অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৫ ডিচেম্বৰ

ঘটনাৱলী

  • ১০২৫দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ কৰে।
  • ১৮৮৪যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে নেৰ'গজ ৰেলসেৱাৰ অধীনত মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়।
  • ১৯৯৩পৃথিৱীৰ ১১৭খন দেশৰ গেট চুক্তিত (GATT- General Agreement of Tarriffs and Trade) স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান কৰে।

জন্ম

  • ১৮৫২এণ্টোইন হেনৰী বেকুৱেৰেল, ফৰাচী পদাৰ্থবিদ, তেজষ্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক। তেজস্ক্ৰিয় ৰশ্মি আৱিষ্কাৰ কৰাৰ বাবে তেওঁ মেৰী কুৰী আৰু পিয়েৰ কুৰীৰ সৈতে ১৯০৩ চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। বেকুৱেৰেলক বহুতো বিভিন্ন বৈজ্ঞানিক আৱিষ্কাৰৰ নাম হিচাপে সন্মানিত কৰা হৈছে। তেজস্ক্ৰিয়তাৰ বাবে এছ.আই. গোট, বেকুৱেৰেল (বি.কিউ.) তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। মৃত্যু ২৫ আগষ্ট, ১৯০৮।
  • ১৮৬০নীলছ ৰাইবাৰ্গ ফিনচেন, এগৰাকী ফাৰোইজ-আইচলেণ্ডীয় চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ আধুনিক ফটো থেৰাপীৰ জনক বুলি কোৱা হয়। তেওঁ বিশেষকৈ লুপাছ ভালগাৰিছ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিক ঘনীভূত পোহৰৰ বিকিৰণৰ দ্বাৰা আৰোগ্য কৰি তুলিবলৈ সক্ষম হোৱাত চিকিৎসা বিজ্ঞানত তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে ১৯০৩ চনৰ মেডিচিন আৰু ফিজিঅ'লজীৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল। এই আৱিষ্কাৰৰ দ্বাৰা তেওঁ চিকিৎসা বিজ্ঞানৰ বাবে এক নতুন পথ মুকলি কৰিছিল। মৃত্যু ২৪ ছেপ্তেম্বৰ, ১৯০৪।
  • ১৯৩০দুৰ্গেশ্বৰ বৰঠাকুৰ, এগৰাকী অসমীয়া নাট্যকাৰ, অভিনেতা। ৰিজাৰ্ভ বেংকৰ চাকৰিৰে কৰ্মজীৱনৰ আৰম্ভণি কৰা দুৰ্গেশ্বৰ বৰঠাকুৰে পৰৱৰ্তী সময়ত সেই চাকৰি ত্যাগ কৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান প্ৰযোজক হিচাপে যোগদান কৰে। এগৰাকী অনাতাঁৰ নাট্যকাৰ হিচাপে দুৰ্গেশ্বৰ বৰঠাকুৰৰ বিহ গুটিৰ বিলৈ, প্ৰবীন ফুকনৰ চাকৰি, ফেৰিৱালা, তমশা ৰাতিয়েও শ্ৰোতাৰ মন জয় কৰিছে। মৃত্যু ২২ জানুৱাৰী, ১৯৯৬।
  • ১৯৩৫ঊষা মংগেশকাৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), হিন্দী ভাষা, মাৰাঠী ভাষা, কন্নড় ভাষা, ভোজপুৰী ভাষা, বঙালী ভাষা, মেইতেই ভাষা আৰু নেপালী ভাষা ভাষাত গীত বাণীবদ্ধ কৰিছে। ইয়াৰ উপৰি এগৰাকী প্ৰযোজক হিচাপে তেওঁ আখে(১৯৬৮), নাচিব(১৯৮১) আৰু দিৱাৰ(১৯৭৫)ৰ বাবে জনাজাত।
  • ১৯৮৮গীতা ফোগাট, ভাৰতীয় মহিলা মল্লযোদ্ধা। এগৰাকী ফ্ৰীষ্টাইল মল্লযোদ্ধা যিয়ে ২০১০ চনত কমনৱেলথ গেমছত মল্লযুদ্ধত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জিকিছিল। তেওঁ গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়াৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা। ইয়াৰ উপৰি তেওঁ ডেভ শুল্ট্জ মেম'ৰিয়েল টুৰ্ণামেণ্ট ২০১৩ চনত ৰূপৰ পদক আৰু ২০১৪ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

মৃত্যু

  • ১৯৬৬ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ তথা উদ্যোগী।
  • ১৯৭৪ৰচুলন বাঈ, ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী।
  • ২০১৯ৰাজেশ খৈতান, পশ্চিমবঙ্গৰ ৰাজনীতিবিদ।
  • ২০২২ড° শিৱনাথ বৰ্মন, এগৰাকী অসমীয়া সাহিত্যিক, চিন্তাবিদ। আৰ্য কলেজৰ প্ৰাক্তন অধ্যাপক। তেখেত জনসাধাৰণ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। ২০২২ বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়। ২০২২ চনত, তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল। জন্ম ১৯৪২।
  • ২০২৪জাকিৰ হুছেইন, ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ