অসমীয়া চিকিৎসক
৮ প্ৰবন্ধ
-
নোমল মমিন
নোমল মমিন(জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭২) অসমৰ কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক তথা চিকিৎসক। বৰ্তমান তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষ। পেছাত চিকিৎসক ডাঃ নোমল মমিন ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ভৃংগেশ্বৰ শৰ্মা
ভৃংগেশ্বৰ শৰ্মা ( Bhringeswar Sarma) এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।
-
সৰ্বেশ্বৰ চহৰীয়া
সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল। অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে।
-
ননী চন্দ্ৰ বৰদলৈ
ননী চন্দ্ৰ বৰদলৈ (Nani Chandra Bordoloi)অসমৰ এগৰাকী চিকিৎসক তথা মনোৰগ বিশেষজ্ঞ। ১৯৬৩ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। মনোৰোগ চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা লাভ কৰি ভাৰতৰ এই সন্মান লাভ কৰা প্ৰথমজন মনোৰোগ বিশেষজ্ঞ হিচাপে পৰিগণিত হয়।সেই সময়ৰ…
-
নেকিবুজ জামান
নেকিবুজ জামান (Nekibuz Zaman) অসমৰ এগৰাকী শল্য চিকিৎসক। তেখেতক ১৯৮৩ চনত চিকিৎসা সেৱাৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
নোমল চন্দ্ৰ বৰা
নোমল চন্দ্ৰ বৰা অসমৰ এজন প্ৰতিষ্ঠিত উদ্যমী আৰু স্নায়ৰোগ বিশেষজ্ঞ। তেওঁ GNRC Hospitalsৰ প্ৰতিষ্ঠাতা।GNRC Hospitals উত্তৰ পূব ভাৰতৰ প্ৰথমখন তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ চিকিৎসালয়।
-
মুক্তি প্ৰসাদ গগৈ
মুক্তি প্ৰসাদ গগৈ (Mukti Prasad Gogoi)অসমৰ এগৰাকী চিকিৎসক আৰু লেখক। ১৯৮৪ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
সুৰজিৎ গিৰি
সুৰজিৎ গিৰি (Surajit Giri; ৪ জুলাই ১৯৭৭) অসমৰ ডিমৌ আদৰ্শ চিকিৎসালয় ও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক(সংজ্ঞাহাৰক বিশেষজ্ঞ) আৰু এজন ভাৰতীয় সক্ৰিয়কৰ্মী (activist)। তদুপৰি তেওঁ সৰ্প দংশনৰ এজন সক্ৰিয় সামাজিক কৰ্মকৰ্তা।