১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ বা ১৯৮৪ শিখ গণহত্যা বুলিলে১২৩৪৫ শিখ দেহৰক্ষীৰ দ্বাৰা হোৱা ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধ পূৰবালৈ ভাৰতীয় শিখসকলৰ বিৰুদ্ধে চলোৱা শিখ বিৰোধী উন্মত্ত জনতা, মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলে চলোৱা এলানি কাৰ্যসূচীকে বুজায়। সেই কাণ্ডত সমগ্ৰ ভাৰতবৰ্ষত ২৮০০জন লোকৰ ম়ত্যু হৈছিল; কেৱল দিল্লীতে মৃত্যু হৈছিল ২১০০ জনৰ।৩ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৰ মতে এই হিংসাত্মক ঘটনা দিল্লী পুলিচ আৰু কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত সংঘটিত হৈছিল।৬ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত পুত্ৰ ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ স্থলাভিষিক্ত কৰা হৈছিল আৰু এই সংঘৰ্ষৰ প্ৰসংগত তেওঁৰ মন্তব্য আছিল, “যেতিয়া এডাল ডাঙৰ গছ বাগৰি পৰে, তেতিয়া চৌপাশৰ মাটি কঁপিবই”।৭
পৃষ্ঠভূমি
১৯৭৩ চনত আনন্দপুৰ চাহিব প্ৰস্তাৱৰ যোগে পঞ্জাব আৰু শিখসকলৰ বাবে বিশেষ মৰ্যাদা বিচৰা হয়। ১৯৭০ দশকৰ শেষৰ ফালে আৰু ১৯৮০ দশকৰ আৰম্ভণিৰ ফালে প্ৰাদেশিক আৰু ধৰ্মীয় ৰাজনীতিৰ বাবে পঞ্জাবৰ আইন-শৃঙ্খলা পৰিস্থিতিৰ অৱনতি ঘটিছিল আৰু ফলস্বৰূপে ১৯৮৩ত প্ৰাদেশিক চৰকাৰখনক বৰ্খাস্ত কৰা হৈছিল।৮৯
শিখসকৰ এটা অংশই জাৰ্ণাইল সিং ভিন্দ্ৰনৱালেৰ নেতৃত্বত উগ্ৰবাদী কাৰ্যকলাপত লিপ্ত হৈছিল; কিছুমান শিখ উগ্ৰবাদী গোটে এখন পৃথক দেশ "খালীস্তান" বিচাৰি ভাৰত চৰকাৰৰ বিৰুদ্ধে উগ্ৰবাদী কাৰ্যকলাপ চলাই গৈছিল। কিছুমানে আকৌ আনন্দপুৰ চাহিব প্ৰস্তাৱৰ আধাৰত ভাৰতৰ ভিতৰতে এখন স্বায়ত্ত্বশাসিত প্ৰদেশ বিচাৰিছিল। বৃহৎ সংখ্যক শিখ জনতাই কিন্তু উগ্ৰবাদী কাৰ্যকলাপৰ বিৰোধিতা কৰিছিল।১০
১৯৮৩ লৈ পঞ্জাবৰ পৰিস্থিতি হিংসা-সন্ত্ৰাসত জৰ্জড়িত হৈ পৰিছিল। সেই বছৰৰ অক্টোবৰত কেইজনমান শিখ উগ্ৰপন্থীয়ে এখন বাচ ৰখাই ৬জন হিন্দু যাত্ৰীক গুলিয়াই হত্যা কৰে। একেদিনাই উগ্ৰপন্থীয়ে ৰেলত ২জন কৰ্মচাৰীকো হত্যা কৰে।১১ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পঞ্জাবৰ প্ৰাদেশিক চৰকাৰক বৰ্খাস্ত কৰি ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰে। অপাৰেচন ব্লুষ্টাৰ আৰম্ভ হোৱাৰ পাঁচমাহ আগৰ সময়খিনিত, ১ জানুৱাৰী ১৯৮৪ ৰ পৰা ৩ জুন ১৯৮৪ লৈ পঞ্জাবৰ চৌপাশে বিভিন্ন হিংসাত্মক ঘটনাত ২৯৮জন মানুহ হত্যাৰ বলি হয়। অপাৰেচন আৰম্ভ হোৱাৰ পাঁচদিন আগৰ সময়খিনিত ৪৮ জনক হত্যা কৰা হয়।১১ ১৯৮৪ চনৰ জুনৰ আগভাগত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে অমৃতসৰৰ হৰমন্দিৰ চাহিবৰ (স্বৰ্ণমন্দিৰ) চৌহদৰ পৰা উগ্ৰপন্থী জাৰ্ণাইল সিং ভিন্দ্ৰনৱালে আৰু তেওঁৰ সশস্ত্ৰ অনুগামীহঁতক অপসাৰণ কৰাৰ উদ্দেশ্যে অপাৰেচন চলাবলৈ ভাৰতীয় সেনাবাহিনীক আদেশ দিয়ে।১২১৩ ভিন্দ্ৰনৱালেই ১৯৮০ ৰ এপ্ৰিলৰ পৰাই হৰমন্দিৰ চাহিবত বাস কৰি আছিল আৰু ইয়াক তেওঁ মুখ্য কাৰ্যালয় ৰূপে ব্যৱহাৰ কৰিছিল। বিশাল পৰিসৰত সশস্ত্ৰ কাৰ্যকলাপ চলাবলৈ গুৰুদ্বাৰাৰ ভিতৰত অস্ত্ৰভাণ্ডাৰ গঢ়ি তোলাৰ অপৰাধত ভিন্দ্ৰনৱালেক দোষী কৰা হৈছিল।১৪
হিংসাৰ প্ৰকৃতি
৩১ অক্টোবৰ ১৯৮৪ ত দুজন শিখ দেহৰক্ষীৰ দ্বাৰা ইন্দিৰা গান্ধীৰ হত্যা হোৱাৰ পিছদিনাৰ পৰাই দিল্লী আৰু ভাৰতৰ ৪০ খনতকৈয়ো অধিক নগৰত শিখ বিৰোধী সংঘৰ্ষ আৰম্ভ হয়।৩ চুলতানপুৰী, মঙ্গলপুৰী, ত্ৰিলোকপুৰী আৰু অন্য ট্ৰেঞ্চ যমুনা অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্থ হয়। উন্মত্ত জনতাই লোহাৰ ৰড, ছুৰি, লাঠি, জ্বলনশীল পদাৰ্থ, যেনে কেৰাচিন, পেট্ৰ’ল আদি কঢ়িয়াই আনিছিল।
অধিক জানিবলৈ পঢ়ক
- Singh, Parvinder. (May 2009). 1984 Sikhs’ Kristallnacht. Ensaaf
- Rao, Amiya; Ghose, Aurobindo; Pancholi, N. D. (1985). Truth about Delhi violence: report to the nation. Citizens for Democracy
- Kaur, Jaskaran; Crossette, Barbara. (2006). Twenty years of impunity: the November 1984 pogroms of Sikhs in India. Ensaaf. ISBN 978-0-9787073-0-9
- Cynthia Keppley Mahmood. Fighting for Faith and Nation: Dialogues With Sikh Militants. University of Pennsylvania Press, ISBN 978-0-8122-1592-2.
- Cynthia Keppley Mahmood. A Sea Of Orange: Writings on the Sikhs and India. Xlibris Corporation, ISBN 978-1-4010-2857-2
- Ram Narayan Kumar et al. Reduced to Ashes: The Insurgency and Human Rights in Punjab. South Asia Forum for Human Rights, 2003. Report
- Joyce Pettigrew. The Sikhs of the Punjab: Unheard Voices of State and Guerrilla Violence. Zed Books Ltd., 1995.
- Anurag Singh. Giani Kirpal Singh’s Eye-Witness Account of Operation Bluestar. 1999.
- Patwant Singh. The Sikhs. New York: Knopf, 2000.
- Harnik Deol. Religion and Nationalism in India: The Case of the Punjab. London: Routledge, 2000
- Mark Tully. Amritsar: Mrs Gandhi's Last Battle. ISBN 978-0-224-02328-3.
- Ranbir Singh Sandhu. Struggle for Justice: Speeches and Conversations of Sant Jarnail Singh Bhindranwale. Ohio: SERF, 1999.
- Iqbal Singh. Punjab Under Siege: A Critical Analysis. New York: Allen, McMillan and Enderson, 1986.
- Paul Brass. Language, Religion and Politics in North India. Cambridge: Cambridge University Press, 1974.
- PUCL report "Who Are The Guilty.'' Link to report.
- Manoj Mitta & H.S. Phoolka. When a Tree Shook Delhi (Roli Books, 2007), ISBN 978-81-7436-598-9.
- Jarnail Singh, 'I Accuse...' (Penguin Books India, 2009), ISBN 978-0-670-08394-7
- Jyoti Grewal, 'Betrayed by the state: the anti-Sikh pogrom of 1984' (Penguin Books India, 2007), ISBN 978-0-14-306303-2
বাহ্যিক সংযোগ
- 1984 Anti-Sikh Riots Homepage at Times of India
- 1984 Anti-Sikh Riots: The Causes and The Repercussions
- 1984 riots case records, Government of Delhi
- Misra Commission Report
- Ahooja Committee Report
- witness84.com, Commission – Sikri Report
- Who Are The Guilty?
- In pictures: Massacre of the Sikhs
- Punjab Chief Minister, Prakash Singh Badal, faces anger of Sikhs in USA
- Evidence of Indian Government's involvement in the massacres of Sikh civilians in the aftermath of Indira Gandhi's assassination
- onlinesivasagar.com/literature/mamoni-raisom-gos novel "Tej Aru Dhulire Dhusarita Prishtha"
তথ্যসূত্ৰ
- ↑ State pogroms glossed over . The Times of India. 31 December 2005
- ↑ Anti-Sikh riots a pogrom: Khushwant. Rediff.com
- ↑ Bedi, Rahul. (1 November 2009). Indira Gandhi's death remembered. BBC
- ↑ Nugus, Phillip. (Spring 2007). The Assassinations of Indira & Rajiv Gandhi. BBC Active
- ↑ (22 April 2015). California assembly describes 1984 riots as 'genocide'. Times of India
- ↑ (23 April 2012). 1984 anti-Sikh riots backed by Govt, police: CBI. IBN Live
- ↑ (18 November 2008). 1984 anti-Sikh riots 'wrong', says Rahul Gandhi. Hindustan Times
- ↑ Anandpur Sahib Resolution. Shiromani Akali Dal
- ↑ (3 February 2009). Badal refuses to speak on Anandpur Sahib resolution. The Indian Express
- ↑ J. C. Aggarwal; S. P. Agrawal. (1992). Modern History of Punjab. Concept Publishing Company. পৃ. 117. ISBN 978-81-7022-431-0
- ↑ Robert L. Hardgrave; Stanley A. Kochanek. (2008). India: Government and Politics in a Developing Nation. Cengage Learning. ISBN 978-0-495-00749-4
- ↑ (6 June 1984). Operation BlueStar, 20 Years On. Rediff.com
- ↑ (February 2014). Allegations of UK involvement in the Indian operation at Sri Harmandir Sahib, Amritsar 1984. Cabinet Office
- ↑ Operation Bluestar, 5 June 1984
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৭০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।