অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰ'দৰ চিঠি

ৰ'দৰ চিঠি (Scare Crow) ২০১৪ চনৰ ৭ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। বাহাৰুল ইছলামে পৰিচালনা কৰা এই ছবিখন দেশৰ বিভিন্ন ঠাইত সমাদৃত সীমাৰ সিপাৰে নাটখনৰ আলমত নিৰ্মাণ কৰা হৈছে। এই ছবিখন অল্টাৰনেটিভ চিনেমেটিক্সৰ হৈ ইক্ৰামূল মজিদে প্ৰযোজনা কৰিছে।

হালনাগাদ: ৪ আগষ্ট ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ৰ'দৰ চিঠি (Scare Crow) ২০১৪ চনৰ ৭ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। বাহাৰুল ইছলামে পৰিচালনা কৰা এই ছবিখন দেশৰ বিভিন্ন ঠাইত সমাদৃত সীমাৰ সিপাৰে নাটখনৰ আলমত নিৰ্মাণ কৰা হৈছে। এই ছবিখন অল্টাৰনেটিভ চিনেমেটিক্সৰ হৈ ইক্ৰামূল মজিদে প্ৰযোজনা কৰিছে। ছবিখনত ভাগীৰথী, অংগৰাগ মহন্ত, জুবিন গাৰ্গ, আদিল হুছেইন প্ৰমুখ্যে বহু ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে। ছবিখন ইংৰাজী চাব টাইটলৰ সৈতে স্কেয়াৰ ক্ৰ নামেৰে মুক্তি দিয়া হয়।

নিৰ্মাণ

২০১৩ চনৰ ৭ এপ্ৰিলৰ দিনা ছবিখনৰ মহুৰত হৈছিল।

প্ৰি-প্ৰডাকশ্যন

পৰিচালক বাহাৰুল ইছলামে ছবিখন কলা-সন্মত কৰিবৰ বাবে যোৱা তিনিবছৰ ধৰি কাম কৰি আছিল। এই ছবিখনৰ বাবে তেওঁ ননী বৰপূজাৰীৰ লগত একেলগে কাম কৰে।১

কাহিনী

টাইমছ অফ ইণ্ডিয়া কাকতত কেইবছৰ মান আগতে দি মেন হু লিভছ অন ইন আডাৰ্ছ ব'ডিছ আফটাৰ হিজ ডেড শীৰ্ষক বাতৰি এটা প্ৰকাশ পাইছিল। বাতৰিটোৰ মতে স্কটলেণ্ডৰ এজন ব্যক্তিয়ে তেওঁৰ শৰীৰৰ বিভিন্ন অংগ কেইবাজনো লোকক দান দিছিল। প্ৰয়াত ব্যক্তিজন আৰু অংগ গ্ৰহণ কৰা লোকসকলৰ পৰিয়ালৰ মাজত গঢ়ি উঠা সম্পৰ্কক কেন্দ্ৰ কৰি নাট্যকাৰ বাহাৰুল ইছলামে দেশৰ ভিন্ন প্ৰান্তত সমাদৃত সীমাৰ সিপাৰে (Beyond the Obvious) নাটখনৰ ৰচনা কৰিছিল। এই নাটখনৰ আলমতে কথা ছবিখন নিৰ্মাণ কৰা হৈছে।১

কলা-কুশলী নিৰ্বাচন

পৰিচালক বাহাৰুল ইছলামে প্ৰকাশ কৰা মতে, জুবিন গাৰ্গ আৰু অংগৰাগ মহন্তক ছবিখনত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়াৰ পাছত বিনা সংকোচৰে দুয়ো একেলগে অভিনয় কৰিবলৈ মান্তি হৈছিল। পোন প্ৰথমবাৰৰ বাবে অসমীয়া কণ্ঠশিল্পী অংগৰাগ আৰু জুবিনে একেলগে অভিনয় কৰিছে। অংগৰাগ মহন্তই এইখন ছবিৰ যোগেদিয়েই অভিনয়ৰ জগতত খোজ পেলাইছে।

চিত্ৰগ্ৰহণ

ছবিখনৰ চিত্ৰগ্ৰহণ তিনিটা পৰ্যায়ত কৰা হৈছিল। প্ৰথম পৰ্যায়ত মেঘালয়ৰ চেৰাপুঞ্জীত চিত্ৰগ্ৰহণ কৰা হৈছিল। অংগৰাগ মহন্তৰ চিত্ৰগ্ৰহণ পাছত কৰা হৈছিল। নৱ দাসে ছবিখনৰ প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণ কৰিছিল।

সংগীত

২০১৩ চনৰ ২৫ ডিচেম্বৰত বাহাৰুল ইছলামৰ কাহিনী পৰিচালনাৰে নিৰ্মীয়মান অসমীয়া ছবি ৰ'দৰ চিঠিৰ গীতৰ শ্ৰব্য চিডিখন উন্মোচিত হয় মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননস্থিত মুকলি মঞ্চত। বিয়লি ৫ বজাত আড়ম্বৰপূৰ্ণ এটা সাংস্কৃতিক সন্ধিয়াত পৰিচালক বাহাৰুল ইছলাম আৰু কণ্ঠশিল্পী জুবিন গাৰ্গ, অংগৰাগ মহন্ত, মৃণ্ময় মমতাৰ উপস্থিতিত শ্ৰব্য চিডিখন মুক্তি দিয়া হয়। গীতৰ কথা হীৰেন ভট্টাচাৰ্য, দিগন্ত ভাৰতী, শশাংক সমীৰ আৰু মন্মথ বৈশ্যৰ। শ্ৰব্য চিডিখনত হীৰেন ভট্টাচাৰ্যৰ এটি জনপ্ৰিয় কবিতাক সংগীতৰ ৰূপ দিয়া হৈছে। ছবিখনৰ সংগীত পৰিচালক হৈছে জুবিন গাৰ্গ আৰু চিডিখনত নথকা মন্মথ বৈশ্যই লিখা "ৰাধাই জানে" শীৰ্ষক গীতটিৰ সুৰকাৰ অংগৰাগ মহন্ত। বোলছবিখনৰ শ্ৰব্য চিডিখনত মুঠতে ছটা গান আছে।২

অভিনয়

ছবিখনৰ দুটা মূল চৰিত্ৰত অভিনয় কৰিছে অংগৰাগ মহন্ত আৰু জুবিন গাৰ্গে। 'অংগৰাগে ছবিখনত এজন বিজ্ঞানীৰ চৰিত্ৰত অভিনয় কৰিছে।১ অন্যান্য অভিনয়শিল্পীসকল হ'ল ভাগীৰথী, আদিল হুছেইন, জ্যোতি নাৰায়ণ নাথ, ননী বৰপূজাৰী, বৰষা বাহাৰ, কিছমত বানো, ফে'ৰী প্ৰিয়া, শশাংক সমীৰ গগৈ আদি।

মুক্তি

২০১৪ চনৰ ৭ নৱেম্বৰত অসমৰ লগতে দেশৰ কেইবাখনো চহৰত ইংৰাজী চাব টাইটলৰ সৈতে (ইংৰাজী নাম- Scare Crow) মুক্তি দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Gaurav Das, TNN. (Apr 9, 2013). Pop icons to make beautiful music on the silver screen. THE TIMES OF INDIA
  2. ↑ RODOR SITHI Music

সম্পৰ্কিত শ্ৰেণী

২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰজুবিন গাৰ্গ অভিনিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'দৰ চিঠি” প্ৰবন্ধৰ সংশোধন ৬২৩২৭৪ (৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।