অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা ফোগাট

গীতা ফোগাট (জন্ম ১৫ ডিচেম্বৰ ১৯৮৮)

হালনাগাদ: ২ মে’ ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গীতা ফোগাট (জন্ম ১৫ ডিচেম্বৰ ১৯৮৮) হৈছে ২০১০ চনত কমনৱেলথ গেমছত মহিলাৰ মল্লযুদ্ধত ভাৰতলৈ স্বৰ্ণ পদক কঢ়িয়াই অনা প্ৰথম গৰাকী ফ্ৰীষ্টাইল মল্লযোদ্ধা। তেওঁ হৈছে গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়াৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা।১

ব্যক্তিগত জীৱন আৰু পৰিয়াল

১৯৮৮ চনৰ ১৫ ডিচেম্বৰত হাৰিয়ানাৰ ছৰখী দাদ্ৰী জিলাৰ বালালী গাঁৱত গীতা ফোগাটৰ জন্ম হৈছিল।২ তেওঁৰ দেউতাক মহাবীৰ সিং ফোগাট হৈছে দ্ৰোণাচাৰ্য বঁটা প্ৰাপ্ত এজন প্ৰাক্তন মল্লযোদ্ধা তথা তেওঁৰ প্ৰশিক্ষক।৩৪

গীতাৰ ভগ্নী ববিতা কুমাৰী আৰু সম্পৰ্কীয় ভাতৃ বিনেশ ফোগাটো কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী মল্লযোদ্ধা।৫৬ দুয়ো ১০১৪ চনৰ কমনৱেলথ গেমছৰ তেওঁলোকৰ নিজ নিজ শাখাত সোণৰ পদক অৰ্জন কৰিছিল। গীতা ফোগাটৰ আন এগৰাকী সৰু ভগ্নী ৰিতু ফোগাটো এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা আৰু ২০১৬ চনৰ কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। তাইৰ কনিষ্ঠা ভগ্নী, সঙ্গীতা ফোগাটো এগৰাকী মল্লযোদ্ধা। গীতা আৰু তেওঁৰ ভগ্নী তথা সম্পৰ্কীয় ভাই-ভনীৰসকলৰ প্ৰতিভাই গৃহ ৰাজ্য হাৰিয়ানা আৰু দেশৰ বাকী অংশত ছোৱালী আৰু মহিলাসকলৰ প্ৰতি মানসিকতা আৰু মনোভাৱৰ পৰিৱৰ্তনত অৰিহণা যোগাইছে।

২০১৬ চনৰ নৱেম্বৰ মাহত গীতা ফোগাটে তেওঁৰ সহ মল্লযোদ্ধা পৱন কুমাৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।৭ ২০১৯ চনৰ ডিচেম্বৰত তেঁও এটি পুত্ৰ সন্তানৰ মাতৃ হয়।৮

কেৰিয়াৰ

২০০৯ কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপ

২০০৯ চনৰ ১৯ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত “২০০৯ কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপ”ত সোণৰ পদক অৰ্জন কৰে।৯

২০১০‌ কমনৱেলথ গেমচ

২০১০ চনৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথম সোনৰ পদক অৰ্জন কৰে।১০১১

২০১২ গীষ্মকালীন অলিম্পিক

গীতা ফোগাটে “২০১২ গীষ্মকালীন অলিম্পিক”ত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে যদিও কোনো পদক লাভ কৰিবলৈ সক্ষম নহ’ল।১২

২০১২ ৱৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপ

২০১২ চনত কানাডাত অনুষ্ঠিত ৱৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপত ফোগাটে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।১৩

প্ৰথম ৰাউণ্ডত ফোগাটে ৰাছিয়াৰ মাৰিয়া গুৰোভাক (Maria Gurova) ৩:১ নম্বৰত পৰাস্ত কৰে। দ্বিতীয় ৰাউণ্ডত তেঁও জাপানৰ চাওৰি য়োশিদাৰ (Saori Yoshida) হাতত ৫:০ নম্বৰত পৰাজিত হয়। জাপানী মল্লযোদ্ধা গৰাকী ফাইনেলত উপনীত হোৱাৰ লগে লগে ফোগাটে ৰিপেচেজ ৰাউণ্ডত প্ৰতিদ্বন্দিতা কৰে, প্ৰথমে তেঁও কাজাখাস্তানৰ আকজিয়া দাউটবায়েভাক (Akziya Dautbayeva) ৩:১ নম্বৰত পৰাস্ত কৰে আৰু তাৰ পিছত ইউক্ৰেইনৰ নাটালিয়া ছিনিছিনক (Natalya Sinishin) ৩:০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।১৪

২০১২ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ

২০১২ চনত অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত ফোগাটে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

২০১৩ কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপ

২০১৩ চনত অনুষ্ঠিত কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপত ফোগাটে ৰূপৰ পদক অৰ্জন কৰে।১৫

২০১৫ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ

২০১৫ চনত অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত ফোগাটে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।১৬

জনপ্ৰিয় সংস্কৃতি

২০১৬ চনৰ ২৩ ডিচেম্বৰত মুক্তি লাভ কৰা আমিৰ খানৰ দংগল নামৰ চলচ্চিত্ৰখন গীতা ফোগাট আৰু তাইৰ ভগ্নীৰ কাহিনীৰ ওপৰত আধাৰিত।১৭১৮১৯ চলচ্চিত্ৰখনত গীতাৰ চৰিত্ৰটো ফাতিমা ছানা শ্বেখে অভিনয় কৰিছিল আৰু তাইৰ সৰু ভগ্নীৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল জাইৰা ৱাছিমে। চলচ্চিত্ৰখনত মল্লযোদ্ধা পূজা ধণ্ডাক ববিতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল কিন্তু আঘাতৰ বাবে তেওঁ অভিনয় কৰিব নোৱাৰিলে।

তথ্যসূত্ৰ

  1. ↑ Mail Today Correspondent. (2 April 2012). Geeta clinches gold to qualify for Olympics. ইণ্ডিয়া টুডে
  2. ↑ Anindita Ghosh. (8 June 2016). The Powerhouse Phogat Siblings and their Cousin - Deeta, Babita and Vinesh. Femina
  3. ↑ Hindol Basu. (14 June 2015). The hero behind 'Dangal' – Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ IANS. (11 August 2014). Wrestling coach Mahavir Phogat overlooked for Dronacharya Award – Sports. Mid-Day
  5. ↑ Meet the medal-winning Phogat sisters | Latest News & Updates at Daily News & Analysis. Dnaindia.com (10 August 2014). Retrieved on 21 November 2016
  6. ↑ "But hey, this is family...", 31 July 2010, Times of India, retrieved 11 October 2013
  7. ↑ Starry shaadi for wrestlers Geeta Phogat and Pawan Kumar. ToI
  8. ↑ (25 December 2019). Geeta Phogat blessed with baby boy, Hina Khan says dhakad mommy ka dhakad beta. India Today
  9. ↑ 2009 Championships. commonwealthwrestling.sharepoint.com
  10. ↑ Barua, Suhrid. (19 August 2015). Interview with Geeta Phogat: "I am determined to go beyond my World Championships bronze medal finish" she finished it by a magneficient 5 point finish yes really a 5 point finish. www.sportskeeda.com
  11. ↑ International Wrestling Database. www.iat.uni-leipzig.de
  12. ↑ Geeta starts with a fight, gets blown away in repechage. The Times Of India
  13. ↑ Fédération Internationale des Luttes Associées. Fila-wrestling.com
  14. ↑ International Wrestling Database. www.iat.uni-leipzig.de
  15. ↑ International Wrestling Database. www.iat.uni-leipzig.de
  16. ↑ International Wrestling Database. www.iat.uni-leipzig.de
  17. ↑ Aamir Khan to play Mahavir Phogat in Dangal, meets his wrestler daughters Geeta and Babita
  18. ↑ This is how Aamir is preparing for his role in Dangal
  19. ↑ Ranbir Kapoor, Karan Johar visit Aamir Khan post his injury. Bollywood Mantra

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মল্লযোদ্ধা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা ফোগাট” প্ৰবন্ধৰ সংশোধন ৬০৩৮৮৮ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।