কাৰ্টুনিষ্ট
১৭ প্ৰবন্ধ
-
আৰ কে লক্ষ্মণ
ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ (২৪ অক্টোবৰ ১৯২১ - ২৬ জানুৱাৰী ২০১৫) এজন ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক। দ্য টাইম্ছ অৱ ইণ্ডিয়া কাকতত ১৯৫১ চনৰপৰা প্ৰকাশিত তেওঁৰ "ইউ ছেইড ইট" (You Said It) শীৰ্ষক কাৰ্টুন শিতানৰ "দ্য কমন মেন" চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত।
-
ত্ৰৈলোক্য দত্ত
ত্ৰৈলোক্য দত্ত (Trailokya Dutta, ১৮ ফেব্ৰুৱাৰী ১৯৩০ – ১১ নৱেম্বৰ ২০২০) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। দৈনিক অসম বাতৰি-কাকতৰ কাঁহুদী শিৰোনামৰে তেখেতে অসমৰ প্ৰথমটো 'বক্স কাৰ্টুন' বা 'পকেট কাৰ্টুন' অংকন কৰিছিল। একেখন কাকতৰ বাবে তেখেতে 'সময়ৰ শৰ' নামৰ শিতানটোও যুগুতাই আছিল।
-
ৰবীন বৰুৱা
ৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল।
-
চিৰঞ্জীৱ দত্ত
চিৰঞ্জীৱ দত্ত (Chiranjeev Dutta) অসমৰ এগৰাকী কাৰ্টুনিষ্ট৷ তেওঁ অসমৰ প্ৰায়বোৰ কাকত-আলোচনীত কাৰ্টুন আঁকি জনপ্ৰিয় হৈছিল৷ কাৰ্টুন আঁকিবলৈ তেওঁ কেতিয়াও তুলিকা ব্যৱহাৰ কৰা নাছিল, পৰিৱৰ্তে তেওঁ 'ৰটৰিং' পেন ব্যৱহাৰ কৰি কাৰ্টুন আঁকিছিল৷ ৫৫ বছৰ বয়সত তেওঁৰ গুৱাহাটীৰ হাতীগড় চাৰিআলিত মৃত্যু হয়৷
-
টুনচ মেগ্
টুনচ মেগ্ (Toons Mag) হ'ল ইণ্টাৰনেট ভিত্তিক এখন কাৰ্টুন আলোচনী। সম্পাদকীয় কাৰ্টুন, কমিকছ, কেৰিকেঁচাৰ, ইলাষ্ট্ৰেশন আৰু আনুষংগিক বিষয়ত বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে।
-
প্ৰাণ কুমাৰ শৰ্মা
প্ৰাণ কুমাৰ শৰ্মা (Pran Kumar Sharma),(১৫ আগষ্ট, ১৯৩৮- ৬ আগষ্ট, ২০১৪), 'প্ৰাণ' ৰূপে প্ৰসিদ্ধ, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিক চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ইয়াৰ উপৰিও তেওঁ শ্ৰীমতীজী, পিংকী, বিল্লু, ৰমণ আদি কমিক চৰিত্ৰৰ সৃষ্টি কৰিছে।
-
আন্না ফিস্কে
আন্না কেৰিন হেলেনা ফিস্কে চমুকৈ আন্না ফিস্কে ( Anna Carin Helena Fiske); ছুইডেনত জন্মগ্ৰহণ কৰা এগৰাকী চিত্ৰকৰ আৰু লেখিকা আৰু তেওঁ নৰৱেত বসতি স্থাপন কৰে। তেওঁৰ জন্ম হৈছিল ৫ ছেপ্টেম্বৰ ১৯৬৪ চনত। ফিস্কেৰ জন্ম হৈছিল এংগেলহ'মত, আৰু তেওঁৰ বিবাহ হৈছিল চিত্ৰশিল্পী লাৰ্ছ ফিস্কেৰ সৈতে।
-
এমি ৰীডাৰ
এমি ৰীডাৰ (জন্ম ২৫ আগষ্ট, ১৯৮০), পূৰ্বতে এমি ৰীডাৰ হেডলী নামেৰে পৰিচিত এগৰাকী আমেৰিকান কমিক গ্ৰন্থৰ শিল্পী আৰু লেখিকা যিয়ে ফুলছ গোল্ড, মেডাম ছানাডু, বেটউমেন, আৰু মুন গাৰ্ল এণ্ড ডেভিল ডাইনোছৰৰ দৰে শিৰোনামৰ কামৰ বাবে পৰিচিত।
-
ছফী লেবেল
ছফী লেবেল ( Sophie Labelle; জন্ম: ২২ এপ্ৰিল ১৯৮৮) এগৰাকী কানাডিয়ান কাৰ্টুনকাৰ, ৰাজহুৱা বক্তা আৰু লেখিকা। তেওঁ ৱেবকমিক এচাইনড মেল তৈয়াৰ কৰিছিল, যিয়ে তেওঁৰ তৃতীয় লিংগৰ শিশু হিচাপে পোৱা অভিজ্ঞতাৰ ওপৰত আধাৰিত।
-
জুলি ডেলপৰ্ট
জুলি ডেলপৰ্ট ( Julie Delporte; জন্ম: ১৯৮৩) এগৰাকী ফৰাচী-কানাডিয়ান কাৰ্টুনকাৰ আৰু চিত্ৰকৰ। তেওঁ কানাডাৰ ক্যুবেকৰ মণ্ট্ৰিয়েলত বাস কৰে।
-
জেনী ৰাকোটোমামনজি
জেনী ৰাকোটোমামনজি ( Jenny Rakotomamongy; জন্ম: ১৯৭৯), পৰিচিত নাম জেনী, এগৰাকী মালাগাছি জন্মৰ ফৰাচী কাৰ্টুনকাৰ আৰু এনিমেটৰ। তেওঁ চিবিমাগ কমিক্স ষ্টুডিঅ'ৰ সহ-প্ৰতিষ্ঠাপক।
-
ড'ৰিছ স্লেটাৰ
ড’ৰিছ স্লেটাৰ টাইটাছ ( Doris Slater Titus; জন্ম: ৬ মাৰ্চ, ১৯১৭ – মৃত্যু: ২৬ জুন, ১৯৬৪) এগৰাকী কানাডাৰ কাৰ্টুনকাৰ, চিত্ৰশিল্পী আৰু শিল্প শিক্ষয়িত্ৰী আছিল। তেওঁ কানাডাৰ কমিক বুক উদ্যোগৰ প্ৰথম মহিলা কাৰ্টুনকাৰ।
-
নিতুপৰ্ণ ৰাজবংশী
নিতুপৰ্ণ ৰাজবংশী (Nituparna Rajbongshi) অসমৰ এজন কাৰ্টুনিষ্ট আৰু সাংবাদিক ৷
-
ফিফি মুকুনা
ফিফি মুকুনা ( Fifi Mukuna; জন্ম: ১৯৬৮) কংগোৰ এগৰাকী কাৰ্টুনকাৰ আৰু ব্যংগ-চিত্ৰকৰ। বৰ্তমান কংগোৰ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ জাইৰেৰ কিনছাছাত ১৯৬৮ চনত জন্মগ্ৰহণ কৰা ফিফি মুকুনাৰ পিতৃ আছিল এগৰাকী কূটনীতিবিদ।
-
বাৰ্বাৰা স্লেট
বাৰ্বাৰা স্লেট ( Barbara Slate; জন্ম: ৯ মে', ১৯৪৭) এগৰাকী আমেৰিকান শিল্পী, কাৰ্টুনকাৰ, গ্ৰাফিক ঔপন্যাসিক, কমিক বুক সৃষ্টিকৰ্তা আৰু লেখিকা। ডিচি আৰু মাৰ্ভেল কমিক্স দুয়োটাৰে বাবে কমিকছ সৃষ্টি, লিখা আৰু অংকন কৰা কেইগৰাকীমান মহিলা শিল্পীৰ ভিতৰত তেওঁ অন্যতম।
-
মলি কিলি
মলি ম'ড কিলি ( Molly Maud Kiely; জন্ম: ১০ অক্টোবৰ, ১৯৬৯) এগৰাকী কানাডিয়ান-আমেৰিকান কাৰ্টুনকাৰ যি ইৰ'টিকাৰ বাবে বেছিকৈ পৰিচিত। তেওঁৰ কাম ফেণ্টাগ্ৰাফিকছ/ইৰ'ছ কমিক্সৰ দ্বাৰা প্ৰকাশিত আৰু ই জেছ ফিংকৰ দৰে আন শিল্পীকো প্ৰভাৱিত কৰিছে।
-
মাৰ্গাৰট আৱ’য়েট
মাৰ্গাৰেট আব’য়েট ( Marguerite Abouet; জন্ম: ১৯৭১) এগৰাকী আইভৰিয়ান লেখিকা, তেওঁ তেওঁৰ গ্ৰাফিক উপন্যাস ধাৰাবাহিক আয়া এণ্ড আকিচি(Aya and Akissi)ৰ বাবে বেছিকৈ পৰিচিত।