ইতিহাসৰ আজিৰ দিনত
২৬ নৱেম্বৰ
ঘটনাৱলী
- ১৯৪৯ভাৰতৰ সংবিধানে চূড়ান্ত ৰূপ পায়। ১৯৪৭ চনৰ ২৯ আগষ্টত ড॰ ভীমৰাও ৰামজী আম্বেদকাৰক অধ্যক্ষ ৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হৈছিল আৰু ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰিছিল॥
- ১৯৬০কানপুৰ আৰু লক্ষ্ণৌৰ মাজত ভাৰতৰ প্ৰথম এছ. টি. ডি.(STD) সেৱা মুকলি কৰা হয়।
- ১৯৯৭ভাৰতৰ সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সাংসদৰ ভোটবিৰোধী মঞ্চ গঠন হয়।
- ১৯৯৮সন্দেহযুক্ত উগ্ৰপন্থীৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত পাইপলাইন বিস্ফোৰণত কেইবা লাখ টকাৰ ক্ষতি সাধন হয়।
- ২০০৮মুম্বাই ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণ। যাক "ছাব্বিশ এঘাৰ(২৬/১১)" বুলিও কোৱা হয়। এই ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ ইছলামবাদী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১০জন সদস্যই মুম্বাইত চাৰিদিন ধৰি ১২টা স্থানত গুলীচালনা আৰু বোমা আক্ৰমণ চলাইছিল। বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা এই আক্ৰমণ ২০০৮ চনৰ ২৬ নৱেম্বৰ বুধবাৰে আৰম্ভ হয় আৰু ২৯ নৱেম্বৰ শনিবাৰলৈকে চলিছিল। এই ঘটনাত নজন আক্ৰমণকাৰীকে ধৰি মুঠ ১৭৫জন লোকৰ মৃত্যু হৈছিল আৰু ৩০০ ৰো অধিক লোক আহত হৈছিল।
- ২০২১কোভিড-১৯ মহামাৰী: বিশ্ব স্বাস্থ্য সংস্থাই এছএআৰএছ-চিঅ'ভি-২ অ'মাইক্ৰন( SARS-CoV-2 Omicron variant) চিনাক্ত কৰে।
জন্ম
- ১৮৯০সুনীতি কুমাৰ চট্টোপাধ্যায়, প্ৰখ্যাত শিক্ষাবিদ তথা জাতীয় অধ্যাপক।
- ১৯০০আন্না মাউৰিজিঅ' চুইছ জীৱবিজ্ঞানী। তেখেতে মৌমাখিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁ লিবেফেল্ড ফেডাৰেল ডেইৰী ইণ্ডাষ্ট্ৰী আৰু বেক্টেৰিয়ালজিকেল ইনষ্টিটিউটত মৌমাখি বিভাগত তিনি দশকৰো অধিক সময় কাম কৰিছিল, য'ত তেওঁ মৌত পৰাগৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ বাবে নতুন পদ্ধতি বিকশিত কৰিছিল। মৃত্যু ২৪ জুলাই, ১৯৯৩।
- ১৯২১ভাৰ্গিজ কুৰিয়েন, অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", তথা "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়।
- ১৯২৬ৰুদ্ৰ বৰুৱা, অসমৰ প্ৰসিদ্ধ শিল্পী। "লুইত কোঁৱৰ" উপাধিৰে জনাজাত। মৃত্যু ১৪ ফেব্ৰুৱাৰী, ১৯৮০ চন।
- ১৯২৬ৰবি ৰায়, ভাৰতীয় সমাজতান্ত্ৰিক ৰাজনীতিবিদ, গান্ধীবাদী নেতা, নৱম লোকসভাৰ অধ্যক্ষ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী। তেওঁ উৰিষ্যাৰ বাসিন্দা আছিল। তেওঁ ১৯৪৮ চনত সমাজতান্ত্ৰিক দলত যোগদান কৰে আৰু পিছলৈ ক্ৰমান্বয়ে সংযুক্ত সমাজতান্ত্ৰিক দল, জনতা পাৰ্টি আৰু জনতা দলৰ সদস্য হয়। মৃত্যু ৬ মাৰ্চ, ২০১৭।
- ১৯৫০ৰাজেন গোঁহাই, ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ সদস্য। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা ২০১৯ চনলৈ ২০বছৰ একেৰাহে অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
- ১৯৬৪দিগন্ত বৰ্মন, ৰাজনৈতিক নেতা তথা অসম বিধানসভাৰ সদস্য।
মৃত্যু
- ১৯২৩যাদব চন্দ্ৰ চক্ৰবৰ্তী, ভাৰতীয় গণিতজ্ঞ।
- ১৯৪৯বিনয় কুমাৰ সৰকাৰ, ভাৰতীয় সমাজবিজ্ঞানী।
- ২০২২অসমীয়া জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান। বিনোদনধৰ্মী জনপ্ৰিয় আলোচনী বিস্ময়ৰ জৰিয়তে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল কাৰ্টুন শিল্পীগৰাকীয়ে। ৫৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কাৰ্টুনিষ্টগৰাকীয়ে। ১৯৬৭ চনৰ ২১ আগষ্টত পাণবজাৰৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা কাৰ্টুনিষ্টগৰাকীয়ে ২০০০ চনত চিৰঞ্জীৱৰ কাৰ্টুন নামেৰে তেওঁৰ প্ৰথমখন কাৰ্টুন কিতাপ প্ৰকাশ কৰে।
- ২০২২ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা বিক্ৰম গোখলেৰ মৃত্যু। জন্ম ১৪ নৱেম্বৰ, ১৯৪৫।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ