অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৭ নৱেম্বৰ

ঘটনাৱলী

  • ১৮৯৫আলফেড নোবেলে উইল ৰচনা কৰে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
  • ২০০১ঘনকান্ত বৰবায়ন আৰু গিৰিশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।
  • ২০০৪গুৱহাটীত শিৱ প্ৰসাদ বৰুৱাক কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

জন্ম

  • ১৭০১এণ্ডাৰছ চেলছিয়া, ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক।
  • ১৮৮৮গণেশ বাসুদেৱ মাৱলংকাৰ স্বাধীনতা সংগ্ৰামী, কেন্দ্ৰীয় বিধান সভাৰ সভাপতি (১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈ) ভাৰতৰ সংবিধান সভাৰ তেতিয়াৰ অধ্যক্ষ আৰু পিছলৈ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল। মৃত্যু ২৭ ফেব্ৰুৱাৰী, ১৯৫৬।
  • ১৯০৭হৰিবংশ ৰায় বচ্চন,‌‌ হিন্দী কবি আৰু বিংশ শতিকাৰ আৰম্ভণিৰ হিন্দী সাহিত্যৰ নতুন কবিতা সাহিত্য আন্দোলনৰ লেখক আছিল। তেওঁ, তেওঁৰ প্ৰাৰম্ভিক কাম মধুশালাৰ বাবে সৰ্বাধিক জনাজাত। মৃত্যু ১৮ জানুৱাৰী, ২০০৩।
  • ১৯৩৯বেণু মিশ্ৰ অসমৰ চিত্ৰশিল্পী আৰু কলা-উপদেষ্টা। শিল্পীজনে ১৯৭৬ চনত গুৱাহাটী আৰ্টিষ্টচ্ গীল্ডৰ প্ৰতিষ্ঠা কৰে আৰু কিছুকাল ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে। কিছুদিন ধৰি বিভিন্ন ৰোগত ভুগি থকা শিল্পীজনে ২০১৯ চনৰ ২৯ মে'ৰ পুৱা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যুবৰণ কৰে।
  • ১৯৪০ব্ৰুছ লী, বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সমৰ কলাবিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা।
  • ১৯৪১অসমীয়া বিশিষ্ট কবি, প্ৰৱন্ধকাৰ ভবেন বৰুৱাৰ জন্ম। সোণালী জাহাজ কাব্যগ্ৰন্থৰ বাবে ১৯৭৮ চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
  • ১৯৫৫অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঔপন্যাসিক, চিকিৎসক ড° ধ্ৰুৱজ্যোতি বৰাৰ জন্ম। কথা ৰত্নাকৰ গ্ৰন্থৰ বাবে ২০০৯ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে ৷ বৰ্তমান তেখেতে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে ৷
  • ১৯৮৬সুৰেশ ৰাইনা ভাৰতীয় প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। মুখ্য অধিনায়কৰ অনুপস্থিতিৰ সময়ত তেওঁ মাজে মাজে ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ ষ্টেণ্ড-ইন অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মৃত্যু

  • ১৯৫৩ইউজিন অ’ নীল, নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ।
  • ২০০৮ভি পি সিং, চমুকৈ ভি. পি. সিং, এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২ ডিচেম্বৰ ১৯৮৯ চনৰ পৰা ১০ নৱেম্বৰ ১৯৯০ চনলৈ ভাৰতৰ ৭ম প্ৰধানমন্ত্ৰীৰূপে‌ কাৰ্যনিৰ্বাহ কৰিছিল আৰু মাণ্ডাৰ ৪১সংখ্যক ৰাজা বাহাদুৰ আছিল। তেওঁ ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যি প্ৰাক্তন ৰাজকীয় আছিল। জন্ম ২৫ জুন, ১৯৩১।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ