অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিন্দুস্থান সমাচাৰ

হিন্দুঃস্থান সমাচাৰ (ইংৰাজী: Hindusthan Samachar) হৈছে ভাৰতৰ প্ৰথমটো বহুভাষিক সংবাদ সংস্থা। ২০০ তকৈও অধিক বাতৰি কাকত আৰু দূৰদৰ্শন আদিকে ধৰি প্ৰায় সকলোবোৰ সংবাদ চেনেলে এই সংস্থাৰ সেৱা গ্ৰহণ কৰিছে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

হিন্দুঃস্থান সমাচাৰ (ইংৰাজী ভাষা: Hindusthan Samachar) হৈছে ভাৰতৰ প্ৰথমটো বহুভাষিক সংবাদ সংস্থা। ২০০ তকৈও অধিক বাতৰি কাকত আৰু দূৰদৰ্শন আদিকে ধৰি প্ৰায় সকলোবোৰ সংবাদ চেনেলে এই সংস্থাৰ সেৱা গ্ৰহণ কৰিছে।

ইতিহাস

১৯৪৮ চনত এছ. এছ. আপ্তেই হিন্দুঃস্থান সমাচাৰ প্ৰতিষ্ঠা কৰিছিল।১২ আৰম্ভণিতে এই সংস্থাই ১৫টা ভাষাত নিজৰ সেৱা আগবঢ়াইছিল; সেই ভাষাকেইটা আছিল: বঙালী ভাষা, ওড়িয়া ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), তেলুগু ভাষা, মালয়ালম ভাষা, উৰ্দু ভাষা, পঞ্জাবী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, মাৰাঠী ভাষা, সংস্কৃত ভাষা আৰু তামিল ভাষা। ১৯৫১ চনত বিহাৰ চৰকাৰে হিন্দুঃস্থান সমাচাৰৰ গ্ৰাহকভুক্তি (subscription) লয় আৰু ইয়াৰ পিছতে ভাৰতৰ বহুকেইখন ৰাজ্যই এই সেৱা গ্ৰহণ কৰে। এসময়ত অল ইণ্ডিয়া ৰেডিঅ' (আকাশবাণী) আৰু ৰেডিঅ’ নেপালও ইয়াৰ গ্ৰাহক আছিল। ১৯৫৬ চনত ইয়াক এটা সমবায় সমিতি (cooperative society) হিচাপে পঞ্জীয়ন কৰা হয়।৩

১৯৭৫ চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ এবছৰ পাছত, সংবাদ মাধ্যমৰ একচেটিয়া আধিপত্য স্থাপনৰ উদ্দেশ্যে হিন্দুঃস্থান সমাচাৰক প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ইউনাইটেড নিউজ অৱ ইণ্ডিয়া আৰু সমাচাৰ ভাৰতীৰ সৈতে একত্ৰিত কৰি সমাচাৰ নামৰ এটা বৃহৎ মাধ্যম গঠন কৰা হৈছিল।

পৰৱৰ্তী সময়ত ১৯৯৯ চনৰ পিছত শ্ৰীকান্ত যোশীয়ে হিন্দুঃস্থান সমাচাৰক পুনৰ মুকলি কৰে।৩

বৰ্তমান

বৰ্তমান সমগ্ৰ দেশজুৰি হিন্দুঃস্থান সমাচাৰৰ ২২টা নিউজ ব্যুৰো আৰু ৬০০ গৰাকী সংবাদ দাতা (correspondents) আছে। বৰ্তমান ই ১২টা ভাষাত নিজৰ সংবাদ সেৱা আগবঢ়াই আছে।৩

তথ্যসূত্ৰ

  1. ↑ Founders of VHP. Vishwa Hindu Parishad (UK)
  2. ↑ About Us. Hindustan Samachar
  3. ↑ (2023-02-27). What is Hindusthan Samachar, the RSS-linked newswire service that will provide content to Doordarshan and AIR?. The Indian Express

সম্পৰ্কিত শ্ৰেণী

গণমাধ্যমৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দুস্থান সমাচাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৩৫ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।