ইতিহাসৰ আজিৰ দিনত
২১ ডিচেম্বৰ
ঘটনাৱলী
- ২০১৭অসমীয়া ভাষাৰ উপন্যাস মৰিয়াহোলাৰ বাবে ঔপন্যাসিক জয়ন্ত মাধৱ বৰালৈ আৰু বড়ো ভাষাৰ উপন্যাস থৈছামৰ বাবে ড° ৰীতা বড়োলৈ ২০১৭ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হয়। ইয়াৰ উপৰি এটি কলি দুটি পাত গ্ৰন্থৰ বাবে বাবুল তামূলীলৈ সাহিত্য অকাডেমি অনুবাদ বঁটা আগবঢ়োৱাৰ কথাও ঘোষণা কৰা হয়।
জন্ম
- ১৯৭১প্ৰীতি শ্বিনয়, ভাৰতীয় লেখিকা।
- ১৯৭৭ইমানুৱেল মেক্ৰণ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি।
- ১৯৮১এলভিছ আলী হাজৰিকা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ।
মৃত্যু
- ২০২০মতিলাল ভোৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ১৩ মাৰ্চ ১৯৮৫ চনৰ পৰা ১৩ ফেব্ৰুৱাৰী ১৯৮৮ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। পুনৰ তেওঁ ২৫ জানুৱাৰী ১৯৮৯ চনৰ পৰা ৮ ডিচেম্বৰ ১৯৮৯ চনলৈ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ জন্ম ব্ৰিটিছ ভাৰতৰ যোধপুৰ ৰাজ্যৰ নিম্বি যোধাত হৈছিল। তেওঁ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জন্ম ২০ ডিচেম্বৰ, ১৯২৮।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ