অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৰুণাভিৰাম বৰুৱা

কৰুণাভিৰাম বৰুৱাৰ (২ জুন ১৮৭৪ - ১২ জুলাই ১৮৯৩) জন্ম হৈছিল নগাঁৱত। গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ বৰপুত্ৰ আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী আছিল স্বৰ্ণলতা বৰুৱা আৰু কণিষ্ঠ ভ্ৰাতৃ আছিল জ্ঞানদাভিৰাম বৰুৱা।

হালনাগাদ: ২১ জুন ২০২৪ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কৰুণাভিৰাম বৰুৱাৰ (২ জুন ১৮৭৪ - ১২ জুলাই ১৮৯৩) জন্ম হৈছিল নগাঁৱত। গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ বৰপুত্ৰ আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী আছিল স্বৰ্ণলতা বৰুৱা আৰু কণিষ্ঠ ভ্ৰাতৃ আছিল জ্ঞানদাভিৰাম বৰুৱা।

সাহিত্যিক জীৱন

১৮৮৫ চনত আসাম বন্ধু আলোচনীৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত ধাৰাবাহিক ভাৱে তেওঁৰ 'প্ৰমীলা ' নামৰ উপন্যাস এখন প্ৰকাশ পাইছিল। সেই শাওন আৰু ভাদ মাহৰ দুটা সংখ্যাত 'ঘোৰ নিশা'১ আৰু 'ঘৰতে বন্দী'২ নামৰ অধ্যায় দুটা প্ৰকাশ পাই উপন্যাসখন বন্ধ হৈ গৈছিল। তেওঁ এইখনক 'সামাজিক নৱন্যাস' বুলিছে আৰু তাৎপৰ্যপূৰ্ণ ভাৱে অসমীয়া সাহিত্যত ' উপন্যাস ' শব্দটো প্ৰমীলা ৰ প্ৰসংগতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।৩

তেওঁ ল'ৰাবন্ধু নামে ১৮৮৮ চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ল'ৰাবন্ধু অসমৰ প্ৰথম শিশু আলোচনী।৪

তথ্যসূত্ৰ

  1. ↑ শইকীয়া, ড° নগেন. (১৯৮৪). আসাম বন্ধু (সংকলন). অসম প্ৰকাশন পৰিষদ. পৃ. ২৪৪
  2. ↑ শইকীয়া, ড° নগেন. (১৯৮৪). আসাম বন্ধু (সংকলন). অসম প্ৰকাশন পৰিষদ. পৃ. ২৫৬
  3. ↑ হাজৰিকা, পৰীক্ষিত (২০০০). "অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব." নগেন ঠাকুৰ (সম্পা.), এশ বছৰৰ অসমীয়া উপন্যাস, পৃ. ২৮
  4. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰুণাভিৰাম বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪২৩৭৭২ (২১ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।