ৰাণী ৰামপাল (Rani Rampal; জন্ম ৪ ডিচেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ।১২ মাত্ৰ ১৫ বছৰ বয়সত তেওঁ ২০১০ চনৰ মহিলা বিশ্বকাপ হকীত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় দলৰ কনিষ্ঠতম খেলুৱৈ আছিল। তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে কিন্তু শাৰীৰিক অনুশীলন আৰু খেলৰ সৈতে ব্যস্ত থকাৰ বাবে স্নাতক ডিগ্ৰী প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ হকীৰ ফৰৱাৰ্ড অৱস্থানত খেলে। তেওঁ ২১২খন আন্তৰ্জাতিক মেচ খেলিছে আৰু ১৩৪টা গ'ল কৰিছে। তেওঁ বৰ্তমান ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক।৩ তেওঁক ষ্ট্ৰাইকাৰ আৰু মিড ফিল্ডাৰ হিচাপে ডবল আপ হিচাপেও জনাজাত।৪ ২০২০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৫৬ একে বছৰে তেওঁ ভাৰত চৰকাৰৰ পৰা ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৯৪ চনৰ ৪ ডিচেম্বৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ শ্বাহাবাদ মাৰ্কণ্ডত ৰাণী ৰামপালৰ জন্ম হৈছিল। তেওঁৰ দেউতাকে ঠেলা চালক হিচাপে কাম কৰে। তেওঁ মাত্ৰ ৬ বছৰ বয়সত চহৰৰ দলত পঞ্জীয়ন কৰা হৈছিল। আৰম্ভণিতে তেওঁৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন কৰা হৈছিল যদিও পিছলৈ তেওঁৰ প্ৰশিক্ষকে তেওঁৰ সম্ভাৱনা নিৰীক্ষণ কৰিছিল। ২০০৩ চনত তেওঁ ফিল্ড হকী নিৰ্বাচন কৰিলে আৰু দ্ৰোণাচাৰ্য বঁটাৰ প্ৰাপক বলদেব সিঙৰ অধীনত শ্বাহাবাদ হকী একাডেমীত প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰে।৭ তেওঁ প্ৰথমে গোৱালিয়ৰৰ জুনিয়ৰ নেচনেললৈ আৰু চণ্ডিগড় স্কুলৰ নেচনেলত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আহিছিল আৰু পিছত তেওঁক ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হৈছিল।৮ তেওঁ মাত্ৰ ১৪ বছৰ বয়সত জ্যেষ্ঠ দলত প্ৰথম খেলাৰ সুবিধা লাভ কৰিছিল। ইয়াৰ ফলত তেওঁ ভাৰতীয় মহিলা হকী দলত কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিণত কৰিছিল। তাৰপিছত তেওঁ বৃত্তিগতভাৱে খেলিবলৈ আৰম্ভ কৰিছিল। গ'স্পৰ্ট ফাউণ্ডেচন নামৰ ক্ৰীড়া বেচৰকাৰী সংগঠনে তেওঁক বিত্তীয় আৰু অনাবিত্তীয় সমৰ্থন প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। কিয়নো তেওঁৰ পৰিয়ালে তেওঁৰ স্বপ্নক আৰ্থিকভাৱে সমৰ্থন কৰাটো কঠিন অনুভৱ কৰিছিল।৯ তেওঁ ভাৰতীয় হকী দলৰ অংশ আছিল যেতিয়া দলটোৱে ৩৬ বছৰৰ পিছত ২০১৬ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
কেৰিয়াৰ
ৰাণী ৰামপালে ২০০৯ চনৰ জুন মাহত ৰাছিয়াৰ কাজানত অনুষ্ঠিত চেম্পিয়নছ চেলেঞ্জ টুৰ্ণামেণ্টত ভাৰতৰ হৈ ৪টা গ'ল কৰি জয়ৰ বাবে শক্তি প্ৰদান কৰিছিল। ইয়াৰ বাবে তেওঁক "টপ গ'ল স্কৰাৰ" আৰু "ইয়ং প্লেয়াৰ অ'ৰ টুৰ্ণামেণ্ট" হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।১০
তেওঁ ২০০৯ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত মহিলা হকী এছিয়া কাপত ভাৰতীয় দলৰ বাবে ৰূপৰ পদক লাভ কৰাত অৰিহনা যোগায়। ২০১০ চনৰ কথমৱেল গেমছ আৰু ২০১০ এছিয়ান গেমছত ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ সৈতে খেলাৰ পিছত তেওঁ আন্তৰ্জাতিক হকী ফেডাৰেচন ২০১০ চনৰ অল ষ্টাৰ মহিলা দললৈ মনোনীত হৈছিল। তেওঁ 'বৰ্ষশ্ৰেষ্ঠ মহিলা খেলুৱৈ' বঁটাৰ বাবেও মনোনীত হৈছিল।১১ তেওঁ ২০১০ চনৰ গুৱাঞ্জুত অনুষ্ঠিত এছিয়ান গেমছত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত এছিয়ান হকী ফেডাৰেচনৰ অল-ষ্টাৰ দলটো তেওঁক অন্তৰ্ভুক্ত কৰা হৈছিল।
আৰ্জেণ্টিনাৰ ৰজা'ৰিওত অনুষ্ঠিত ২০১০ মহিলা হকী বিশ্বকাপত তেওঁ মুঠ সাতটা গ'ল কৰিছিল। ইয়াৰ ফলত ভাৰতে বিশ্ব মহিলা হকী ৰেংকিংত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭৮ চনৰ পৰা ই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল। তেওঁ এফআইএইচ মহিলা ইয়ং প্লেয়াৰ অৱ দা য়াৰ এৱাৰ্ড ২০১০ চনৰ বাবে মনোনীত হোৱা একমাত্ৰ ভাৰতীয় মহিলা খেলুৱৈ আছিল। প্ৰতিযোগিতাখনত শীৰ্ষ ফিল্ড গ'ল স্কৰাৰ হিচাপে তেওঁৰ তাৰতাৰ প্ৰদৰ্শনক স্বীকাৰ কৰি মহিলা হকী বিশ্বকাপ ২০১০ত তেওঁক "টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ" বঁটা প্ৰদান কৰা হৈছিল।১২ ২০১৬ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰে।১৩
২০১৩ চনৰ মহিলা হকী জুনিয়ৰ বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু তেওঁ 'প্লেয়াৰ অফ দি টুৰ্ণামেণ্ট' বঁটা লাভ কৰিছিল।১৪ তেওঁক এফআইচিচিআই বৰ্ষশ্ৰেষ্ঠ প্ৰত্যাৱৰ্তন বঁটা ২০১৪ ৰ বাবে মনোনীত কৰা হৈছিল।১৫ ২০১৩ চনৰ জুনিয়ৰ বিশ্বকাপত ভাৰতে প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১৬
তেওঁ ২০১৭ চনৰ মহিলা এছিয়ান কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। জাপানৰ কাকামিগাহাৰাত অনুষ্ঠিত এই প্ৰতিযোগিতাত তেওঁলোকে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান লাভ কৰে আৰু ২০১৮ চনৰ বিশ্বকাপলৈ নিৰ্বাচিত হয়।১৭ ইয়াৰ আগতে ২০০৪ চনত প্ৰথম বাৰৰ বাবে এছিয়া কাপ নিজৰ দখললৈ আনিছিল।
তেওঁ ২০১৮ চনৰ এছিয়ান গেমছত অধিনায়ক হিচাপে ভাৰতীয় মহিলা হকী দলৰ নেতৃত্ব দিছিল। ইয়াত ভাৰতে ৰূপৰ পদক লাভ কৰে আৰু খেলসমূহৰ সামৰণি অনুষ্ঠানৰ বাবে তেওঁ ভাৰতৰ ধ্বজ্জাবাহক আছিল।১৮
তেওঁ ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণত সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰে।৩
বঁটা আৰু সন্মান
- মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা, ২০২০
- পদ্মশ্ৰী, ২০২০
- অৰ্জুন বঁটা, ২০১৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Rani Rampal. The Telegraph
- ↑ Rani Rampal profile. BBC
- ↑ (1 July 2018). Missing medal in Commonwealth Games still haunts me, says Rani Rampal. hindustantimes.com
- ↑ (19 July 2015). Why Rani Rampal, India's finest forward in women's hockey, struggles to survive. The Indian Express
- ↑ Padma Awards 2020 Announced. pib.gov.in
- ↑ Desk, The Hindu Net. (26 January 2020). Full list of 2020 Padma awardees. The Hindu
- ↑ (6 August 2013). Haryana cart-puller's daughter is hockey's shining young star. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Sudevan, Praveen. '2018 is the year for women's hockey to make a start': Interview with captain Rani Rampal. Scroll.in
- ↑ (13 September 2010). Rani named best young player at Women's Hockey World Cup. The Times of India
- ↑ Home – FIH
- ↑ (30 October 2010). Rani Ramphal among nominees. The Hindu
- ↑ (15 September 2010). Rani Rampal Wins 'Young Player of the Tournament'. Sportstrack
- ↑ (1 September 2016). Rani Rampal's Dream Comes True, Gets Arjuna Award. National Buzz
- ↑ (5 August 2013). India Eves Claim Historic Bronze Medal In The FIH Junior Women Hockey World Cup 2013. Hockey India
- ↑ FICCI announces the Winners of India Sports Awards for 2014. IANS. news.biharprabha.com
- ↑ Mee Rani Rampal – Daughter Of A Cart-Puller On Whom India's Women's Hockey Hopes Ride In Rio. indiatimes.com
- ↑ (6 November 2017). Indian women's hockey team wins 2017 Asia Cup title. Current Affairs Today
- ↑ Tirkey, Joy. (2 September 2018). Asian Games 2018: Rani Rampal Named India's Flag-Bearer For Closing Ceremony. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী ৰামপাল” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৫৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।