নেপোলিয়ন বোনাপাৰ্ট (Napoléon Bonaparte), (জন্ম:১৫ আগষ্ট, ১৭৬৯; এজাক্সিউ, কৰচিকা, মৃত্যু:৫ মে’, ১৮২১; ছেইণ্ট হেলেনা) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। তেওঁ নেপোলিয়ন ১ নামেৰে ১১ নৱেম্বৰ, ১৭৯৯ৰ পৰা ৬ এপ্ৰিল ১৮১৪ পৰ্যন্ত ফ্ৰান্সৰ সম্ৰাট আছিল আৰু পুনৰায় ১৮১৫ চনৰ ২০ মাৰ্চৰ পৰা ২২ জুন পৰ্যন্ত অলপ সময়ৰ বাবে ফ্ৰান্সৰ সম্ৰাট আছিল। পৰৱৰ্তী সময়ত তেওঁ ইটালীৰ দেশৰ ৰজা হৈছিল।
তেখেতৰ নেতৃত্বত ফৰাচী সেনাবাহিনী এক দশকৰো অধিক সময় সকলো ইউৰোপীয় শক্তিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হয় আৰু তেওঁ ইউৰোপৰ অধিকাংশ অঞ্চল নিজ আয়ত্তলৈ আনে। ১৮১২ চনত সংগঠিত বিপৰ্যয়কাৰী ৰাছিয়া আগ্ৰাসন একটি যুগঃসন্ধিক্ষণ হিচাপে বিবেচিত হয়। ৰাছিয়া আগ্ৰাসন আৰু ১৮১৩ চনত লিপজিগৰ পৰাজয়ৰ পাছত ষষ্ঠ কোয়ালিচনে ফ্ৰান্সত আগ্ৰাসন চলায় আৰু ইয়াৰ ফলস্বৰূপে নেপোলিয়ন ১৮১৪ৰ এপ্ৰিলত পশ্চাৎপসাৰণ কৰিবলৈ বাধ্য হয়। কিছুদিন পাছত নেপোলিয়নে এটা অভিযান চলায় যিটো হাণ্ড্ৰেড ডেচ নামে পৰিচিত। কিন্তু নেপোলিয়ন ১৮১৫ চনৰ ১৮ জুন ৱাটাৰ্লু যুদ্ধত পৰাজিত হয়। নেপোলিয়নে তেখেতৰ জীৱনৰ বাকী ৬ বছৰ ব্ৰিটিচসকলৰ তত্ত্বাবধানত আটলাণ্টিক মহাসাগৰৰ দ্বীপ ছেইণ্ট হেলেনাত কটায়। তেখেতক ইতিহাসৰ সবাতোকৈ চৰ্চিত ৰাজনীতিজ্ঞ আৰু সেনাধ্যক্ষসকলৰ মাজত উল্লেখযোগ্য হিচাপে বিবেচনা কৰা হয়১।
বাহ্যিক সংযোগ
- The Napoleonic Guide
- Napoleon Series
- International Napoleonic Society
- Biography by the US Public Broadcasting Service
- The last years in St. Helena Illustrated chronology of Napoleon's captivity in St. Helena.
- Inside Longwood Descriptions of Longwood House, St. Helena, and other places in the island, as well as articles about Napoleon's captivity.
- Booknotes interview with Alan Schom on Napoleon Bonaparte, 26 October 1997.
- Vol. 1/4
- Vol. 3/4
তথ্যসূত্ৰ
- ↑ Charles Messenger, ed. (2001). Reader's Guide to Military History. Routledge. পৃ. 391–427. ISBN 9781135959708
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপোলিয়ন বোনাপাৰ্ট” প্ৰবন্ধৰ সংশোধন ৫৬৬৭০৪ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।