ইতিহাসৰ আজিৰ দিনত
১৪ ডিচেম্বৰ
ঘটনাৱলী
- ২০০৬বেন কী মুন ৰাষ্ট্ৰসংঘৰ সচিব ৰূপে নিৰ্বাচিত হয়৷
জন্ম
- ১৯১২হেমাঙ্গ বিশ্বাস, লোক-সঙ্গীতজ্ঞ, কবি, অসম গণনাট্য সঙ্ঘৰ প্ৰতিষ্ঠাপক সম্পাদক৷ অসমীয়া আৰু বাংলা ভাষাৰ সমন্বয়ৰ সাঁকো গঢ়া গণশিল্পী হেমাঙ্গ বিশ্বাসৰ জন্ম হৈছিল ব্ৰিটিছ শাসিত ভাৰতৰ শ্ৰীহট্ট জিলাৰ মিৰাছী গাঁৱত(বৰ্তমানৰ বাংলাদেশ)। অসমীয়া ভাষাত তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল— কুলখুৰাৰ চোতাল (অসমীয়া ভাষাত লিখা এখন কবিতা সংকলন), আকৌ চীন চাই আহিলো, জীৱন শিল্পী জ্যোতি প্ৰসাদ, অসম আৰু বংগৰ লোক সংগীত সমীক্ষা আদি গ্ৰন্থ। মৃত্যু ২২ নৱেম্বৰ, ১৯৮৭।
- ১৯৮৪দিৱ্যঙ্কা ত্ৰিপাঠী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৬উৎপল দাস, অসমীয়া অভিনেতা।
মৃত্যু
- ১৯৩৬কমলাকান্ত ভট্টাচাৰ্য্য, অগ্নিকবি নামেৰে প্ৰখ্যাত অসমীয়া কবি।
- ২০২০জয়কান্ত গন্ধীয়া, বিহু সংস্কৃতিৰ গৱেষক আৰু লোকশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ