অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৬ ডিচেম্বৰ

ঘটনাৱলী

  • ১৯৫৭নাটোৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।
  • ১৯৭১পূৱ পাকিস্তান (বাংলাদেশ) গঠনৰ বাবে চলা যুদ্ধত ভাৰতেও অংশ লৈ পশ্চিম পাকিস্তানৰ সেনাক পৰাভূত কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।
  • ১৯৯১ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত ‘‘এই বাতৰি’’ নামৰ সংবাদপত্ৰখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল।
  • ২০০২বলীউডত খ্যাতি লাভ কৰা অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল, দীপান্বিতা শৰ্মাই ১৬ ডিচেম্বৰ চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা চলচ্চিত্ৰজগতত খোজ দিয়ে।
  • ২০১৪পাকিস্থানৰ পেছাৱৰত সন্ত্ৰাসবাদীয়ে আৰ্মি পাব্লিক স্কুলত কৰা অতৰ্কিত আক্ৰমণত মুঠ ১৪১ জন নিৰীহ লোকৰ প্ৰাণ হানি হয়, যাৰ মাজত মুঠ ১২৩ জন ছাত্ৰ-ছাত্ৰী থিতাতে নিহত হয়।

জন্ম

  • ১৭৭৫জেন অষ্টিন, বিখ্যাত ইংৰাজ লেখিকা। প্ৰাইড এণ্ড প্ৰিজুডিছ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
  • ১৮৪০উমেশচন্দ্ৰ দত্ত, ভাৰতীয় সমাজ সংস্কাৰক।
  • ১৮৬৬ৱাছিলি কেন্দিস্কি, প্ৰভাৱশালী ৰুছ চিত্ৰশিল্পী।
  • ১৯১৭আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
  • ১৯৪০মাধুৰী চট্টোপাধ্যায়, বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী। ১৯৬০, ৭০ আৰু ৮০ ৰ দশকত জনপ্ৰিয় বাংলা ভাষাত কণ্ঠদান কৰা গীত, গজল, বঙালী আধুনিক গীত, শাস্ত্ৰীয় সংগীত আৰু ৰবীন্দ্ৰ সংগীতত তেওঁৰ অৱদানৰ বাবে মাধুৰী চট্টোপাধ্যায় চিৰদিনলৈ স্মৰণীয় হৈ ৰ'ব। তেওঁ কেইখনমান বাংলা চলচ্চিত্ৰৰ বাবে নেপথ্য গায়িকা আছিল। পিছলৈ তেওঁ কণ্ঠদান কৰা গীতসমূহ একত্ৰিত কৰি শ্যামা সংগীত নামেৰে এলবাম তৈয়াৰ কৰিছিল। মৃত্যু ১৯ অক্টোবৰ, ২০১৩।
  • ১৯৮৬হৰ্ষদীপ কৌৰ, ভাৰতীয় সংগীতশিল্পী।

মৃত্যু

  • ৭০৫উ জেতিয়ান, চীনৰ টাং ৰাজবংশৰ শাসক।
  • ১৯৬৫ছমাৰছেট মম, কুৰি শতিকাৰ ইংৰাজ লেখক, নাট্যকাৰ, ঔপন্যাসিক।
  • ২০২৩জয়ন্ত দাস, অসমীয়া অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ