মাতৰম্‌" ধ্বনিটো খোদিত হৈছিল।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সত্যেন্দ্ৰনাথ দত্তদেৱৰ দ্বাৰা সংস্কৃতাংশৰ বঙালী অনুবাদ, 'জাতীয় সংগীত' (ভাৰতবৰ্ষ), 'তীৰ্থ-সলিল', 'সত্যেন্দ্ৰ কাব্যগুচ্ছ', সাহিত্য সংসদ, কলকাতা, পৃ. ১৬১
  2. ↑ Sanskrit '' (1st class, atmanepadam) "to praise, celebrate, laud, extol; to show honour, do homage, salute respectfully or deferentially, venerate, worship, adore" (Monier Williams)
  3. ↑ Suresh Chandvankar, Vande Mataram (2003) at 'Musical Traditions' (mustrad.org.uk)
  4. ↑ Sri Aurobindo commented on his English translation of the poem with "It is difficult to translate the National Anthem of Bengal into verse in another language owing to its unique union of sweetness, simple directness and high poetic force." cited after Bhabatosh Chatterjee (ed.), 'Bankim Chandra Chatterjee: Essays in Perspective', Sahitya Akademi, Delhi, 1994, p. 601
  5. ↑ National Symbols of India. ভাৰত চৰকাৰ
  6. ↑ "Fatwa against Vande Mataram"
  7. ↑ Sri Aurobindo, 'Bande Mataram and a lecture on the hidden meaning of that song' (1908, 1909)
  8. ↑ The Worlds Top Ten — BBC World Service
  9. ↑ 'বঙ্কিম ৰচনাৱলী', প্ৰথম খণ্ড, যোগেশচন্দ্ৰ বাগল সম্পাদিত, সাহিত্য সংসদ, কলকাতা, পৃ. ৬৬৩-৬৪-এৰ পাঠানুসাৰে
  10. ↑ 'তীৰ্থ-সলিল' কাব্যগ্ৰন্থত সত্যেন্দ্ৰনাথে প্ৰথম কেইটামান পংক্তিৰ অনুবাদ কৰে। দ্ৰঃ 'সত্যেন্দ্ৰ কাব্যগুচ্ছ', ড. অলোক ৰায় সম্পাদিত, সাহিত্য সংসদ, কলকাতা, পৃ. ১৬১
  11. ↑ Chakrabarty, Bidyut. (1997). Local Politics and Indian Nationalism: Midnapur (1919-1944). Manohar. পৃ. 167
  12. ↑ p2

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকভাৰতীয় সাহিত্যকবিতাজাতীয় সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দে মাতৰম্‌” প্ৰবন্ধৰ সংশোধন ৬৩৭৪২৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।