অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুবিণ্‌ফা

ছাওলুং চু'-বিন-ফা (𑜋𑜈𑜫; 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇า.Tsāolung Sérbinphâ) আহোম ৰাজ্যৰ তৃতীয়জন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত চাওলুং চুতেওফাৰ বৰ পুতেক আছিল। তেখেত ১২৮১ চনত ৰাজপাটত বহে। চুবিনফাই ৰাজ্যৰ প্ৰজাক বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ অধীনলৈ দুটা ভাগত নি ৰাজ্যৰ শাসন-কাৰ্য অধিক কাৰ্য্যক্ষম আৰু সুচল কৰে।

হালনাগাদ: ২৩ মে’ ২০২৬ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ছাওলুং চু'-বিন-ফা (𑜋𑜈𑜫; 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇า.Tsāolung Sérbinphâ) আহোম ৰাজ্যৰ তৃতীয়জন চাওফা (চাওফা) আছিল। তেখেত চাওলুং চুতেওফাৰ বৰ পুতেক আছিল। তেখেত ১২৮১ চনত ৰাজপাটত বহে।

চুবিনফাই ৰাজ্যৰ প্ৰজাক বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ অধীনলৈ দুটা ভাগত নি ৰাজ্যৰ শাসন-কাৰ্য অধিক কাৰ্য্যক্ষম আৰু সুচল কৰে। চুবিনফাই ত্যাওকাংবণ্ডুকা নাম মিচিং সম্প্ৰদায়ৰ ব্যক্তি এজনৰ কন্যা হিঙ্গুলীক বিয়া কৰাই আৰু বৰকুঁৱৰীৰ মৰ্য্যদা দিয়ে।

এইজনা স্বৰ্গদেউৰ দিনতেই সাতঘৰীয়া আহোমৰ সৃষ্টি হয়।

চুবিনফাৰ দিনত থাওৰুৰু বুঢ়াগোঁহাই আৰু চাওপাংবণ্ডুক বৰগোঁহাই আছিল।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুবিণ্‌ফা” প্ৰবন্ধৰ সংশোধন ৬০৮০৩৯ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।