গণমাধ্যম
১২ প্ৰবন্ধ
-
আকাশবাণী
আকাশবাণী (All India Radio; आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰসাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত, প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত।
-
দূৰদৰ্শন
দূৰদৰ্শন বা টিভি (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যাৰ জৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই ক'লা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হ'ব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।
-
অনাতাঁৰ প্ৰযুক্তি
অনাতাঁৰ বা ৰেডিঅ হৈছে অনাতাঁৰ তৰঙ্গ ব্যৱহাৰ কৰি সংকেত প্ৰেৰণ-গ্ৰহণ কৰা আৰু যোগাযোগ কৰাৰ এক শক্তিশালী মাধ্যম। অনাতাঁৰ যন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়।
-
গৃহলক্ষ্মী (আলোচনী)
গৃহলক্ষ্মী হ'ল মাতৃভূমি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত এখন পষেকীয়া ভাৰতীয় আলোচনী। ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে আই আৰ এছ জৰীপ ২০১৩ অনুসৰি প্ৰচলনৰ ভিত্তিত ই ভাৰতৰ পঞ্চম বৃহত্তম আঞ্চলিক আলোচনী, ইয়াৰ গড় যোগ্যতাসম্পন্ন বিক্ৰী ৮২৬,০০০ কপি।
-
আফছান আঞ্জুম
আফছান আঞ্জুম (হিন্দী: अफ़शां अंजुम) এজন ভাৰতীয় টেলিভিছন সাংবাদিক আৰু এংকৰ। তেওঁ এন ডি টি ভি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। আঞ্জুম আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাসমূহৰ কভাৰেজৰ বাবে বিখ্যাত, আৰু এনডিটিভি ইণ্ডিয়াত দৈনিক ক্ৰীড়া অনুষ্ঠান খেল ইণ্ডিয়া আৰু গুগলী আয়োজন কৰে৷ তেওঁ…
-
ইৰানৰ গণমাধ্যম
ইৰাণৰ গণমাধ্যম (Mass media in Iran) ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা মালিকানাধীন যদিও সকলো চেনেল চেঞ্চৰশ্বিপৰ অধীনত। ২০১৬ চনত ইৰাণৰ ১৭৮খন বাতৰি কাকত, ৮৩খন আলোচনী, ১৫,০০০খন তথ্য ছাইট আৰু ২০ লাখ ব্লগ আছিল।
-
কাঁচা বাদাম (গীত)
বাদাম বাদাম দাদা কাঁচা বাদাম হ'ল সামাজিক মাধ্যমযোগে আলোড়ন সৃষ্টি কৰা এটি গীত। গীতটি ভুৱন বাদ্যকৰ নামৰ হকাৰ এজনৰ যোগেদি ভাইৰেল হৈছিল। গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰথমে বাদামৱালা ভুৱন বাদ্যকৰে এই গীতটি ৰচনা কৰিছিল।
-
কৰ্মা নিউজ
দ্য কৰ্মা নিউজ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডিজিটেল সংবাদ প'ৰ্টেল। এই প'ৰ্টেলটো ২০১৪ চনত ভিন্স মেথিউৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। কেৰালাৰ উপৰি তামিলনাডু আৰু কৰ্ণাটকতো ইয়াৰ ব্যুৰ' আছে। এই প'ৰ্টেলটো ভাৰতীয় কোম্পানী আইন ২০১৩-ৰ অধীনত পঞ্জীয়ন হোৱা দ্য কৰ্মা মিডিয়া প্ৰাইভেট লিমিটেডৰ অধীনত চলি আছে।
-
জাগৰণ প্ৰকাশন
জাগৰণ প্ৰকাশন লিমিটেড হৈছে এটা ভাৰতীয় সংবাদপত্ৰ প্ৰকাশক আৰু গণমাধ্যম উদ্যোগ, যি বম্বে ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জত তালিকাভুক্ত। এই কোম্পানীয়ে সংবাদপত্ৰ, সাময়িকী, জাৰ্নেল আদি মুদ্ৰণ আৰু প্ৰকাশন কৰে।
-
প্ৰাচীৰ পত্ৰিকা
প্ৰাচীৰ পত্ৰিকা হ'ল বিজ্ঞপ্তি ফলকত প্ৰকাশিত এক বিশেষ ধৰণৰ সাময়িকপত্ৰ; বিশেষকৈ কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সমূহীয়া প্ৰচেষ্টাৰে দায়িত্বৰ ভাগ বতৰা কৰি নিজৰ প্ৰবন্ধ, কবিতা, অঙ্কন তথা অন্যান্য ৰচনা প্ৰকাশ কৰে।
-
ভাৰতত ৰেডিঅ'
ভাৰতত ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ হয় ১৯২২ চনত। ১৯৩৬ চনৰ পৰা চৰকাৰী মালিকানাধীন ৰেডিঅ' ষ্টেচন অল ইণ্ডিয়া ৰেডিঅ' সম্প্ৰচাৰত আধিপত্য বিস্তাৰ কৰিছিল যদিও ব্যক্তিগতকৰণ আৰু নিয়ন্ত্ৰণমুক্তকৰণৰ জৰিয়তে ব্যৱসায়িক ব্যক্তিগত মালিকানাধীন টক আৰু মিউজিক ষ্টেচনসমূহক বৃহৎ দৰ্শকৰ মাজলৈ যাবলৈ অনুমতি দিছে।
-
হিন্দুস্থান সমাচাৰ
হিন্দুঃস্থান সমাচাৰ (ইংৰাজী: Hindusthan Samachar) হৈছে ভাৰতৰ প্ৰথমটো বহুভাষিক সংবাদ সংস্থা। ২০০ তকৈও অধিক বাতৰি কাকত আৰু দূৰদৰ্শন আদিকে ধৰি প্ৰায় সকলোবোৰ সংবাদ চেনেলে এই সংস্থাৰ সেৱা গ্ৰহণ কৰিছে।