উল্লেখযোগ্য ঘটনাৱলী
- ১৮১৫ - ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে।
- ১৯৫৫ - ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰত ৰত্ন সন্মান ঘোষণা কৰা হয়।
- ১৯৬৫ - মানৱহীন মহাকাশযান মেৰিণাৰ—৪ য়ে মঙ্গলগ্ৰহৰ ১২,০০০ কিঃমিঃ কাষেৰে ভ্ৰমণ কৰিছিল।
- ১৯৭৫ - আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল-ছয়ুজে বিস্ময়কৰ, অভুতপূৰ্ব সাফল্য লাভ কৰে।
- ১৯৭৫ - ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ— ১৯ যানখন উৎক্ষেপণ কৰা হয়।
- ১৯৭৯ - মোৰাৰজী দেশাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
- ১৯৯৭ - পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
- ২০০১ - পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয়।
- ২০০৬ - বিশ্বৰ চ'ছিয়েল নেটৱৰ্কিং খণ্ডত টুইটাৰ যোগ হয়।
- ২০১০ - ভাৰতীয় টকাৰ প্ৰতীক (₹) ভাৰত চৰকাৰে প্ৰকাশ কৰে।
জন্ম
- ১৬০৬ - ৰে'ম্ব্ৰেণ্ট, ডাচ্চ চিত্ৰকৰ আৰু নক্সাকাৰ।
- ১৬১১ - মহাৰজা জয় সিংহ প্ৰথম, মোগলৰ সেনাপতি (মিৰ্জা ৰজা) আৰু অম্বৰৰ (জয়পুৰ) ৰজা আছিল।
- ১৭৮৩ - ছাৰ জামছেটজী জিজিভয়, মহান ভাৰতীয় বণিক, উদ্য়োগপতি আৰু সমাজসেৱক, বোম্বাইত (মুম্বাই) জন্মগ্ৰহণ কৰিছিল।
- ১৯০৩ - কুমাৰ স্বামী কামৰাজ নাদাৰ, ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি।
- ১৯০৯ - দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
- ১৯৩৩ - এম টি বাসুদেৱন নায়াৰ, ভাৰতীয় সাহিত্যিক।
- ১৯৮৬ - চৰদাৰা সিং, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।
মৃত্যু
- ১৯১৯ - হেৰমন ইমিল ফিচাৰ, নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ। হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৭৭ - ৰাধাগোবিন্দ বৰুৱা, 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা, 'দৈনিক অসম' আৰু সাপ্তাহিক 'অসম বাণী' প্ৰতিষ্ঠাতা, এগৰাকী ক্ৰীড়া সংগঠক।
- ২০০৪ - বানু জাহাংগীৰ কয়াজী, ভাৰতীয় চিকিৎসক।
- ২০১৯ - পূৰবী বৰমুদৈ, অসমীয়া ঔপন্যাসিক।
দিৱস
- বিশ্ব যুৱ দক্ষতা দিৱস।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ জুলাই” প্ৰবন্ধৰ সংশোধন ৩৭১৬৬৫ (১৪ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।