অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১২ জুলাই

১৮২৩ - ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজ ডায়েনাই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। ১৯৭৯ - গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে। ১৯৮০ - SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।

হালনাগাদ: ২২ জানুৱাৰী ২০২৪ ২৮২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮২৩ - ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজ ডায়েনাই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। ১
  • ১৯৭৯ - গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৮০ - SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
  • ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী বল্লভভাই পেটেলক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান দিয়া হয়।
  • ২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
  • ২০০৪ - অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
  • ২০০৫ - সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
  • ২০১৫ - ছানিয়া মিৰ্জাই মাৰ্টিনা হিংগিছৰ সৈতে মহিলাৰ দ্বৈত শাখাৰ ৱিম্বিলডন খিতাপ দখল কৰি ৱিম্বিলডন বিজয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। ২

জন্ম

  • ১০১ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰ, ৰোমান সেনানায়ক।
  • ১৮৫৪ - জৰ্জ ইষ্টমেন, ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক। তেখেতৰ আমেৰিকাত জন্ম হৈছিল।
  • ১৮৬৩ - এলৰ্বাট কামেটে, যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক। তেখেতে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
  • ১৯০১ - মুখতাৰ বেগম, পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী।
  • ১৯০৪ - নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট' (পাবলো নেৰুদা), ১৯৭১ চনৰ সাহিত্যৰ ন'বেল বিজয়ী, চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা।
  • ১৯৫৪ - সুলক্ষণা পণ্ডিত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ১৯৫৬ - গ্ৰেগ লিয়নাৰ্ড চেমেনজা, আমেৰিকান চিকিৎসক।
  • ১৯৭৭ - ব্ৰ'ক লেছনাৰ, ইউ এফ চি (ইংঃ UFC) আৰু ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) পেছাদাৰী মল্লযুজাৰু। ৩
  • ১৯৮২ - অচন্ত শৰৎ কমল, ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ।
  • ১৯৯১ - জেমছ ৰ'ড্ৰিগুয়েজ, কলম্বিয়াৰ ফুটবল খেলুৱৈ।
  • ১৯৯৭ - মালালা ইউছুফজাই, পাকিস্তানৰ মহিলা শিক্ষাৰ সমাজকৰ্মী আৰু আটাইতকৈ কম বয়সীয়া শান্তিৰ ন'বেল বঁটা বিজয়াী (২০১৪)।

মৃত্যু

দিৱস

  • স্বাধীনতা দিৱস (কিৰিবাটি)।

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ (জুলাই ১২, ২০২৩). Yesterdate: This day from Kolkata’s past, July 12, 1823 On this day Diana, first steamer ship built in India, was launched in Kolkata
  2. ↑ (জুন ২৮, ২০২৩). Sania Mirza and Wimbledon: Where it all started for the tennis ace
  3. ↑ Brock Lesnar. Sherdog

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ জুলাই” প্ৰবন্ধৰ সংশোধন ৪০৩২৫৩ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।