হ'ৰমন হৈছে যিকোনো সংকেতবাহী অনু, যি বহুকোষী জীৱৰ গ্ৰন্থিত উৎপাদন হয় আৰু জীৱটোৰ শৰীৰতত্ত্ব আৰু আচৰণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট লক্ষ্য অংগলৈ সংবহন তন্ত্ৰৰ জৰিয়তে পৰিবাহিত হয়। হ'ৰমনৰ ৰাসায়নিক গঠন ভিন্ন প্ৰকাৰৰ হ'ব পাৰে, প্ৰধান তিনিটা ভাগ হৈছে: এক'ছান'ইড, ষ্টেৰ'ইড, আৰু এমাইন' এচিডৰ যৌগসমূহ (এমাইন, পেপ্টাইড, আৰু মাংসসাৰসমূহ)। হ'ৰমন নিঃসৰণ কৰা গ্ৰন্থিসমূহ লগ লাগি অন্তঃস্ৰাৱী সংকেত তন্ত্ৰ গঠিত হয়। হ'ৰমন শব্দটোৱে কেতিয়াবা কোনো কোষত উৎপাদিত তথা সেই একেটা কোষক (স্বয়ংস্ৰাৱী বা ইণ্ট্ৰাক্ৰাইণ ছিগনেলিং) বা নিকটবৰ্তী কোষক (পেৰাক্ৰাইণ ছিগনেলিং) প্ৰভাৱিত কৰা ৰসায়নকো বুজায়।
হ'ৰমনে শৰীৰতাত্বিক নিয়ন্ত্ৰণ আৰু আচৰণজনিত কাৰ্যসমূহ, যেনে পাচন, পৰিপাক, শ্বসন, কলাৰ কাৰ্য, সংবেদন গ্ৰহণ, টোপনি, ৰেচন, ঘমা, চিন্তা, বৃদ্ধি আৰু বিকাশ, সঞ্চালন, প্ৰজনন, আৰু মানসতা আদি, কৰিবলৈ অংগ আৰু কলাৰ মাজত সমন্বয় সাধন কৰে।১২
তথ্যসূত্ৰ
- ↑ Neave N. (2008). Hormones and behaviour: a psychological approach. Cambridge Univ. Press. ISBN 978-0521692014
- ↑ Hormones. MedlinePlus. U.S. National Library of Medicine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰম'ন” প্ৰবন্ধৰ সংশোধন ৬৩১৯০৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।