প্ৰাণ কুমাৰ শৰ্মা (Pran Kumar Sharma),(১৫ আগষ্ট, ১৯৩৮- ৬ আগষ্ট, ২০১৪), 'প্ৰাণ' ৰূপে প্ৰসিদ্ধ, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিক চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ১২ ইয়াৰ উপৰিও তেওঁ শ্ৰীমতীজী, পিংকী, বিল্লু, ৰমণ আদি কমিক চৰিত্ৰৰ সৃষ্টি কৰিছে। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।৩
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
প্ৰাণ কুমাৰ শৰ্মাৰ জন্ম হয় ইংৰাজ ঔপনিবেশিক ভাৰতৰ কাশুৰ (Kasur) নামৰ এটা অঞ্চলত৪। পৰৱৰ্ত্তী কালত তেওঁ গুৱালিয়ৰৰ পৰা স্নাতক আৰু দিল্লীৰ ইভিনিং কেম্প মহাবিদ্যালয় (evening Camp College)ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২
কৰ্মজীৱন
প্ৰাণ কুমাৰ শৰ্মাই ১৯৬০ৰ দশকত দিল্লীৰ পৰা প্ৰকাশিত 'মিলাপ' (Milap) নামৰ এখন কাকতত 'ডাবু' (Daabu) নামৰ কমিক চৰিত্ৰৰে কাৰ্টুনিষ্ট ৰূপে আত্মপ্ৰকাশ কৰে।৫ ১৯৬৯ চনত প্ৰাণে হিন্দী আলোচনী 'লটপট' (Lotpot) ত কমিক চৰিত্ৰ 'চাচা চৌধুৰী'ৰ আৰম্ভ কৰে আৰু ইয়াৰ দ্বাৰাই কাৰ্টুনিষ্ট ৰূপে প্ৰসিদ্ধি লাভ কৰে।৩ পৰৱৰ্ত্তীকালত তেওঁ শ্ৰীমতীজী, পিংকী, বিল্লু, ৰমণ আদি কমিক চৰিত্ৰৰ সৃষ্টি কৰে॥ প্ৰাণ তেওঁৰ পুত্ৰ নিখিলৰ দ্বাৰা পৰিচালিত প্ৰাণছ মেডিয়া ইনষ্টিউট (Pran's Media Institute) ত কাৰ্টুনিঙৰ শিক্ষাও প্ৰদান কৰিছিল। ১২
মৃত্যু
কৰ্কট ৰোগত কিছুকাল ধৰি আক্ৰান্ত হৈ থাকি ২০১৪ চনৰ ৬ আগষ্টৰ দিনা প্ৰাণে মৃত্যুবৰণ কৰে। ৬৭
বঁটা আৰু সন্মান
- ভাৰতত কমিকছক জনপ্ৰিয় কৰি তোলাৰ বাবে আগবঢ়োৱা অৱদানক স্বীকৃতি দি লিমকা বুক অব ৰেকৰ্ডছত ১৯৯৫ ৰ উল্লেখযোগ্য ব্যক্তি (People of the year 1995) সন্মান ৪
- 'ইণ্ডিয়ান ইনষ্টিউট অব কাৰ্টুনিষ্ট' (Indian Institute of Cartoonists) ৰ ২০০১ চনৰ জীৱনযোৰা কৃতিত্ব (Lifetime Achievement Award 2001) সন্মান৮
- 'The World Encyclopedia of Comics' ৰ ভাৰতবৰ্ষৰ ৱাল্ট ডিজনী ("ৱাল্ট ডিজনী of India") সন্মান প্ৰদান ৯
বাহ্যিক সংযোগ
- Official website
- Pran profile at Indian Institute of Cartoonists
তথ্যসূত্ৰ
- ↑ Ruchika Talwar. (9 June 2008). The Adventures of Pran. Indian Express
- ↑ (November 9, 2010). Laughter lines. Hindustan Times
- ↑ (August 6, 2014). Cartoonist Pran, the creator of Chacha Chaudhury, dies at 75. India Today
- ↑ Pran profile Indian Institute of Cartoonists
- ↑ Arnie Cooper. (5 January 2010). Hindu Gods' Avatars On the Page. The Wall Street Journal
- ↑ (6 August 2014). Cartoonist pran kumar sharma dies:. Aaj Tak
- ↑ (August 6, 2014). Pran, the man who immortalised Chacha Chaudhary, passes away. Zee News
- ↑ Jacob, Bindu. (8 July 2001). Chacha Choudhary all set for the small screen. দ্য হিন্দু
- ↑ Horn, Maurice. The World Encyclopedia of Comics
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাণ কুমাৰ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫১১২৫৮ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।