উমেশ চন্দ্ৰ ডেকা (১৯৪৯-) একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক আৰু অধ্যাপক। তেওঁ এসময়ত টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল। পৰৱৰ্তী সময়ত পূব কামৰূপ কলেজৰো অধ্যাপক হিচাপে নিয়োজিত হয়। ১
জন্ম
তেখেতৰ জন্ম হয় ১৯৪৯ চনৰ ৬ অক্টোবৰত। জন্মস্থান-তেজপুৰ চহৰ। উমেশ চন্দ্ৰ ডেকাৰ পিতৃৰ নাম বাপুৰাম কলিতা আৰু (অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,বৰপেটা চৰকাৰী হাইস্কুল) মাতৃৰ নাম বিমলা কলিতা।২
শিক্ষা
- প্ৰাথমিক শিক্ষা বৰপেটাতে আৰম্ভ হয় যদিও পিতৃয়ে অৱসৰৰ পিছত স্থায়ীভাৱে নিজৰ গৃহভূমিত থাকিবলৈ লোৱাত ননৰা প্ৰাইমেৰী স্কুলত সম্পূৰ্ণ কৰে।
- হাইস্কুলীয়া শিক্ষা শতবৰ্ষ গৰকা গৰকা ঐতিহ্যমণ্ডিত কৰৰা উচ্চ ইংৰাজী বিদ্যালয়ত সম্পূৰ্ণ কৰে।
- কলেজীয়া শিক্ষা: প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষা বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ স্নাতক শাখাত দুবছৰ পঢ়িও ভাল নলগাত আধাতে এৰি কলা শাখাত নাম ভৰ্তি কৰে। কটন কলেজৰ পৰা অসমীয়াত অনাৰ্চসহ দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি বি এ পৰীক্ষাত উত্তীৰ্ণ।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ৰ সাহিত্য শাখাত দ্বিতীয় শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি এম এ পৰীক্ষাত উত্তীৰ্ণ হয়।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ পৰা এম ফিল ডিগ্ৰী অৰ্জন কৰে(১৯৮৫)। এই ডিগ্ৰীৰ আংশিক পৰিপূৰ্ণতাৰ বাবে প্ৰদত্ত গৱেষণা নিবন্ধ- Folk -elements in Lakshminath Bezbaroa's Literature With Special References to His Dramas,Short-stories and Farces.৩
- ১৯৯৫ খ্ৰীষ্টাব্দত ড॰ প্ৰবীণ চন্দ্ৰ দাসৰ তত্ত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগত গৱেষণা সম্পন্ন কৰি পি এইচ ডি ডিগ্ৰী লাভ। গৱেষণা-কৰ্মৰ বিষয়-A Study of Folklore and Folklife in Rajanjkanta Bordoloi's Literary Works.৪
কৰ্মজীৱন
- ১৯৭৫ খ্ৰীঃৰ মাৰ্চ মাহৰ ১তাৰিখৰ পৰা ৩১অক্টোবৰ তাৰিখলৈ বৰমা মহাবিদ্যালয়ত অস্থায়ীভাৱে প্ৰবক্তা পদত অধ্যাপনা।
- ১৯৭৫ খ্ৰীঃৰ ১ নৱেম্বৰৰ পৰা ১৯৯০ খ্ৰীঃৰ ২৫ জুনলৈ টংলা মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপনা। সেই একে চনৰ ২৬ জুন তাৰিখৰ পৰা ২০১০ খ্ৰীঃৰ ৩১ আগষ্ট তাৰিখৰ অৱসৰৰ দিনটোলৈ পূব কামৰূপ মহাবিদ্যালয়ত অধ্যাপনা। উক্ত দিনটোতে সহযোগী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ।
- ২০১৯ খ্ৰীঃলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানত অসমীয়া বিষয়ৰ স্নাতকোত্তৰ মহলাত অতিথি অধ্যাপকৰূপে পাঠ দান।
- উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অতিথি অধ্যাপকৰূপে পাঠদানৰ কৰ্তব্য সম্পাদন।
গৱেষণা আৰু আন বিদ্যায়তনিক কৰ্ম
- ২০০৩ খ্ৰীঃৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ (ক)লোকসংস্কৃতি গৱেষণা আৰু (খ)আধুনিক ভাৰতীয় সাহিত্য আৰু ভাষা অধ্যয়ন বিভাগত পি এইচ ডি ডিগ্ৰীৰ তত্ত্বাৱধায়কৰূপে বিদ্যায়তনিক কৰ্ম সম্পাদন। এতিয়ালৈ ২৩গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীয়ে তেখেতৰ তত্ত্বাৱধানত উক্ত ডিগ্ৰী লাভ কৰিবলৈ সমৰ্থ হৈছে।৫
- কুৰিখনতকৈও অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰত অংশগ্ৰহণ। দহখনতকৈও অধিক আলোচনা-চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ। মহীশূৰস্থ 'ভাৰতীয় ভাষাসমূহৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান'-ৰ ভুবনেশ্বৰ(ওড়িশা)কেন্দ্ৰত প্ৰবাদ, ফকৰা-যোজনা, শব্দভাণ্ডাৰ সম্বন্ধীয় সপ্তাহজোৰা কৰ্মশালাত তিনিবাৰ অসমীয়া শাখাৰ সমল ব্যক্তিৰূপে কৰ্তব্য সম্পাদন। সেই একে প্ৰতিষ্ঠানৰ দ্বাৰা উত্তৰ বংগ বিশ্ববিদ্যালয়ত আয়োজিত পৰিভাষা বিষয়ক ৰাষ্ট্ৰীয় কৰ্মশালাত সমল ব্যক্তিৰূপে যোগদান। ৬
সাহিত্যৰাজি
প্ৰকাশিত গ্ৰন্থ
- অসমীয়া ভাষা সাহিত্য সংস্কৃতি বীথিকা (ড॰ নৰেন চন্দ্ৰ দাস আৰু ড॰ উমেশ চন্দ্ৰ ডেকাৰ সৈতে যুটীয়াভাৱে ৰচিত)। ১৯৯৯, পূৰ্বাঞ্চল প্ৰকাশ।
- ধনপতি ডেকাৰ ৰচনা সম্ভাৰ,(সম্পাদিত). ২০১৬
- শ্ৰী ৰমেশ চন্দ্ৰ ডেকাৰ পৱিত্ৰ ক্ষেত্ৰ আৰু অন্যান্য ৰচনা(সম্পাদিত),২০১৬
- এৰা বাটৰ লেছেৰি, প্ৰতিশ্ৰুতি প্ৰকাশ,২০১৬
- প্ৰসংগ প্ৰতিপাদ্য, পৰিধিত ব্যক্তি, সাহিত্য সংস্কৃতি ইত্যাদি,(সম্পাদিত),অন্তৰীপ,২০১৭
- বিষয় বীক্ষণ, সাহিত্য আৰু লোকসংস্কৃতি( সহ সম্পাদনা), আমি সতীৰ্থ, ২০১৮
- ৰজনীকান্ত বৰদলৈ, আমি সতীৰ্থ, ২০১৮
- পৰিধি পৰিক্ৰমা সাহিত্য আৰু সংস্কৃতি, আমি সতীৰ্থ, ২০১৯
- সমাজ-সাহিত্য সংস্কৃতি (ডঃ প্ৰবীণ চন্দ্ৰ দাস অভিনন্দন গ্ৰন্থ), ২০২২ (সহ-সম্পাদনা- নৱজিৎ ডেকা)
- Society Literature Culter (ডঃ প্ৰবীণ চন্দ্ৰ দাস অভিনন্দন গ্ৰন্থ), ২০২২ (সহ-সম্পাদনা- নৱজিৎ ডেকা)
- Folkloric Foreground of Patidarraug (Pub Kamrup College Publication, 2023)
- পূব কামৰূপ (সহ-সম্পাদনা- ২০২৩)
- Folkloric Elements in Rajanikanta Bordoloi's Literary Works, N R Publications, Guwahati, Ist Edition,2024
সম্পাদনা
- সোণালী সোঁৱৰণ, স্মৃতিগ্ৰন্থ সোণালী জয়ন্তী, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০০০ (সহ-সম্পাদনা)
- পদুমাই, স্মৃতিগ্ৰন্থ, ত্ৰিশতবৰ্ষ উৎসৱ, ননৰা বৰবকুলতল বুঢ়া গোঁসাই থান, ২০০৪
- অনুৰণন, স্মৃতিগ্ৰন্থ, প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ২০১৯
- স্মৃতিলেখা, শৰত চন্দ্ৰ সোঁৱৰণী গ্ৰন্থ, বাপুতীৰ্থ, ২০২০
- বাপুস্মৃতি, বাপুৰাম কলিতা ৪৬ সংখ্যক মৃত্যু দিৱস সোঁৱৰণী গ্ৰন্থ, বাপুতীৰ্থ, ২০২৩
Research Bulletin
- Research Bulletin, Pub Kamrup College (Co-edited), 2003-2004.
তথ্যসূত্ৰ
- ↑ এৰা বাটৰ লেছেৰি, উমেশ চন্দ্ৰ ডেকা, প্ৰতিশ্ৰুতি প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৬
- ↑ এৰা বাটৰ লেছেৰি, উমেশ চন্দ্ৰ ডেকা, প্ৰতিশ্ৰুতি প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৬
- ↑ এৰা বাটৰ লেছেৰি, উমেশ চন্দ্ৰ ডেকা, প্ৰতিশ্ৰুতি প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৬
- ↑ Deka, Umesh Chandra. A study of folklore and folklife in Rajanikanta Bordolois literary works. Gauhati University. The Shodhganga@INFLIBNET Centre
- ↑ এৰা বাটৰ লেছেৰি, প্ৰথম প্ৰকাশ, ২০১৬
- ↑ এৰা বাটৰ লেছেৰি, উমেশ চন্দ্ৰ ডেকা, প্ৰতিশ্ৰুতি প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমেশ চন্দ্ৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৬১১৩৬১ (৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।