১৯৭৪ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
সন্তান
সন্তান (Santaan) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত প্ৰভাত শৰ্মাৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
পৰিণাম
পৰিণাম ( Parinam ) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। বিজয় ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল প্ৰবীণ বৰা।
-
বৃষ্টি (চলচ্চিত্ৰ)
বৃষ্টি (Bristi) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে।
-
অংকুৰ (চলচ্চিত্ৰ)
অংকুৰ (Ankur) ১৯৭৪ চনত মুক্তি পোৱা এখন ভাৰতীয় ৰঙীন ছবি। এইখন আছিল শ্যাম বেনেগাল পৰিচালিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি আৰু এই ছবিখনৰ যোগেদি অভিনেতা অনন্ত নাগ আৰু শ্বাবানা আজমীৰ আত্মপ্ৰকাশ ঘটিছিল। মুম্বাইত উচ্চ শিক্ষা লোৱাৰ পিছত অনন্ত নাগক শ্যাম বেনেগালে অংকুৰত চিনাকি কৰাই দিছিল।
-
আভাল অৰু থোদৰ কথাই
আভাল অৰু থোদৰ কথাই (Aval Oru Thodar Kathai; অনুবাদː তেওঁ এক অন্তহীন কাহিনী) ১৯৭৪ চনত কে. বালাচন্দৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় তামিল ভাষাৰ নাটকীয় বোলছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সুজাথাই, প্ৰথমখন তামিল ছবিত আছিল তেওঁৰ প্ৰথম অভিনয়। কমল হাছান, বিজয়কুমাৰ, জয় গণেশ, এম. জি.
-
উপাসানে
উপাসানে ১৯৭৪ চনৰ এখন কানাড়ী সংগীতপ্ৰধান নাট্যধৰ্মী ছবি, যাৰ পৰিচালক পুত্তন্না কানাগালে। ৰাশি ভাতৃদ্বয়ে প্ৰযোজনা কৰা এই ছবিখন, দেৱকী মূৰ্তি ৰচিত একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত।