অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দন ৰয়

চন্দন ৰয়(জন্ম:২০ ডিচেম্বৰ,১৯৯৫) এগৰাকী ভাৰতীয় অভিনেতা। The Viral Fever ৰ দ্বাৰা নিৰ্মিত পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক) ৰ দ্বাৰা তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৩ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

চন্দন ৰয়(জন্ম:২০ ডিচেম্বৰ,১৯৯৫) এগৰাকী ভাৰতীয় অভিনেতা। The Viral Fever ৰ দ্বাৰা নিৰ্মিত পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক) ৰ দ্বাৰা তেওঁ অভিনয় জীৱন আৰম্ভ কৰে।১ দীপক কুমাৰ গুপ্তাৰ দ্বাৰা পৰিচালিত ৱেব ছিৰিজ খনত ৰয়ে প্ৰবীণ অভিনেতা ৰঘুবীৰ যাদৱ, নীনা গুপ্তা, জীতেন্দ্ৰ কুমাৰ আদিৰ সৈতে বিকাশ শুক্লাৰ চৰিত্ৰত অভিনয় কৰিছে। ৱেব ছিৰিজ খনত অভিনয় কৰাৰ পিছৰে পৰা তেওঁ দৰ্শক আৰু চলচ্চিত্ৰ সমালোচকৰ পৰা সমালোচনাত্মক মূল্যায়ন লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন

চন্দন ৰয়ৰ ঘৰ বিহাৰৰ মহনাৰৰ এখন গাঁৱত। স্কুলীয়া দিনত তেওঁ স্কুলৰ নাটক আৰু সামূহিক অনুষ্ঠানত অভিনয় কৰিছিল, যাৰ ফলত অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ গঢ়ি উঠিছিল। তাৰ পিছত ৰয়ে পাটনা বিশ্ববিদ্যালয়ৰ পৰা গণ যোগাযোগত স্নাতক ডিগ্ৰী লাভ কৰাৰ উদ্দেশ্যে পাটনালৈ যায়।২ পাটনাত তেওঁ কলেজৰ থিয়েটাৰ চাৰ্কিটৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল, বাটৰ নাট পৰিৱেশন কৰিছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানত নামভৰ্তি কৰে আৰু ৰেডিঅ' আৰু টেলিভিছনত ডিপ্ল'মা লাভ কৰে।৩

কেৰিয়াৰ

ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী পোৱাৰ পিছত তেওঁ দৈনিক জাগৰণত সাংবাদিক হিচাপে কাম কৰিছিল। তদুপৰি ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানত থকা কালছোৱাত ৰয়ে দিল্লীত বাহৰুপ থিয়েটাৰ গ্ৰুপ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আৰু নেচনেল স্কুল অৱ ড্ৰামা আদিৰ সৈতে জড়িত আছিল।

জাগৰণত ডেৰ-দুবছৰ কাম কৰাৰ পিছত ৰয়ে চাকৰি এৰি ২০১৭ চনত মুম্বাইলৈ গুচি যায়।কিন্তু ২০১৯ চনত তেওঁ বিকাশ শুক্লাৰ চৰিত্ৰত পঞ্চায়তত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে জনপ্ৰিয় হৈ পৰে।

চলচ্চিত্ৰপঞ্জী

+Key"বৰ্তমানলৈকে মুক্তি নাইপোৱা" এই অৰ্থত বুজোৱা হৈছে।

ফিল্ম

বৰ্ষফিল্মচৰিত্ৰটোকাRef.
২০২০জামুনদিনো৪
২০২১State of Siege: Temple AttackমহচিনA ZEE5 original film
সনকৰিয়াজ আহমেদ মটলেকাৰ
হনকজিল্লে৫

ৱেব ছিৰিজ

বৰ্ষশিৰোনামচৰিত্ৰমাধ্যমRef.
২০২০পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)বিকাশ শুক্লাএমাজন প্ৰাইম ভিদিঅ'৬
২০২১হোষ্টেল ডেজ ছিজন ২সন্তোষএমাজন প্ৰাইম ভিদিঅ'৭
২০২২চুনাবিষ্ণুনেটফ্লিক্স৮
পঞ্চায়ত ছিজন ২বিকাশ শুক্লাএমাজন প্ৰাইম ভিদিঅ'

তথ্যসূত্ৰ

  1. ↑ (3 August 2021). Mine is a filmy journey from village to here: Chandan Roy. Hindustan Times
  2. ↑ Joshi, Namrata. (22 April 2020). Panchayat's Chandan Roy: ‘The problems of poor farmers and workers is the same everywhere’. The Hindu
  3. ↑ (1 June 2020). Know more about Chandan Roy and his journey from Vaishali to Mumbai. PatnaBeats
  4. ↑ Jamun (2021) – IMDb
  5. ↑ Hanak (2021) – IMDb
  6. ↑ (19 April 2020). Chandan Roy: Panchayat’s set was like a school for me. The Indian Express
  7. ↑ "Hostel Daze" Gandagi (TV Episode 2021) – IMDb
  8. ↑ (16 June 2021). Jimmy Sheirgill, Namit Das to star in Netflix series Choona. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দন ৰয়” প্ৰবন্ধৰ সংশোধন ৩৯৭৬৯৮ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।